হুঞ্জা উপত্যকা | |
---|---|
হুঞ্জাৰ ওপৰেদি ৭৭৮৮ মি দৈঘ্যৰ ৰাকাপোকচি পৰ্বতৰ টাৱাৰ | |
নাম | |
স্থানীয় নাম | ہنزو |
ভূগোল | |
দেশ | পাকিস্তান |
ৰাজ্য | গিলগিট-বাল্টিস্তান |
জিলা | হুঞ্জা জিলা |
ভৌগোলিক স্থানাঙ্ক | 36°19′01″N 74°39′00″E / 36.316942°N 74.649900°E [1] |
হুঞ্জা (ইংৰাজী: Hunza Valley) পাকিস্তানৰ গিলগিট-বাল্টিস্তান অঞ্চলৰ এটা পাহাৰীয়া উপত্যকা। পাকিস্তানৰ চৰম উত্তৰ অংশত অৱস্থিত হুঞ্জা আফগানিস্তানৰ ৱাখান কৰিডৰ আৰু চীনৰ জিনজিয়াং অঞ্চলৰ সীমাৰেখাত অৱস্থিত। [2]
হুঞ্জা উপত্যকা ২,৪৩৮ মিটাৰ (৭,৯৯৯ ফুট) উচ্চতাত অৱস্থিত। ভৌগোলিকভাৱে হুঞ্জা ৩টা অঞ্চলৰে গঠিত, উচ্চ হুঞ্জা (গজাল), মধ্য হুঞ্জা ( হুঞ্জা উপত্যকা ) আৰু নিম্ন হুঞ্জা ( শ্বিনাকি )।
হুঞ্জা উপত্যকাৰ আদিম ইতিহাস প্ৰাচীন ভাৰতীয় মহাকাব্য মহাভাৰতত পোৱা যায়। [3] প্ৰাচীন ভাৰতৰ মহাজনপদ যুগত এই অঞ্চলটো কেইবাখনো প্ৰাচীন ভাৰতীয় ৰাজ্যৰ অধীনলৈ আহে, মূলতঃ কপিছা, গান্ধাৰ ৰাজ্য আৰু সম্ভৱতঃ মগধ ৰাজ্যও ইয়াত অন্তৰ্ভুক্ত আছিল। সপ্তম শতিকাৰ শেষৰ ফালে হুঞ্জা উপত্যকালৈ বৌদ্ধ ধৰ্মৰ আগমন ঘটে।
কম পৰিমাণে বৌদ্ধ ধৰ্ম আৰু বন এই অঞ্চলৰ প্ৰধান ধৰ্ম আছিল। এই অঞ্চলত বৌদ্ধ ধৰ্মৰ প্ৰত্নতাত্ত্বিক স্থান যেনে চেক্ৰেড ৰক অৱ হুঞ্জাৰ দৰে কেইবাটাও ঐতিহাসিক গুৰুত্বৰ স্থান বৰ্তমানো জীয়াই আছে। ওচৰতে বৌদ্ধ আশ্ৰয়স্থলৰ পূৰ্বৰ স্থানসমূহ। মধ্য এছিয়াৰ পৰা উপমহাদেশলৈ যোৱা বাণিজ্যিক পথৰ কেন্দ্ৰবিন্দু আছিল হুঞ্জা উপত্যকা। ইয়াৰোপৰি উপমহাদেশখন ভ্ৰমণ কৰা বৌদ্ধ মিছনেৰী আৰু সন্ন্যাসীসকলক ইয়াত আশ্ৰয় দিছিল আৰু সমগ্ৰ এছিয়াত বৌদ্ধ ধৰ্মৰ প্ৰসাৰত এই অঞ্চলে মুখ্য ভূমিকা পালন কৰিছিল। [4] [5]
এই অঞ্চলৰ লোকসকলৰ কথিত স্থানীয় ভাষাসমূহৰ ভিতৰত বুৰুছাস্কি, ৱাখী আৰু শ্বিনা আদিয়ে প্ৰধান। হুঞ্জা উপত্যকাৰ সাক্ষৰতাৰ হাৰ ৯৫%তকৈ অধিক। সামূহিক বিদ্যালয় প্ৰতিষ্ঠান, আগা খান মিৰ আৰু উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয়ৰ প্ৰভাৱেই হুঞ্জা উপত্যকাৰ উচ্চ সাক্ষৰতাৰ কাৰক, বিশেষকৈ ছোৱালী শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ লোকসকলে গুৰুত্ব দিছে।[6] হুঞ্জা আৰু বৰ্তমানৰ উত্তৰ পাকিস্তানৰ ঐতিহাসিক অঞ্চলটোত শতিকাজুৰি গণ প্ৰব্ৰজন, সংঘাত আৰু জনজাতি আৰু জাতি-জনগোষ্ঠীৰ পুনৰ সংস্থাপন ঘটিছে, যাৰ ভিতৰত শ্বিনা জনগোষ্ঠী আঞ্চলিক ইতিহাসত আটাইতকৈ বিশিষ্ট অৱদান আছে। অঞ্চলটোৰ মানুহে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নিজৰ ঐতিহাসিক পৰম্পৰাক আগুৱাই নিছে। হুঞ্জা উপত্যকাত কিছুপৰিমাণে ৱাখী লোকো আছে। এইসকলে ঊনবিংশ শতিকাৰ পৰা উত্তৰ-পূব আফগানিস্তানৰ পৰা তালৈ প্ৰব্ৰজন কৰিছিল।[7] হুঞ্জাৰ বাসিন্দাসকলৰ অধিকাংশই ইছমাইলী ছিয়া সম্প্ৰদায়ৰ। তেওঁলোকৰ মতে চতুৰ্থ আগা খান তেওঁলোকৰ ধৰ্মীয় প্ৰতীক আৰু পূৰ্বপুৰুষ। হুঞ্জা উপত্যকাৰ জনসাধাৰণৰ সাক্ষৰতাৰ সফলতা আৰু সামগ্ৰিক মংগলৰ ক্ষেত্ৰতো তেওঁৰ অৱদানক উচ্চাশন দিয়া হয়।[8]
হুঞ্জাৰ লোকসকল দীৰ্ঘায়ু বুলি জনা যায়,[9] অৱশ্যে এয়া তেওঁলোকৰ জন্মৰ সঠিক সময়ৰ তথ্যৰ অভাৱৰ বাবে প্ৰচাৰিত দীৰ্ঘায়ুৰ এক মিথ বুলিও কোৱা হয়।[10] পাকিস্তানৰ দৰিদ্ৰ, বিচ্ছিন্ন অঞ্চলৰ গড় আয়ুতকৈ হুঞ্জাৰ আয়ুস যথেষ্ট বেছি বুলি কোনোধৰণৰ প্ৰমাণ পোৱা নাযায়। স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ এই দাবী প্ৰায়ে কেৱল স্থানীয় মিৰ (ৰজা)ৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল। বৰঞ্চ বুৰুশ্বো লোকৰ সৈতে উল্লেখযোগ্য আৰু স্থায়ী সংস্পৰ্শ থকা এজন লেখকজন ক্লাৰ্কে তেওঁলোকৰ সামগ্ৰিকভাৱে স্বাস্থ্যৰমান নিম্ন বুলিহে এক ৰিপ'ৰ্টত প্ৰকাশ কৰিছে।[11]
বহু গৱেষকে এই লোকসকলৰ স্বাস্থ্য সম্পৰ্কিত মিথকলৈ লোকসকলৰ সৈতে বাস কৰি চলোৱা গৱেষণাত ৰবাৰ্ট মেককেৰিছনে কেন্সাৰ, পেটৰ আলচাৰ বা এপেণ্ডিচাইটিছৰ দৰে ৰোগ থকা এজনো ব্যক্তিক আৱিষ্কাৰ কৰা নাছিল। গৱেষণাৰ পৰা দেখা গৈছে যে ভূ-প্ৰকৃতি আৰু ভূগোলৰ বাবে উচ্চ মাত্ৰাৰ ব্যায়ামে তেওঁলোকক সক্ৰিয় আৰু চিন্তামুক্ত কৰি ৰখাত সহায় কৰে, আৰু এই কাৰকেই তেওঁলোকৰ দীৰ্ঘায়ুৰ ক্ষেত্ৰত সহায় কৰে বুলি কোৱা হয়, লগতে এপ্ৰিকোটৰ গুটি আৰু তেল আৰু হিমবাহৰ পানী খনিজ পদাৰ্থ যুক্ত হোৱা বাবেও এই ক্ষেত্ৰত সহায়ক হয়।[12]