হুছনা বাঈ অথবা হুছনা জান (ইংৰাজী: Husna Bai) ঊনবিংশ শতিকাৰ শেষভাগৰ আৰু কুৰি শতিকাৰ প্ৰথমভাগৰ বাৰাণসীৰ এগৰাকী তৱাইফ আৰু থুমৰি গায়িকা আছিল। তেওঁক উত্তৰ প্ৰদেশত খয়াল, থুমৰি আৰু তপ্পা গায়কীৰ বিশেষজ্ঞ হিচাপে প্ৰখ্যাত আছিল।[1] কুৰি শতিকাৰ প্ৰথম দশকৰ আৰম্ভণিতে তেওঁ দেশপ্ৰেমমূলক গান গাই তথা আন কণ্ঠশিল্পীকো অনুসৰণ কৰিবলৈ অনুপ্ৰেৰণা দি গানৰ পৰম্পৰাত বৈপ্লৱিক পৰিবৰ্তন সাধন কৰাৰ আৰু পুনৰ সজ্ঞায়িত কৰাৰ কৃতিত্ব তেওঁক দিয়া হয়। তেওঁক ঠাকুৰ প্ৰসাদ মিশ্ৰ, আৰু বিখ্যাত সাৰংগীবাদক পণ্ডিত শম্ভু মহাৰাজে প্ৰশিক্ষণ দিছিল| বাৰাণসীৰ কিংবদন্তি চোটে ৰামদাস জীৰ পৰা তেওঁ তপ্পা গায়কীৰ পাৰদৰ্শিতা অৰ্জন কৰিছিল।
বাঈ ভৰতেন্দু হৰিশ্চন্দ্ৰৰ সমসাময়িক আছিল আৰু তেওঁৰ সৈতে সম্পৰ্ক ৰাখিছিল। কাব্যিক অভিব্যক্তিৰ ওপৰত তেওঁৰ পৰামৰ্শ আৰু মতামত লৈছিল। তেওঁৰ থুমৰি আৰু থুমৰিৰ অন্যান্য উপধাৰাবোৰ মধু তৰংগ নামেৰে প্ৰকাশিত হৈছিল। ভৰতেন্দুৱে তেওঁৰ দ্বাৰা কবি জয়দেৱৰ গীত গোবিন্দ গাবলৈ প্ৰেৰণা দিছিল। তেওঁক থুমৰি আৰু তপ্পাৰ বিশেষজ্ঞ বিদ্যাবাৰী আৰু বড়ী মতিবাঈৰ সৈতে একে শাৰীতে ৰখা হয়। হুছনা বাঈ ধ্ৰুপদী সংগীতৰ এনে এক উচ্চতাত উপনীত হৈছিল, যাৰবাবে সন্মানেৰে তেওঁক 'চৰকাৰ' বুলি উল্লেখ কৰা হৈছিল।
অসহযোগ আন্দোলনৰ সময়ত (১৯২০-২২) যেতিয়া মহাত্মা গান্ধীয়ে কাশী আৰু নৈনিতাল ভ্ৰমণ কৰিছিল, বায়ে এনে এটা আন্দোলনৰ জন্ম দিছিল, যাৰ দ্বাৰা তৱাইফসকলে ভজন আৰু দেশপ্ৰেমমূলক গীত গাই জীৱিকা অৰ্জন কৰাৰ অনুপ্ৰেৰণা পাইছিল। এই মহিলা শিল্পীসকলৰ মৰ্যদা বঢ়োৱাৰ লক্ষ্যও তেওঁৰ আছিল, যাৰ কৰ্মৰাজিক সাধাৰণতে যৌনকৰ্মৰ সমপৰ্যায়ৰ বুলি প্ৰায়ে গণ্য কৰা হৈছিল। এই শিল্পীসকলৰ বহুতে আকৌ গান্ধীৰ চৰ্খা আন্দোলনতো অংশগ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় আন্দোলনত যোগদান আৰু তৱাইফসকলৰ জীৱনৰ সংস্কাৰ সাধন- এই দুটা উদ্দেশ্য আগত ৰাখি তৱাইফ সভা গঠন কৰিছিল। সভাৰ উদ্বোধনী অনুষ্ঠানত বাঈৰ সভাপতিৰ অভিভাষণ বৰবধু বিবেচনত উপলব্ধ।তাত তেওঁ এটা দেশপ্ৰেমমূলক কবিতা এটা আবৃতি কৰিছিল।
বাইয়ে সহকৰ্মী তৱাইফসকলক জোৱান অফ আৰ্ক আৰু চিতোৰগড়ৰ মহিলাসকলৰ জীৱনৰ পৰা শিকিবলৈ, সোণৰ অলংকাৰৰ সলনি লোৰ শিকলি পিন্ধিবলৈ আৰু সন্মানহীন জীৱনৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ জনাইছিল। যিহেতু তৱাইফে তেওঁলোকৰ বৃত্তি সম্পূৰ্ণৰূপে সলনি কৰিব নোৱাৰে, বায়ে তেওঁলোকক জাতীয়তাবাদী বা দেশপ্ৰেমমূলক ৰচনাৰ গাবলৈ পৰামৰ্শ দিছিল। তেওঁ তৱাইফসকলক বাৰাণসীৰ আন এগৰাকী বিখ্যাত তৱাইফ গায়িক বিদ্যাধৰী বাঈৰ পৰা এই গীতবোৰ সংগ্ৰহ কৰিবলৈ পৰামৰ্শ দিছিল। বায়ে ইয়াক তৱাইফসকলৰ বাবে সামাজিক মৰ্যাদা আৰু মৰ্যাদা প্ৰাপ্ত কৰাৰ দিশত এক পদক্ষেপ হিচাপে প্ৰত্যক্ষ কৰিছিল। তেওঁ অন্য তৱাইফসকলৰ সৈতে বিদেশী সামগ্ৰী বৰ্জনত অংশগ্ৰহণ কৰিছিল আৰু স্বদেশী আন্দোলনত অংশ গ্ৰহণ কৰিছিল।