হেম বৰুৱা | |
---|---|
জন্ম | হেমকান্ত শৰ্মা বৰুৱা ২২ এপ্ৰিল, ১৯১৫ তেজপুৰ |
মৃত্যু | ৯ এপ্ৰিল ১৯৭৭ উত্তৰ শৰণীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
পেচা | কবি, সাহিত্যিক, সাংসদ, শিক্ষাবিদ |
সংস্থা | জগন্নাথ বৰুৱা মহাবিদ্যালয়, বি. বৰুৱা মহাবিদ্যালয় |
উল্লেখযোগ্য কৰ্ম | মমতাৰ চিঠি, আইতা, জাৰৰ দিনৰ সপোন |
গৃহস্থান | তেজপুৰ |
ৰাজনৈতিক আন্দোলন | ভাৰতৰ স্বাধীনতা আন্দোলন সাম্যবাদী আন্দোলন |
দাম্পত্যসঙ্গী | অণু বৰুৱা |
হেম বৰুৱা (ইংৰাজী: Hem Barua; ১৯১৫ - ১৯৭৭) অসমৰ এজন প্ৰসিদ্ধ কবি, সাহিত্যিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। তেওঁ অসমীয়া আৰু ইংৰাজী ভাষাত কবিতা, ভ্ৰমণ কাহিনী, আলোচনা গ্ৰন্থ আদি ৰচনা কৰিছে। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ মুঠ ৩৫খন গ্ৰন্থ ৰচনা কৰিছিল। মমতাৰ চিঠি, আইতা, জাৰৰ দিনৰ সপোন আদি তেখেতৰ বিখ্যাত কাব্য। বালিছন্দা (১৯৫৯) আৰু মনময়ূৰী (১৯৬৫) তেওঁৰ কবিতা-সংকলন।[1] স্বাধীনতা সংগ্ৰামৰ সময়ত বিয়াল্লিছৰ আন্দোলনত কাৰাবৰণ কৰা হেম বৰুৱাই স্বৰাজোত্তৰ কালত সমাজবাদী আন্দোলনতো অংশগ্ৰহণ কৰে। তেওঁ সাংসদ হিচাপে ইউৰোপ, আমেৰিকা, ৰুছ আদি দেশ ভ্ৰমণ কৰিছিল। ১৯৫৭ চনত তেওঁ গুৱাহাটী সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হয় আৰু চৈধ্য বছৰ কাল কাৰ্যনিৰ্বাহ কৰে।
হেম বৰুৱাৰ ২২ এপ্ৰিল ১৯১৫ চনত তেজপুৰত জন্ম হয়।[2] তেওঁৰ দেউতাক আছিল উত্তৰ গুৱাহাটীৰ ভঁৰালী বৰুৱা বংশৰ বিনন্দী ৰাম শৰ্মা বৰুৱা আৰু মাতৃ পদ্মালোচনী দেৱী। হেম বৰুৱা আছিল তেওঁলোকৰ প্ৰথম সন্তান।[3] তেওঁৰ তিনিজন ভায়েক আৰু চাৰিজনী ভনী আছিল।[4] হেম বৰুৱাই যোৰহাটৰ তৰাজান তৰাজান পাঠশালা স্কুল আৰু যোৰহাট টাউন এম.ই. স্কুলত প্ৰাথমিক শিক্ষা লাভ কৰি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৩২ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৩৪ চনত তেওঁ কটন কলেজৰ পৰা আই.এ. আৰু ১৯৩৬ চনত ইংৰাজী সাহিত্যত বি.এ. ডিগ্ৰী লাভ কৰে। হেম বৰুৱাই ১৯৩৮ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম.এ ডিগ্ৰী লাভ কৰে।[5] ১৯৪৭ চনত তেওঁ শ্ৰী অণু বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
কলিকতা বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ পাচত তেওঁ চাৰি বছৰ বিনা কৰ্মেৰে দিন কটাবলগীয়া হয়। সেইসময়তে তেখেতে অনেক কিতাপ পঢ়ে। মাজে-মাজে টিউছন কৰে। ১৯৪১ চনত, চাব্বিশ বছৰ বয়সত তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে। সেইখন মহাবিদ্যালয়ৰে অধ্যক্ষ কৃষ্ণকান্ত সন্দিকৈদেৱৰ সান্নিধ্যলৈ আহে। তেওঁৰ প্ৰেৰণা আৰু উৎসাহতে হেম বৰুৱাই তামিল গল্প "কন্নকী আৰু কাৱালান" অসমীয়ালৈ ভাঙনি কৰে। সেই গল্পটো আৱাহনত কন্নকীৰ কাহিনী হিচাপে প্ৰকাশিত হয়। তেওঁ সেইখন কলেজত মাত্ৰ এটা বছৰহে কৰ্মনিৰ্বাহ কৰিবলৈ সুযোগ পায়। তাৰ পাছতেই '৪২ৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ হ'ল। ১৯৪৪ চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আহ্বান মৰ্মে তেওঁ বি. বৰুৱা মহাবিদ্যালয়ত যোগদান কৰে। ১৯৪৫ চনত তেওঁ শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।[4] বৰুৱা নিখিল ভাৰত প্ৰাথমিক শিক্ষক সন্মিলনীৰ স্থায়ী সভাপতি আছিল। তেওঁৰ নেতৃত্বতে শিক্ষক সকলৰ সজাতী দলে সেই সময়ৰ ৰাষ্ট্ৰপতি ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণনৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰি সমস্যাবিলাকৰ সমাধান দিবলৈ অনুৰোধ কৰিছিল।[6]
তিতাবৰত অনুষ্ঠিত ছাত্ৰ ফেডাৰেছনৰ সভাপতি হোৱাৰে পৰা বৰুৱাৰ ৰাজনীতিত যোগদান কৰাৰ পথ সুগম হয়। ১৯৪২ চনৰ আন্দোলনৰ সময়ত এই ছাত্ৰ সমাৱেশত দিয়া এক ভাষণৰ ফলশ্ৰুতিত তেওঁক কাৰাদণ্ড বিহা হয়। কাৰাগাৰত থকা সময়ছোৱাত তেওঁ বিবিধ গ্ৰন্থ অধ্যয়ন কৰে আৰু গোপীনাথ বৰদলৈ, ফখৰুদ্দিন আলি আহমেদ, বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহা আদি সকলৰ সংস্পৰ্শলৈ আহে। বৰুৱাই ১৯৪৮ চনত কংগ্ৰেছ দল ত্যাগ কৰে আৰু সমাজবাদী দলত যোগদান কৰে। পিছলৈ তেওঁ প্ৰজাতান্ত্ৰিক সমাজবাদী দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক নিযুক্তি লাভ কৰে। ১৯৫২ চনত বিধানসভাৰ সদস্যৰ নিৰ্বাচন আৰু ১৯৫৬ চনত সংসদীয় সমষ্টিৰ উপনিৰ্বাচনত তেওঁ পৰাজিত হয় যদিও ১৯৫৭ আৰু ১৯৬২ চনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়। ১৯৫৭ চনত সাংসদ হিচাপে শপত গ্ৰহণ কৰিবলৈ হেম বৰুৱাই নতুন দিল্লীলৈ যোৱাৰ পূৰ্বে তেজপুৰৰ পৰা অহা তেওঁৰ ঘনিষ্ঠ বন্ধুৱে তেওঁক কেৱল অসমৰ সন্মুখত থকা সমস্যাবোৰ উত্থাপন কৰাই নহয়, অন্যান্য বিষয়সমূহতো সমানে মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিছিল। ইয়াৰ উপৰিও তেওঁৰ বিতৰ্কৰ দক্ষতা প্ৰধানমন্ত্ৰী নেহৰুৰ ওপৰত কেন্দ্ৰিত কৰিবলৈকো তেওঁ বৰুৱাক পৰামৰ্শ দিছিল। তেওঁৰ কাৰ্যকালত হেম বৰুৱাই ঘৰুৱা আৰু আন্তঃৰাজ্যিক বিষয়ত ৮০০ৰো অধিক ভাষণ দিছিল যি দীৰ্ঘম্যাদী আৰ্থ-সামাজিক প্ৰভাৱ পেলাইছিল।[7] ১৯৬৭ চনত মঙ্গলদৈ লোকসভা সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হয়। তেওঁ ডিচেম্বৰ ১৯৭০ চনলৈকে লোকসভাৰ সদস্য হৈ আছিল।[2] সাংসদ হৈ থকা কালত হেম বৰুৱা তেওঁ আগবঢ়োৱা ভাষণৰ বাবে বিখ্যাত আছিল। পঞ্জাবৰ ট্ৰিবিউন নামৰ ইংৰাজী কাকতখনে আগবঢ়োৱা পোন্ধৰজন সাংসদৰ খতিয়ানৰ তালিকাত বৰুৱাৰ নামো সন্নিবিষ্ট আছিল। দিল্লীৰ টাইমছ অৱ ইণ্ডিয়াই আগবঢ়োৱা দহগৰাকী সাংসদৰ খতিয়ানৰ তালিকাতো তেওঁৰ নাম আছিল। সাংসদ হিচাপে প্ৰথম অধিৱেশনতেই অসমৰ বাবে ৰেলৱে জ'নৰ সদৰ কাৰ্যালয় স্থাপন আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ বিষয়ক প্ৰস্তাৱ উত্থাপন কৰিছিল। তদুপৰি অসমত দ্বিতীয় শোধানাগাৰ স্থাপনৰ বাবে হোৱা আন্দোলনতো তেওঁ ভাগ লৈছিল। ১৯৬০ চনৰ ভাষা আন্দোলন আৰু ৬২ চনৰ চীনৰ আক্ৰমণৰ সময়ত ৰাজ্যৰ পৰিস্থিতিৰ কথা বৰুৱাই সংসদত স্পষ্টকৈ ডাঙি ধৰিছিল। ভাৰত চৰকাৰে পাকিস্তানক কচ্চ সমৰ্পণ কৰিবলৈ ওলোৱাৰ সময়ত গুজৰাটৰ ভূজত হোৱা আন্দোলনৰো নেতৃত্ব হেম বৰুৱাই বহন কৰিছিল।[3] অসমৰ জ্বলন্ত সমস্যাক লৈও তেওঁ সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক সঁকিয়নি দিছিল। তেওঁ কৈছিল যে চীনে অৰুনাচলত অনুপ্ৰৱেশ কৰিলে ই অসমৰ অস্তিত্ব বিপন্ন কৰি তুলিব।[6]
হেম বৰুৱাই কৰা দুৰ্নীতিৰ অভিযোগ প্ৰমাণিত হোৱাৰ পিছত তেতিয়াৰ কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু ৰাসায়নিক মন্ত্ৰী কে.ডি. মালৱিয়াই পদত্যাগ কৰাটো উল্লেখনীয় ঘটনা আছিল। সেই বিতৰ্কত মালৱিয়াই বৰুৱাক প্ৰত্যাহ্বান জনাইছিল আৰু উত্তৰত বৰুৱাই কৈছিল যে তেওঁৰ ভুল প্ৰমাণিত হ’লে তেওঁ সংসদৰ পৰা পদত্যাগ কৰিব। অভিযোগ প্ৰমাণিত হোৱাত মালৱিয়াই কেন্দ্ৰীয় কেবিনেটৰ পৰা পদত্যাগ কৰিবলগীয়া হয়। এই ঘটনাই হেম বৰুৱাক এজন সুনামধন্য সংসদ সদস্য হিচাপে প্ৰতিষ্ঠা কৰিলে।[7]
হেম বৰুৱাৰ প্ৰথমখন ৰচনাৰ নাম আছিল Idealism and Romance in Modern Drama। ৰচনাখন প্ৰকাশিত হৈছিল আৱাহনৰ দশম বছৰৰ সপ্তম সংখ্যাত।[4] হেম বৰুৱা বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত আৱাহনত হিয়াৰ মিলন নামৰ এটি চুটিগল্প প্ৰকাশ পায়। আধুনিক নাট্য সাহিত্যত ৰিয়েলিজম আৰু ৰোমান্স আৱাহনত প্ৰকাশিত তেওঁৰ প্ৰথম প্ৰবন্ধ। জগন্নাথ বৰুৱা কলেজত অধ্যাপনা কৰি থাকোঁতে তেওঁ কন্নকী কলাভানৰ কাহিনীক কন্নকী হিচাপে অসমীয়ালৈ অনুবাদ কৰে। তদুপৰি এগৰাকী সাংসদ হিচাপে তেওঁ বহুকেইখন বিদেশ ভ্ৰমণ কৰে আৰু সাগৰ দেখিছা, ৰঙা কৰবীৰ ফুল, ইজৰাইল, মেকং নৈ দেখিলো আদি ভ্ৰমণ কাহিনী ৰচনা কৰে। ১৯৭১ চনত কিছুদিনৰ বাবে গুৱাহাটীৰ পৰা প্ৰকাশিত 'আসাম এক্সপ্ৰেছ' নামৰ ইংৰাজী দৈনিক খনৰ সম্পাদনাৰ কাম কৰিছিল। তেওঁ ১৯৭২ চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল[8]। শেষত তেওঁ আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। বৰুৱাৰ The Red River and the Blue Hill গ্ৰন্থখন অসম, ইয়াৰ ইতিহাস আৰু অসমীয়া সমাজ-জীৱনৰ এক চিত্ৰ স্বৰূপ। ইয়াত বুৰঞ্জীয়ে ঢুকি পোৱাৰেপৰা স্বাধীনতা-উত্তৰ কাললৈকে অসমৰ ইতিহাস বৰ্ণনা কৰা হৈছে।[9]
'মমতাৰ চিঠি' শীৰ্ষক কবিতাটো হেম বৰুৱাৰ এটি বিখ্যাত সৃষ্টি। কবিতাটোত এগৰাকী বিধৱা নাৰীৰ কাৰুণ্য প্ৰকাশিত হৈছে।[10] একাংশ কাব্যৰসিক তথা সমালোচকে এই কবিতাটোক অসমীয়া ভাষাৰ "শ্ৰেষ্ঠ ক্লাছিক কবিতা" বুলি স্বীকৃতি দিছে। কবিতাটোৰ শিৰোনামৰ তলত বিখ্যাত ইংৰাজ কবি এজৰা পাউণ্ডৰ উদ্ধৃতি দিয়া আছে।[11] উল্লেখযোগ্য যে, হেম বৰুৱাৰ উক্ত কবিতাটোৰ আধাৰতে এখন অসমীয়া ছবি নিৰ্মাণৰ পৰিকল্পনা ৰচা হৈছে। বৰপেটাৰ সাংস্কৃতিক অনুষ্ঠান ‘মুখা’ৰ সম্পাদক তথা নাট্যকাৰ-পৰিচালক নিৰ্মল দাসে ২০১৯ চনৰ আগষ্ট মাহত এক প্ৰেছ মেলত এই কথা সদৰী কৰে।[12]
ভ্ৰমণ সাহিত্য ব্যক্তিনিষ্ঠ সাহিত্য৷ ভ্ৰমণ কাহিনী সম্পৰ্কে হেম বৰুৱাৰ ভাষাত “দেশ ভ্ৰমণ আৰু কিতাপ অধ্যয়ন - এই দুয়োটা সমপৰ্যায়ৰ কথা৷ মানুহৰ অন্তৰাত্মাত নজনাক জানিবলৈ নুবুজাক বুজিবলৈ সদায়ে এক ধাউতি বিদ্যমান৷ এইকাৰণে মানুহে কিতাপ পঢ়ে বা দেশ ভ্ৰমণ কৰে৷’’ [14] হেম বৰুৱাৰ ভ্ৰমণ সাহিত্যই দেশ আৰু মানুহক জনাৰ অৱকাশ দিয়ে৷ অসমীয়া ভ্ৰমণ সাহিত্যক তেওঁ তেওঁৰ লিখনিৰে জনপ্ৰিয় কৰি গৈছে৷
হেম বৰুৱাৰ ৰচনা সম্বন্ধে সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে লিখিছে, “প্ৰতিটো বাক্যতে জীৱনৰ প্ৰতি তেওঁৰ প্ৰচণ্ড ইন্দ্ৰিয়গ্ৰাহ্য প্ৰেম, মানুহৰ ওপৰত অপৰিসীম আস্থা, আৰু নিজৰ ওপৰত প্ৰচণ্ড আত্মবিশ্বাসৰ প্ৰকাশ৷ জীৱনক ভাল পাবলৈ শিকোৱা ৰসগ্ৰাহী লেখকসকলৰ ভিতৰত হেমবৰুৱাক শীৰ্ষস্থান দিব লাগিব৷’’৷[15]
১৯৭১ চনৰ নিৰ্বাচনত পৰাজিত হোৱাৰ পিচত বৰুৱা উত্তৰ শৰণীয়াৰ নিজা ঘৰত পত্নী অণু বৰুৱাৰ সৈতে বসবাস কৰিবলৈ লয়। ১৯৭৭ চনৰ ৯ এপ্ৰিলত তেওঁ শেষনিশ্বাস ত্যাগ কৰে। [4]