সৃষ্টিৰ সময় | ২০১৪ |
---|---|
সৃষ্টিকৰ্তা | জুলিয়ান ভাৰ্লাগুৱেট, আল'ক মেন্ঘ্ৰাজানি, ড্ৰিউ পাৰ'স্কি, আৰু অন্যান্য[1] |
বিকাশক | ফেচবুক |
Typing discipline | ষ্টেটিক, ডাইনেমিক, ৱীক |
Influenced by | পিএইচপি, জাভা, চি চাৰ্প প্ৰগ্ৰামিং লেংগুৱেজ |
অপাৰেটিং চিষ্টেম | ক্ৰছ প্লেটফৰ্ম |
লাইচেঞ্চ | বিএচডি লাইচেঞ্চ[2] |
ৱেবছাইট | hacklang |
হেক ফেচবুকৰ হিপ-হপ ভাৰ্চুৱেল যন্ত্ৰৰ বাবে নিৰ্মিত পিএইচপিৰ এক উপভাষা। ভাষাটো বি-এচ-ডি লাইচেঞ্চৰ তলত খোলা উৎসৰ।[2][3][4]
হেকে ব্যৱহাৰকাৰীক প্ৰগতিশীল আৰু স্থায়ী, দুয়ো প্ৰকাৰৰ লিখনেই ব্যৱহাৰ কৰিবলৈ দিয়া। এনে ধৰণৰ লিখন পদ্ধতিক গ্ৰেজুৱেল টাইপিং বোলে আৰু এক্সনস্ক্ৰিপ্টৰ দৰে প্ৰগ্ৰামিং ভাষাটো ইয়াৰ ব্যৱহাৰ হৈছে।[5] হেকে ফাংচনৰ প্ৰকাৰ নিৰ্ণয় কৰি ফলাফল প্ৰদান কৰে।[3][6][7]
হেকক ২০ মাৰ্চ ২০১৪ত পৰিচিত কৰোৱা হৈছিল।[8] প্ৰগ্ৰামিং লেংগুৱেজটো ঘোষণা কৰাৰ আগতেই ফেচবুকে চাইটটোত কেইবাঠাইতো এই ভাষাৰ ব্যৱহাৰ আৰম্ভ কৰিছিল।
হেক আৰু পি-এইচ-পি বহু ক্ষেত্ৰত মিলে, যাক প্ৰায় মুক্ত উৎসত সাধাৰণ কাৰণত ব্যৱহাৰ কৰা হয়, বিশেষকৈ এইচ-টি-এম-এল ক'ডত এম্বেড কৰি। প্ৰায়বোৰ পি-এইচ-পি ক'ড হেকত চলে, কিন্তু কিছু কম ব্যৱহৃত স্ক্ৰিপ্ট নচলে।[9]
হেকে পি-এইচ-পি ৫ৰ টাইপ হিন্টিঙৰ সুবিধা আৰু বৃদ্ধি কৰিছে, ষ্টেটিক টাইপিঙৰ পৰিচয় কৰি আৰু তাৰ ব্যৱহাৰ বঢ়ায়ো। পিছে, ল'কেল ভেৰিয়েব্লছ বা 'স্থানীয় ভেৰিয়েব্ল (পৰিৱৰ্তনশীল)'ৰ প্ৰকাৰ নিৰ্ধাৈত কৰিব নোৱাৰি।[6][7] যিহেতু আৰম্ভণিত হেকে গ্ৰেজুৱেল টাইপিং প্ৰণালী ব্যৱহাৰ কৰে, টীকা অপৰিহাৰ্য ক্ষেত্ৰটো অনিবাৰ্য নহয়, হেকে প্ৰগ্ৰেমাৰজনক সম্পূৰ্ণৰূপে শুদ্ধ বুলি বিশ্বাস কৰি ক'ডটো স্বীকাৰ কৰে।[10] পিছে এটি ষ্ট্ৰিক্ট ম'ডো উপলব্ধ য'ত তেনে টীকাৰ দৰকাৰ, আৰু সম্পূৰ্ণ শুদ্ধ ক'ড হোৱা অনিবাৰ্য।[11]
হেকৰ ফাইল পি-এইচ-পিৰ দৰেই, পিছে, হেক ফাইল <?hhৰে আৰম্ভ হয় আৰু পি-এইচ-পি <?phpৰে:
<?hh
echo 'Hello World';
ফলাফল হ'ব:
Hello World
পি-এইচ-পি ক'ড আৰু এইচ-টি-এম-এল ক'ড একেলগে লিখিব পাৰি, কিন্তু হেকৰ ক্ষেত্ৰত তেনে নহয়।
হেকে ফাংচন আৰ্গিউমেন্ট (ভাষিকভাৱে ফলন যুক্তি)ৰ প্ৰকাৰ নিৰ্ণয় কৰি মূল্য উভতাই। উদাহৰণস্বৰূপে:
<?hh
// Hack functions are annotated with types.
function negate(bool $x): bool {
return !$x;
}