হেম ভৰালী | |
---|---|
২০০৬ চনত এখন সংবাদমেলত হেম ভৰালী | |
জন্ম | ১৯ ফেব্ৰুৱাৰী, ১৯১৯ অসম, ভাৰত |
মৃত্যু | ২৯ এপ্ৰিল, ২০২০ (১০১ বছৰ) অসম, ভাৰত |
পেচা | মুক্তি যুঁজাৰু সমাজ সৱিকা সৰ্বোদয়া নেত্ৰী গান্ধিবাদী কৰ্মী |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী জাতীয় সাম্প্ৰদায়িক সমন্বয় বঁটা ফকৰুদ্দিন আলি আহমেদ সোঁৱৰণী বঁটা |
হেম ভৰালী (১৯১৯-২০২০) এগৰাকী ভাৰতীয় মুক্তি যুঁজাৰু, সমাজ সেৱিকা, সৰ্বোদয়া নেত্ৰী আৰু গান্ধিবাদী কৰ্মী। তেওঁক বিশেষকৈ নাৰী সবলীকৰণ আৰু সমাজৰ আৰ্থিকভাৱে পিছপৰা সকলৰ বাবে কৰি অহা প্ৰচেষ্টাৰ বাবে জনা যায়।[1][2] ১৯৫০ চনৰ ভূমিকম্প আৰু ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ পৰৱৰ্ত্তীসময়ত পুনৰ্গঠন আৰু সাহায্য অভিযানত তেওঁ অগ্ৰণী ভূমিকা লৈছিল।[3] ২০০৫ চনত ভাৰত চৰকাৰে তেওঁক সমাজ সেৱাৰ স্বীকৃতিস্বৰূপে পদ্মশ্ৰী বঁটা প্ৰদান কৰে।[4] ২০০৬ চনত নেশ্যনেল ফাউণ্ডেশ্যন ফৰ কমিউনেল হাৰমনি নামৰ সংগঠনে তেওঁক জাতীয় সাম্প্ৰদায়িক সমন্বয় বঁটা (National Communal Harmony Award) প্ৰদান কৰে।
১৯১৯ চনৰ ১৯ ফেব্ৰুৱাৰীত লখিমপুৰ জিলাৰ ঢকুৱাখনাত হেম ভৰালীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল প্ৰয়াত ধনীৰাম ভৰালী আৰু মাতৃৰ নাম আছিল অম্বিকা ভৰালী।[2][5] তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ১৯৫০ চনৰ ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহত বিশেষকৈ উত্তৰ লখিমপুৰত সাহায্য অভিযানতো তেওঁ অগ্ৰণী ভূমিকা লয়।[3][6] ১৯৫১ চনত বিনোৱা ভাৱেৰ নেতৃত্বত আৰম্ভ হোৱা ভূদান আন্দোলনত তেওঁ যোগদান কৰে।[7] এইসময়ত তেজপুৰত মৈত্ৰেয়ী আশ্ৰমত থাকি তেওঁ কাম কাজ চলাই যায়।[8][2][9] ১৯৬৭ চনৰ ২৫ অক্টোবৰত উদ্বোধন সম্পন্ন হোৱা অখিল ভাৰত মহিলা লোকযাত্ৰাৰ অসমৰ যাত্ৰী দলৰ নেত্ৰী হিচাপে ভৰালীয়ে বাৰ বছৰ ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ পদব্ৰজে ভ্ৰমণ কৰাৰ উপৰিও নেপাল আৰু সিংহললৈকে খোজ কাঢ়ি যাত্ৰা কৰিছিল।[5] ভৰালীয়ে স্বইচ্ছাৰে আজীৱন অবিবাহিতা হৈ ৰয় আৰু তেওঁ গুৱাহাটীত বাস কৰিছিল।[10][11][12] ২০২০ চনৰ ২৯ এপ্ৰিল তাৰিখে গুৱাহাটীৰ পূৱ-শৰণীয়াস্থিত নিজ বাসগৃহ হেম ভৰালীৰ দেহাৱসান ঘটে।[13][14] মৃত্যুৰ পূৰ্বে তেওঁ নিজৰ শৰীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত দান দি থৈ গৈছিল।[5]