হুমায়ুন আজাদ | |
---|---|
![]() সহযোগী স্নাতক সহযোগীসকলৰ সৈতে হুমায়ুন আজাদ,৮ মাৰ্চ ১৯৭০, ডাক্কা বিশ্ববিদ্যালয়, পূব পাকিস্তান (বৰ্তমানৰ বাংলাদেশ) | |
জন্ম | হুমায়ুন কবীৰ ২৮ এপ্ৰিল, ১৯৪৭ মুঞ্চিগঞ্জ,বিক্ৰমপুৰ, বংগ প্ৰদেশ, ব্ৰিটিছশাসিত ভাৰত (বৰ্তমানৰ ঢাকা), বাংলাদেশ) |
মৃত্যু | ১২ আগষ্ট, ২০০৪ (৫৭ বছৰ) মিউনিখ, জাৰ্মানী |
সমাধিস্থল | মুঞ্জিগঞ্জ |
পেচা |
|
ভাষা | বঙালী, ইংৰাজী |
ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
শিক্ষা | ডক্তৰেট (ভাষাতত্ত্ব) |
মাতৃশিক্ষায়তন |
|
উল্লেখনীয় কৰ্মৰাজি |
|
উল্লেখযোগ্য বঁটা |
|
দাম্পত্যসংগী | লটিফা কহিনুৰ (বি. ১৯৭৫) |
হুমায়ুন আজাদ (ইংৰাজী: Humayun Azad, ২৮ এপ্ৰিল ১৯৪৭ – ১২ আগষ্ট ২০০৪) এজন বাংলাদেশী কবি, ঔপন্যাসিক, চুটিগল্প লেখক, সমালোচক, ভাষাবিদ, স্তম্ভলেখক আৰু ঢাকা বিশ্ববিদ্যালয়ৰ অধ্যাপক। ১৯৮৬ চনত বাংলা ভাষাবিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক বাংলা একাডেমী সাহিত্য বঁটাৰে সন্মানিত কৰা হয়।[1] বাংলা সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১২ চনত বাংলাদেশ চৰকাৰে তেওঁক মৰণোত্তৰভাৱে একুষে পদকেৰে সম্বৰ্ধনা জনায়।
১৯৪৭ চনৰ ২৮ এপ্ৰিলত বিক্ৰমপুৰৰ ৰৰহীখাল গাঁৱত হুমায়ুন কবীৰ নামেৰে আজাদৰ জন্ম হৈছিল৷ এইখন গাঁও বৰ্তমান মুঞ্চিগঞ্জ জিলাৰ শ্ৰীনগৰ মহকুমাৰ অন্তৰ্গত।[2] উল্লেখযোগ্য যে, বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৰ জন্ম একেখন গাঁৱতে হৈছিল।[3] ১৯৬২ চনত ছাৰ জগদীশ চন্দ্ৰ বসু ইনষ্টিটিউটৰ পৰা মাধ্যমিক পৰীক্ষা আৰু ১৯৬৪ চনত ঢাকা মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ হুমায়ুন আজাদে ১৯৬৭ আৰু ১৯৬৮ চনত ঢাকা বিশ্ববিদ্যালয়ৰ পৰা বাংলা ভাষা আৰু সাহিত্য বিষয়ত কলা শাখাৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৭৬ চনত এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ "বাংলা ভাষাত নামকৰণ" শীৰ্ষক গৱেষণাপত্ৰ দাখিল কৰি ভাষাবিজ্ঞানত ডক্তৰেট ডিগ্ৰী লাভ কৰে।[2][3][4] ১৯৮৮ চনৰ ২৮ ছেপ্টেম্বৰত নাৰায়ণগঞ্জ জিলাৰ দণ্ডাধীশে আজাদে নিজৰ উপাধি কবীৰৰ পৰা আজাদলৈ সলনি কৰে।
১৯৬৯ চনত চট্টগ্ৰাম কলেজত যোগদান কৰি আজাদে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে।[2]১৯৭৮ চনৰ ১ নৱেম্বৰত ঢাকা বিশ্ববিদ্যালয়ত বাংলা ভাষাৰ সহযোগী অধ্যাপক হিচাপে নিযুক্তি লাভ কৰি ১৯৮৬ চনত অধ্যাপক পদলৈ তেওঁ পদোন্নতি লাভ কৰে।
আজাদৰ প্ৰথম কবিতা সংকলন হৈছে ১৯৭৩ চনত প্ৰকাশিত অলৌকিক ইষ্টিমাৰ'৷[5] সেই বছৰতে তেওঁ এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা ভাষাবিজ্ঞানত পি এইচ ডি অধ্যয়নৰ বাবে স্কটলেণ্ডলৈ যায়।
১৯৯২ চনত আজাদে বাংলা ভাষাত নাৰী শীৰ্ষক প্ৰথমখন বিস্তৃত নাৰীবাদী গ্ৰন্থ প্ৰকাশ কৰে। নাৰীয়ে ইতিবাচক আৰু নেতিবাচক দুয়োটা সমালোচনা লাভ কৰিছিল৷ বাংলাদেশৰ স্বাধীনতাৰ পিছত ইয়াক প্ৰথম পূৰ্ণাংগ নাৰীবাদী গ্ৰন্থ হিচাপে গণ্য কৰা হৈছিল। ১৯৯৫ চনত বাংলাদেশ চৰকাৰে এই গ্ৰন্থখন নিষিদ্ধ কৰিছিল। অৱশেষত ২০০০ চনত দেশৰ উচ্চ ন্যায়ালয়ত আজাদে জয়ী হোৱা আইনী যুঁজৰ পিছত এই নিষেধাজ্ঞা উঠাই লোৱা হয়। ১৯৯৪ চনত তেওঁ প্ৰথমখন উপন্যাস প্ৰকাশ কৰে যাৰ শিৰোনাম আছিল ছপ্ন্নো হাজৰ বৰ্গমাইল ৷ উপন্যাসখন আছিল ১৯৮০ চনৰ দশকত বাংলাদেশত সামৰিক শাসনৰ বিষয়ে। বাংলাদেশী সমাজৰ আন্তঃব্যক্তিগত সম্পৰ্কৰ আধাৰত নিৰ্মিত দ্বিতীয়খন উপন্যাস সব কিচু ভনে পাৰে (১৯৯৫)ৰ বাবে তেওঁ বিশেষ স্বীকৃতি লাভ কৰে।
২০০৪ চনৰ ২৭ ফেব্ৰুৱাৰীত বাংলা একাডেমীৰ বাৰ্ষিক গ্ৰন্থমেলাৰ সময়ত ঢাকা বিশ্ববিদ্যালয়ৰ চৌহদৰ ওচৰত দুজন আক্ৰমণকাৰীয়ে আজাদৰ চোলা, ডিঙিৰ তলৰ অংশ আৰু হাতত কেইবাবাৰো আঘাত কৰে।[3]আজাদক ওচৰৰ ঢাকা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ যোৱা হয়। বাংলাদেশৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ নিৰ্দেশত আজাদক তৎক্ষণাত উন্নত চিকিৎসাৰ বাবে ঢাকাৰ সংযুক্ত সামৰিক চিকিৎসালয় (CMH) লৈ পঠিওৱা হয় আৰু পিছলৈ থাইলেণ্ডৰ বুমৰুংগ্ৰাড আন্তঃৰাষ্ট্ৰীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ ইয়াত তেওঁ সুস্থ হৈ উঠে।[3][6]
২০০৩ চনত তেওঁৰ উপন্যাস পাক ছাৰ জামিন ছাদ বাড (অৰ্থ: পাকিস্তানৰ জাতীয় সংগীত; পবিত্ৰ ভূমি ধন্য হওক)ৰ কিছু অংশ প্ৰথমবাৰৰ বাবে ২০০৩ চনত দ্য ডেইলী ইটেফাক বাতৰি কাকতৰ ঈদৰ পৰিপূৰকত প্ৰকাশ পোৱাৰ পৰাই আজাদে জীৱনাশংকাত ভুগিছিল।[3]সেই উপন্যাসখনত তেওঁ বাংলাদেশৰ ইছলামিক উগ্ৰপন্থীসকলৰ ৰাজনৈতিক মতাদৰ্শক অশ্লীলভাৱে সমালোচনা কৰিছিল। সেই কিতাপখন প্ৰকাশ পোৱাৰ পিছত ইছলামিক মৌলবাদীসকলৰ পৰা তেওঁ বিভিন্ন ভাবুকি লাভ কৰিবলৈ আৰম্ভ কৰে।[7]
আজাদৰ আক্ৰমণৰ এসপ্তাহ পূৰ্বে বাংলাদেশৰ সংসদৰ অন্যতম সদস্য ডেলৱাৰ হোছেইন ছায়েদীয়ে সংসদত কৈছিল যে আজাদৰ ৰাজনৈতিক ব্যংগ পাক ছাৰ জামিন সাদ বাদ নিষিদ্ধ কৰিব লাগিব৷ [3] ২০০৬ চনত মৌলবাদী সংগঠন জামাআতুল মুজাহিদিন বাংলাদেশৰ এজন নেতাই স্বীকাৰ কৰিছিল যে তেওঁৰ কৰ্মীসকলে লেখক আজাদৰ ওপৰত আক্ৰমণ কৰাৰ লগতে আন দুটা হত্যাকাণ্ড, বোমা বিস্ফোৰণ, ২০০২ চনত চিনেমা হলত আক্ৰমণ সংঘটিত কৰিছিল ৷[8]
২০০৪ চনৰ ১২ আগষ্টত জাৰ্মানীৰ মিউনিখত থকা নিজৰ এপাৰ্টমেণ্টত আজাদক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়, য'ত তেওঁ এসপ্তাহ আগতে ঊনবিংশ শতিকাৰ জাৰ্মান ৰোমাণ্টিক কবি হাইনৰিখ হাইনৰ বিষয়ে গৱেষণা কৰিবলৈ উপস্থিত হৈছিল৷ [9] ইছলামিকসকলে তেওঁৰ ওপৰত চলোৱা আক্ৰমণৰ কেইবামাহ পিছত অনুষ্ঠিত হোৱা এখন গ্ৰন্থমেলাত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।[10] তেওঁৰ পৰিয়ালে তদন্তৰ দাবী জনায়, অভিযোগ কৰে যে পূৰ্বে হত্যাৰ চেষ্টা কৰা উগ্ৰপন্থীসকলৰ এই মৃত্যুত ভূমিকা আছে।[11][12] জীয়াই থকাৰ সময়তে আজাদে মৃত্যুৰ পিছত নিজৰ মৃতদেহ চিকিৎসা মহাবিদ্যালয়লৈ দান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।[13] কিন্তু জাৰ্মানীৰ পৰা বাংলাদেশলৈ তেওঁৰ মৃতদেহ আহি পাওঁতে কেইবাদিনো লগাত চিকিৎসকে তেওঁৰ মৃতদেহ চিকিৎসা গৱেষণাৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল৷ সেইবাবে তেওঁক ৰাৰহীখালত সমাধিস্থ কৰা হয়।[14] ২০০৫ চনৰ ১২ আগষ্ট শুকুৰবাৰে ৰাৰহিখাল গাঁৱত আজাদৰ প্ৰথম মৃত্যু বাৰ্ষিকী শ্ৰদ্ধাৰে পালন কৰা হয়।
১৯৭৫ চনৰ ১২ অক্টোবৰত আজাদে লতিফা কোহিনুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ কোহিনুৰক তেওঁ ১৯৬৮ চনত ঢাকা বিশ্ববিদ্যালয়ত এম.এ. পঢ়ি থাকোঁতে লগ পাইছিল৷ তেওঁলোকৰ স্মিতা আৰু মৌলি নামৰ দুগৰাকী কন্যা আৰু অনন্য নামৰ এজন পুত্ৰ সন্তান জন্ম হয়।[15][3][16]