হুমায়ূন আহমেদ Humayun Ahmed | |
---|---|
![]() ২০১০ চনত হুমায়ূন | |
জন্ম | ১৩ নৱেম্বৰ, ১৯৪৮[1] নেট্ৰকনা, মৈমনসিং, পূৰ্ব বংগ, পাকিস্তান প্ৰদেশ (বৰ্তমান সময়ৰ নেট্ৰকনা জিলা]], মৈমনসিং সংমণ্ডল, বাংলাদেশ) |
মৃত্যু | ১৯ জুলাই, ২০১২ (৬৩ বছৰ) নিউ ইয়ৰ্ক চিটি, আমেৰিকা যুক্তৰাষ্ট্ৰ |
সমাধিস্থল | নুহাশ পল্লী, পিৰুজলী, গাজীপুৰ,বাংলাদেশ[2] |
পেচা | লেখক, ছবি পৰিচালক, নাট্যশিল্পী, শিক্ষাবিদ |
ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
মাতৃশিক্ষায়তন |
|
উল্লেখযোগ্য বঁটা |
|
দাম্পত্যসংগী |
|
সন্তান |
|
আত্মীয়-স্বজন |
|
স্বাক্ষৰ | ![]() |
হুমায়ুন আহমেদ ( ইংৰাজী: ɦumaiyun aɦmed)১৩ নৱেম্বৰ ১৯৪৮ – ১৯ জুলাই ২০১২)[4][5] আছিল এজন বাংলাদেশী ঔপন্যাসিক, নাট্যকাৰ, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, গীতিকাৰ, পণ্ডিত আৰু শিক্ষাবিদ।[6]তেওঁৰ প্ৰথম পৰিচিতি লাভ কৰিছিল ১৯৭২ চনত প্ৰকাশিত তেওঁৰ প্ৰথম উপন্যাস নন্দিত ন'ৰ'কেৰ জৰিয়তে।[7] তেওঁ দুশৰো অধিক কল্পকাহিনী আৰু অ-কাহিনীমূলক কিতাপ লিখিছে।[8][9]স্বাধীনতা-উত্তৰ বাংলাদেশৰ তেওঁ অন্যতম জনপ্ৰিয় লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা।[10]পাকিস্তানৰ ইংৰাজী ভাষাৰ কাকত ডনে তেওঁক বাংলাদেশৰ সাংস্কৃতিক কিংবদন্তি বুলি উল্লেখ কৰিছে। .[11]
১৯৪৮ চনৰ ১৩ নৱেম্বৰত নেট্ৰ'কোনা মহকুমাৰ কুতুবপুৰৰ মৌলৱী বাৰীত আহমেদৰ জন্ম হৈছিল; যি সেইসময়ত পাকিস্তানৰ অংশীভূত (বৰ্তমান বাংলাদেশ)ৰ পূব বংগৰ মাইমেনচিং জিলাৰ অন্তৰ্গত আছিল।[12][4][13]তেওঁৰ মাতৃ আয়েছা ফয়েজ (জন্ম খাতুন) (১৯৩০–২০১৪) এগৰাকী গৃহিণী আছিল।[14] তেওঁৰ পিতৃ ফয়জুৰ ৰহমান আহমেদ (১৯২১–১৯৭১) পিৰোজপুৰ জিলাৰ এজন মহকুমা আৰক্ষী বিষয়া আছিল আৰু ১৯৭১ চনত বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত তেওঁ নিহত হৈছিল।[15]তেওঁৰ দাদা আজিমুদ্দিন আহমেদ চুফী পীৰ জাহাংগীৰ মুন্সিৰ পুত্ৰ আছিল।[16] হুমায়ুনৰ ভাতৃ মহম্মদ জাফৰ ইকবাল এজন লেখক আৰু শিক্ষাবিদ। আন এজন ভাতৃ আহছান হাবিব এজন কাৰ্টুন শিল্পী। তেওঁৰ তিনিগৰাকী ভগ্নী আছিল – চুফিয়া হাইদৰ, মমতাজ শ্বাহিদ আৰু ৰুখছানা আহমেদ।[17]
শৈশৱ কালত হুমায়ুন আহমেদে চিলেট, কমিলা, চট্টগং, বগৰা, দিনাজপুৰত বাস কৰিছিল,য’ত তেওঁৰ পিতৃ চৰকাৰী কৰ্মত নিযুক্ত আছিল।[13]
১৯৭১ চনৰ বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়ত আহমেদে বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৈ থকাৰ সময়তে তেওঁৰ প্ৰথম উপন্যাস নণ্ডিতো ন'ৰ'কে (নন্দিত নৰক) লিখিছিল।[18][19] ১৯৭২ চনত লেখক আহমেদ চোফাৰ উদ্যোগত খান ব্ৰাদাৰছ পাব্লিচাৰ্ছৰ অধীনত তেওঁৰ এই উপন্যাসখন প্ৰকাশ পায়।[20][21] তেওঁৰ প্ৰথমখন উপন্যাসৰ পৰাই তেওঁৰ বিষয়বস্তুত মধ্যবিত্তীয় নগৰীয়া পৰিয়ালৰ আকাংক্ষা দৃষ্টিগোচৰ হৈছিল আৰু তেওঁলোকৰ জীৱনৰ মূল মুহূৰ্তসমূহ চিত্ৰণ কৰা হৈছিল।[22] তেওঁৰ দ্বিতীয়খন উপন্যাস আছিল শোণখনিল কাৰাগাৰ।[23]
আহমেদে কাল্পনিক ধাৰাবাহিক ৰচনা কৰিছিল যাৰ ভিতৰত হিমু (২১খন উপন্যাসৰ চৰিত্ৰ), মিছিৰ আলী (১৯খন উপন্যাস আৰু ১১টা চুটিগল্পৰ চৰিত্ৰ), শুভ্ৰ' (৬খন উপন্যাসৰ চৰিত্ৰ)।[23][24][25] আনহাতে পুনৰাবৃত্তি নোহোৱা চৰিত্ৰসমূহ হ'ল বেকাৰ ভাই, টুনি আৰু অন্যান্য। বাংলাদেশ মুক্তি যুদ্ধৰ আধাৰত তেওঁ কেইবাখনো উপন্যাস ৰচনা কৰিছিল। যেনে – অগুনেৰ পোৰশমনি, মাতল হাৱা, পাপ, ১৯৭১, জোচোনা অ’ জোনোনিৰ গলপো,[23]আৰু দেয়াল। ইয়াৰ উপৰি তেওঁ শ্ৰবন মেঘেৰ দীন, বডল ডাইনাৰ প্ৰথম ক'ডম ফুল, নোবোনি, কৃষ্ণোপক্ষো, আজ দুপুৰে তোমাৰ নিমন্ত্ৰণ, আৰু তুমি আমাই ডেকেচিলে ছুটিৰ নিমন্ত্ৰণ আদি বহুতো ৰোমাণ্টিক উপন্যাস ৰচনা কৰে।[23] তেওঁৰ উপন্যাস গৌৰীপুৰ জংচন নটা ভাষালৈ অনুবাদ কৰা হয়।[23]
আহমেদৰ আত্মজীৱনীসমূহ হৈছে: অমৰ চেলেবেলা, বলপইণ্ট, ফাউণ্টেইন পেন, হিজি-বিজি, হোটেল গ্ৰেভাৰ ইন, মে ফুল, কাথ পেঞ্চিল, লিলাবোতিৰ মৃত্যু, নিউয়ৰ্ক-এৰ নীল আকাশে ঝোকঝোকে ৰড আৰু ৰং পেঞ্চিল।
নব্বৈৰ দশকৰ আৰম্ভণিতে হুমায়ুন আহমেদ এজন চলচ্চিত্ৰ নিৰ্মাতা হিচাপে আত্মপ্ৰকাশ কৰে। তাৰ পিছত তেওঁ মুঠ আঠখন ছবি নিৰ্মাণ কৰিছিল। প্ৰতিখন ছবিয়েই নিৰ্মিত হৈছিল তেওঁৰ উপন্যাসৰ আধাৰত। তেওঁৰ কেইখনমান উল্লেখযোগ্য ছবি হ’ল- দাৰুচিনি ডিপ, অগুনেৰ পোৰশমনি, শ্ৰবন মেঘেৰ দীন, শোণখোনিল কাৰাগৰ, দুই দুৱাৰী, শ্যামোল ছায়া আৰু ঘেতুপুত্ৰ কোমোলা। নবৈৰ দশকত তেওঁ বাংলাদেশৰ অন্যতম প্ৰভাৱশালী নাট্যকাৰ হিচাপে পৰিগণিত হয়। তেওঁৰ ৰচনা যেনে: কোথাও কেউ নেই, আজ ৰবিবাৰ, বহুব্ৰিহীক এতিয়াও অনুৰাগী আৰু সমালোচকসকলে মাষ্টাৰপিছ বুলি গণ্য কৰে।[26] বহু বাংলাদেশী চলচ্চিত্ৰ নিৰ্মাতা এতিয়াও তেওঁৰ ৰচনাৰ দ্বাৰা অনুপ্ৰাণিত।[27]তেওঁৰ ছবি শ্যামল ছায়া আৰু ঘেতুপুত্ৰ কমোলাক ক্ৰমান্বয়ে বাংলাদেশৰ পৰা শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শিতানত ৭৮ সংখ্যক একাডেমী বঁটা আৰু ৮৫ সংখ্যক একাডেমী বঁটাৰ বাবে দাখিল কৰা হয়।[28][29]পিছলৈ তেওঁ নুহাশ চলচ্চিত্ৰ নামেৰে নিজাকৈ প্ৰডাকচন কোম্পানী স্থাপন কৰে।
বাংলাদেশৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ ঔপন্যাসিক হিচাপে বহুলভাৱে গণ্য কৰা হুমায়ূন আহমেদক আধুনিক বাংলা সাহিত্যৰ অন্যতম মূল শিলাস্তম্ভ হিচাপে গণ্য কৰা হয়।[30]সুনীল গংগোপাধ্যায়ে তেওঁক এশ বছৰৰ বাংলা ভাষাৰ আটাইতকৈ জনপ্ৰিয় লেখক বুলি অভিহিত কৰিছে। তেওঁৰ মতে (সুনিল) হুমায়ুন আহমেদ শৰৎ চন্দ্ৰ চট্টোপাধ্যায়তকৈও অধিক জনপ্ৰিয় আছিল।[31] ১৯৯০ আৰু ২০০০ চনৰ প্ৰতিটো বছৰতে একুশ্বে গ্ৰন্থমেলাত হুমায়ুন আহমেদৰ কিতাপসমূহে সৰ্বাধিক বিক্ৰেতা লাভ কৰিছে।[32]তেওঁৰ ঘেতুপুত্ৰ কোমোলা, অগুনেৰ পোৰশমনি, শোণখোনিল কাৰাগৰ, দাৰুচিনী দ্বীপ আৰু অনিল বাগচিৰ একদিন ৰ পৰিচালনা, চিত্ৰনাট্য আৰু কাহিনীৰ বাবে ৭ বাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। বাংলা সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৮১ চনত তেওঁক বাংলা একাডেমী সাহিত্য বঁটা আৰু ১৯৯৪ চনত একুশ্বে পদক দিয়া হয়।
আহমেদৰ ছিংগাপুৰৰ মাউণ্ট এলিজাবেথ হাস্পতালত তেওঁৰ অপেন হাৰ্ট অস্ত্ৰোপচাৰ কৰা হৈছিল।[33] কেইবছৰমানৰ পাছত নিয়মীয়া পৰীক্ষাৰ সময়ত চিকিৎসকে তেওঁৰ বৃহদান্ত্ৰত এটা কৰ্কট টিউমাৰ উদ্ধাৰ কৰে। ২০১১ চনৰ ১৪ ছেপ্টেম্বৰত তেওঁক চিকিৎসাৰ বাবে নিউয়ৰ্ক চহৰৰ মেম'ৰিয়েল স্ল'ন–কেটাৰিং কেন্সাৰ চেণ্টাৰলৈ বিমানেৰে লৈ যোৱা হয়।[33]তাত থকাৰ সময়ছোৱাত তেওঁ বাংলাদেশ মুক্তি যুদ্ধৰ পিছৰ শ্বেখ মুজিবুৰ ৰহমান আৰু জিয়াউৰ ৰহমানৰ জীৱনৰ আধাৰত ৰচিত উপন্যাস দেয়াল ৰচনা কৰে।[34] ২০১২ চনৰ জানুৱাৰী মাহত তেওঁক ৰাষ্ট্ৰসংঘত বাংলাদেশ মিছনৰ জ্যেষ্ঠ বিশেষ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হয়।[35]
২০১২ চনৰ ১২ মে'ত আহমেদ দুসপ্তাহৰ বাবে বাংলাদেশলৈ উভতি যায়।[36]২০১২ চনৰ ১৯ জুলাইত নিউয়ৰ্ক চহৰৰ বেলভিউ হাস্পতালত বাংলাদেশ মান সময় অনুসৰি নিশা ১১:২০ বজাত তেওঁৰ মৃত্যু হয়।[37]তেওঁৰ সমাধিস্থল নিৰ্বাচনক লৈ পৰিয়ালটোত কিছু উদ্বেগ-উৎকণ্ঠাৰ সৃষ্টি হৈছিল। শেষত সৎকাৰৰ বাবে নুহাছ পল্লীক নিৰ্বাচিত কৰা হয়।[2]
|title=
specified when using {{Cite web}}" (bn ভাষাত). Radio Amber. 13 November 2019. https://www.youtube.com/watch?v=hJs5kugl5l4&feature=youtu.be&t=3946। আহৰণ কৰা হৈছে: 5 November 2020.