হেডিচ | |
---|---|
মৃত্যু, পাতালপুৰী আৰু ঐশ্বৰ্যৰ দেৱতা | |
![]() তিনিমূৰীয়া চাৰ্বেৰাচৰ সৈতে হেডিচ/চেৰাপিচ | |
নিবাস | পাতাল |
প্ৰতীক | কৰ্নোকপিয়া, চাইপ্ৰেচ, নাৰ্চিচাছ, ছাবি, সৰীসৃপ, পদিনা,শুকুলা পপলাৰ, কুকুৰ, ডালিম, ভেড়া, পোহনীয়া পশু, ফেঁচা, ঘোঁৰা, ৰথ |
সঙ্গী | পাৰ্চিফোনি |
পিতৃ-মাতৃ | ক্ৰ'নচ আৰু ৰিয়া |
সহোদৰ | প'জাইডন, ডিমিটাৰ, হেষ্টিয়া, হীৰা, জ্যুচ, চাইৰণ |
সন্তান | জেগ্ৰিয়াচ, মেকাৰিয়া, আৰু কোনো কোনো ক্ষেত্ৰত মেলিন', প্লুটাচ, আৰু ইৰিনিছসকল |
ৰোমান সমাৰ্থক | ডিচ পেটাৰ, অ'ৰকাছ, প্লুট' |
হেডিচ (/ˈheɪdiːz/; গ্ৰীক: ᾍδης Hádēs; Ἅιδης Háidēs) হৈছে গ্ৰীক কিংবদন্তিসমূহৰ মতে মৃত্যুৰ দেৱতা আৰু পাতালপুৰীৰ অধিপতি৷[1] তেওঁ ক্ৰ'নচ আৰু ৰিয়াৰ জ্যেষ্ঠ সন্তান আছিল। পিতৃ ক্ৰ'নচে জ্যুচৰ বাদে সকলো সন্তানকে উদৰস্থ কৰে যদিও পিছত জ্যুচৰ হস্তক্ষেপত ক্ৰ'নচৰ উদৰৰ পৰা হেডিচ সৰ্বশেষত নিৰ্গত হয়।[2] ভ্ৰাতৃ জ্যুচ আৰু প'জাইডনৰ সৈতে মিলি হেডিচে পিতৃ ক্ৰ'নচৰ প্ৰজন্মৰ দেৱতাসকল অৰ্থাৎ টাইটানসকলক পৰাভূত কৰি ব্ৰহ্মাণ্ডত নিজৰ আধিপত্য স্থাপন কৰে। হেডিচে পাতালপুৰীৰ অধিকাৰ লাভ কৰাৰ বিপৰীতে জ্যুচে নভোমণ্ডল আৰু প'জাইডনে সমুদ্ৰ লাভ কৰে আৰু গেইয়াৰ (ভূমিদেৱী) আবাসস্থল ভূমণ্ডলত সকলোৰে সমান অধিকাৰ ন্যস্ত হয়। হেডিচক প্ৰায়েই তেওঁৰ তিনিমূৰীয়া ৰখীয়া কুকুৰ চাৰ্বেৰাচৰ সৈতে উপস্থাপন কৰা হয়।
ইট্ৰাস্কান দেৱতা এইটা, ৰোমান দেৱতা ডিচ পিটাৰ আৰু অৰ'কাছক হেডিচৰ সমকক্ষ হিচাপে গণ্য কৰা হয়। পৰৱৰ্তী সময়ত ধ্ৰুপদী কিংবদন্তিসমূহত হেডিচ প্লুটো হিচাপেও পৰিচিত৷[3]
হেডিচৰ নামটোৰ উৎপত্তি সম্পৰ্কে কোনো নিশ্চিত তথ্য নাই যদিও ধ্ৰুপদী কালৰেপৰা এই নামৰ অৰ্থ "নেদেখাজন" হিচাপে গণ্য কৰা হয়। গ্ৰীক দাৰ্শনিক প্লেটোৰ ক্ৰেটিলাছ শীৰ্ষক এক ভাষণৰ বহুল অংশত হেডিচৰ নামৰ উৎপত্তি সম্পৰ্কে কোৱা হৈছে য'ত ছত্ৰেটিছে "নেদেখাজন"ৰ সলনি পৌৰাণিক গ্ৰীক ভাষাৰ "সকলো অভিজাত বস্তুৰ প্ৰতি তেওঁৰ জ্ঞান" বাক্যাংশৰ পৰা নামটো উদ্ভুত বুলি যুক্তি আগবঢ়াইছে। আধুনিক ভাষাবিজ্ঞানে "অদেখা" শব্দৰ প্ৰত্ন-গ্ৰীক ৰূপ "এৱিডিচ"ৰপৰা (Awides) হেডিচৰ উৎপত্তি হোৱা বুলি ক'ব খোজে।[4] ইয়াৰ প্ৰাচীনতম ৰূপ হৈছে Aḯdēs (Ἀΐδης)। কোনো কোনো পণ্ডিতে ইয়াৰ অৰ্থ মৃত্যুৰ সৰ্বজনীনতাৰ "সাক্ষাৎ প্ৰাপ্তিৰ গৰাকীজন" বুলি মত প্ৰকাশ কৰে। [5]
গ্ৰীক কিংবদন্তি অনুসৰি পাতালপুৰীৰ অধিপতি হেডিচ আছিল দুই টাইটান ক্ৰমে ক্ৰ'নচ আৰু ৰিয়াৰ প্ৰথম পুত্ৰ। হেষ্টিয়া, ডিমিটাৰ আৰু হীৰা এই তিনিওগৰাকী আছিল তেওঁৰ জ্যেষ্ঠ ভগ্নী। প'জাইডন আছিল তেওঁৰ ভ্ৰাতৃ। জন্মৰ লগে লগেই পিতৃ ক্ৰ'নচে তেওঁলোক আটাইকে উদৰস্থ কৰি থয়। জ্যুচ আছিল সবাতোকৈ কনিষ্ঠ। মাতৃ ৰিয়াৰ হস্তক্ষেপত তেওঁ পিতৃৰপৰা ৰক্ষা পৰে। পৈণত বয়স পোৱাৰ পিছত জ্যুচে ক্ৰ'নচক তেওঁৰ সহোদৰসকলক উদৰৰপৰা মুক্ত কৰিবলৈ বাধ্য কৰে। মুক্ত হৈয়েই এই ছয়োগৰাকী দেৱ-দেৱীয়ে মিত্ৰশক্তিক একত্ৰিত কৰি নিজৰ আধিপত্য প্ৰতিষ্ঠাৰ বাবে আগৰ প্ৰজন্মৰ দেৱতাসকলক ৰণহুংকাৰ দিয়ে। দেৱতাসকলৰ এই যুদ্ধ টাইটান'মেকি নামেৰে জনা যায় আৰু সুদীৰ্ঘ দহ বছৰ জুৰি চলা এই যুঁজত নৱপ্ৰজন্মৰ দেৱতাসকলৰ জয় হয়। ইলিয়াদৰ মতে, এই দুদ্ধৰ পিছত হেডিচ আৰু তেওঁৰ দুই ভ্ৰাতৃ প'জাইডন আৰু জ্যুচে পৃথিৱীখন শাসনৰ অৰ্থে ভগাই লয়।[6] জ্যুচে আকাশখন লাভ কৰাৰ বিপৰীতে প'জাইডনে সমুদ্ৰ আৰু হেডিচে পাতালপুৰী,[7] অৰ্থাৎ এক অদেখা সাম্ৰাজ্য লাভ কৰে যি ঠাইলৈ পাৰ্থিৱ শৰীৰ ত্যাগ কৰাৰ পিছত সকলো আত্মাই গতি কৰে। কোনো কোনো কিংবদন্তি অনুসৰি হেডিচ এই কথাত অসন্তুষ্ট হয় যদিও নতুন সাম্ৰাজ্যলৈ প্ৰস্থান কৰে।[8]
হেডিচে জ্যুচৰ আদেশত পাৰ্চিফোনিক হৰণ কৰি নিজৰ অৰ্ধাংগিনী তথা ৰাণী কৰি লয়। হেডিচৰ গুৰুত্বপূৰ্ণ ভূমিকা থকা এইটোৱেই আটাইতকৈ উল্লেখনীয় কাহিনী।[9]
আধুনিক কালত হেডিচক দুষ্ট চৰিত্ৰৰ দেৱতা হিচাপে উপস্থাপন কৰা হৈছে যদিও প্ৰকৃততে কিংবদন্তিসমূহত হেডিচক অধিক পৰোপকাৰী ৰূপত দেখা পোৱা যায়। ইয়াত দুষ্ট চৰিত্ৰৰ হোৱাৰ সলনি হেডিচৰ চৰিত্ৰটো নিৰ্বিকাৰ ৰূপত চিত্ৰিত কৰা হৈছে য'ত তেওঁ পাৰস্পৰিক ভাৰসাম্য বজাই ৰখাত ভূমিকা লৈছে। ইয়াৰোপৰি তেওঁক শীতল আৰু কঠোৰ হিচাপেও চিত্ৰায়িত কৰা হৈছে য'ত তেওঁৰ আইন সকলোৰে বাবে সমান।[10] গ্ৰীকসকলে হেডিচৰ দৃষ্টিৰপৰা আঁতৰি থাকিব বুলিয়েই তেওঁৰ ব্যক্তিত্বৰ কোনো স্বকীয় দিশৰ বিষয়ে উল্লেখ কৰাৰপৰা নিজকে বিৰত ৰাখিছিল।[11]
নিজৰ সহযোগীসকলৰ ওপৰত হেডিচৰ সম্পূৰ্ণ কৰ্তৃত্ব আছে আৰু তেওঁলোকৰ সহায়তেই হেডিচে মৃতকসকলক শাসন কৰে। হেডিচে পাতালপুৰী এৰি নাযায়েই বুলিব পাৰি যদিও তেওঁৰ আৱাসস্থলক "অতিথি"ৰে পৰিপূৰ্ণ আখ্যা দিয়া হয়।[12] ভূমণ্ডলত ঘটি থকা ঘটনাৰ প্ৰতি হেডিচে কোনো গুৰুত্ব প্ৰদান নকৰে। মৃতকসকলে যাতে পাতালপুৰী এৰি যাব নোৱাৰে তাৰ প্ৰতিহে তেওঁ প্ৰধানকৈ মনোযোগ দিয়ে
কোনোবাই পাতাল ৰাজ্য এৰি যাবলৈ চেষ্টা কৰিলে অথবা কোনোবাই এই ঠাইৰপৰা আত্মাসমূহ চোৰ কৰাৰ যত্ন কৰিলে হেডিচ অতিশয় ক্ৰোধান্বিত হয়। যিসকলে মৃত্যুক ফাঁকি দিয়াৰ চেষ্টা কৰে বা বা যিকোনো প্ৰকাৰে তেওঁক চেৰাই যায় তেওঁলোকৰ প্ৰতিও হেডিচৰ ক্ৰোধাগ্নি সমান ৰূপতেই দেখা যায়। উদাহৰণস্বৰূপে পাৰ্চিফোনিক পাতাললোকৰ পৰা হৰণ কৰি নিজৰ পত্নীৰূপে পাবলৈ যত্ন কৰা পিৰিথাছক হেডিচে শাস্তি হিচাপে বিস্মৃতিৰ আসনত বহিবলৈ বাধ্য কৰে। [11] গ্ৰীক দেৱতা এছ্ক্লেপিআছৰ বিষয়েও আন এক আখ্যান আছে। তেওঁ আৰম্ভণিতে থেছেলিয়ান ৰাজকুমাৰী ক'ৰ'নিছৰ গৰ্ভত এপ'ল'ৰ ঔৰসত জন্ম হোৱা এজন অৰ্ধদেৱতা আছিল আৰু এজন চিকিৎসক হিচাপে যথেষ্ট সুনা অৰ্জন কৰিছিল। কালক্ৰমত তেওঁ মৃত লোককো জীৱনদান দিবলৈ সক্ষম হয়। এই কথাত ক্ৰোধান্বিত হৈ হেডিচে জ্যুছক ব্জ্ৰৰদ্বাৰা এছ্ক্লেপিআছক হত্যা কৰিবলৈ উচটনি দিয়ে। মানৱ শৰীৰ ত্যাগৰ পিছত এচক্লেপিয়াছে দেৱতাৰূপে অলিম্পাছত স্থান পায়[13]
হেডিচৰ সহধৰ্মিনী হৈছে জ্যুছ আৰু ডিমিটাৰৰ জীয়ৰী পাৰ্চিফোনি।[14] পাৰ্চিফোনিয়ে নিজ ইচ্ছাৰে হেডিচক স্বামীবৰণ কৰা নাছিল। ফুল তুলিবলৈ যোৱাৰ সময়তে হেডিচে তেওঁক হৰণ কৰে (পূৰ্বতে পিতৃ জ্যুছে পাৰ্চিফোনিক হেডিচক প্ৰদান কৰিছিল)। ইয়াৰ প্ৰতিবাদ কৰি পাৰ্চিফোনিৰ মাতৃ ডিমিটাৰে ভূমিক এক অভিশাপ দিয়াৰ ফলত খৰাং পৰিস্থিতিৰ সৃষ্টি হয়। সকলো দেৱ-দেৱীয়ে অভিশাপ উঠাই ল'বলৈ ডিমিটাৰক কোৱাৰ পিছতো তেওঁ এই কথাত অটল থাকে যে জীয়ৰীক পুনৰ দেখা নোপোৱালৈকে তেওঁ অভিশাপ উঠাই নলয়। জ্যুছৰ নিৰ্দেশত এই কথা দেৱদূত হাৰ্মিছে গৈ হেডিচক কয়।[15]}} ইয়াৰ পিছত হেডিচে পাৰ্চিফোনিৰ সৈতে ভূমণ্ডললৈ আহিবলৈ তেওঁৰ ৰথ সাজু কৰে যদিও পাৰ্চিফোনিক এটা ডালিমৰ বীজ খাবলৈ দিয়ে। ইয়াৰ পিছতেই মাতৃ আৰু জীয়ৰীৰ সাক্ষাৎ হয় যদিও ডিমিটাৰে পাৰ্চিফোনিৰ মুখেৰে এই কথা গম পায় যে পাতালপুৰীত থকা কালত পাৰ্চিফোনিয়ে মৃতকৰ খাদ্য গ্ৰহণ কৰিছে আৰু ই তেওঁক হেডিচৰ সৈতে বান্ধি পেলাইছে।[16] পিছত জ্যুছৰ হস্তক্ষেপত সকলোৰে মিলামিছা হয় আৰু এই সিদ্ধান্ত লোৱা হয় যে বছৰৰ এক তৃতীয়াংশ সময় পাৰ্চিফোনি হেডিচৰ সৈতে থাকিব[17] আৰু এই সময়ছোৱাত পৃথিৱীত এক বিষাদ আৰু বিলাপৰ পৰিৱেশ অৰ্থাৎ শীতে বিৰাজ কৰিব।[18]
গ্ৰীকসকলে হেডিচৰ প্ৰতি এক ভয়ভাব পোষণ কৰাৰ বাবে তেওঁক শিল্পকলাসমূহত বৰকৈ চিত্ৰায়িত কৰা হোৱা নাছিল।[11] প্ৰাচীন গ্ৰীক মৃৎশিল্পত অংকিত হেডিচক আনকি চিনাক্ত কৰাটো কঠিন যদিও এয়া দেৱতাজনৰে চিত্ৰ বুলি সদ্যহতে বিশ্বাস কৰা হৈছে।[19] পিছলৈ হেডিচক পাৰ্চিফোনিৰ অপহৰণক চিত্ৰায়িত কৰা ধ্ৰুপদী কলাসমূহত উপস্থাপন কৰা হৈছে।[20] এই চিত্ৰসমূহৰ প্ৰায়ভাগতে হেডিচক যৌৱনোদ্দীপ্ত ৰূপত অংকিত কৰাৰ লগতে অন্যান্য শিল্পকৰ্মসমূহত বিভিন্ন বয়সীয়া ৰূপত উপস্থাপন কৰা হৈছে।[19] মৃৎশিল্পসমূহত তেওঁক ক'লা ডাড়িৰে সৈতে এক সুঠাম শৰীৰৰ সৈতে এখন আসনত উপৱিষ্ট অৱস্থাত তেওঁক দেখা পোৱা যায়।[8] দণ্ড, ছাগলীশিঙীয়া পাত্ৰবিশেষ, ডাকোৱাল কুকুৰা [21] আৰু ছাবি হেডিচৰ প্ৰতীক। ছাবিটোৱে এই কথা সোঁৱৰাই দিয়ে যে পাতালপুৰী তেওঁৰেই নিয়ন্ত্ৰণত আছে আৰু মৃতকৰ আত্মাসমূহ ওলাই যাব নোৱাৰাকৈ ইয়াৰ দুৱাৰ সদায়েই ৰুদ্ধ।[22] দুৱাৰ খোলা থাকিলেও চাৰ্বেৰাছ নামৰ তিনিমূৰীয়া কুকুৰটোৱে এই কথা নিশ্চিত কৰি ৰাখে যে আত্মাসমূহ যাতে পলাই যাব নোৱাৰে।[23] চাৰ্বেৰাছক প্ৰায়ে হেডিচৰ সৈতে প্ৰদৰ্শন কৰা হয়। কোনো কোনো ক্ষেত্ৰত হেডিচক অন্য দেৱতাসকলৰপৰা মুখ ঘূৰাই থকা অৱস্থাত অংকন কৰা হয় কিয়নো তেওঁ দেৱতাসকলৰো অপ্ৰিয়ভাজন।[19]