হেলাল হাফিজ | |
---|---|
২০১৭ ঢাকাৰ সাহিত্য উৎসৱত হেলাল হাফিজ | |
জন্ম | ৭ অক্টোবৰ, ১৯৪৮ নেত্ৰকোণা, পূৰ্ব বংগ, পাকিস্তান অধিৰাজ্য (বৰ্তমান বাংলাদেশ) |
মৃত্যু | ১৩ ডিচেম্বৰ, ২০২৪ (৭৬ বছৰ) |
পেচা | লেখক, সাহিত্য সম্পাদক |
ভাষা | বাংলা ভাষা |
ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
মাতৃশিক্ষায়তন | ঢাকা বিশ্ববিদ্যালয় |
উল্লেখযোগ্য বঁটা | বাংলা অকাডেমী সাহিত্য বঁটা (২০১৪) |
হেলাল হাফিজ (ইংৰাজী: Helal Hafiz; (৭ অক্টোবৰ ১৯৪৮ – ১৩ ডিচেম্বৰ ২০২৪) বাংলাদেশৰ এজন আধুনিক কবি আছিল। সংযত হোৱা সত্ত্বেও কুৰি শতিকাৰ শেষৰ ফালে তেওঁ বিশেষ জনপ্ৰিয়তা লাভ কৰে। ১৯৮৬ চনত প্ৰকাশ হোৱাৰ পিছত তেওঁৰ কবিতা সংকলন জে জলে আগুন জ্বলে সংকলনটিৰ ৩৩টাতকৈও অধিক সংস্কৰণ প্ৰকাশ হৈছে। [1] ২০১২ চনত ২৬ বছৰৰ পাছত প্ৰকাশিত তেওঁৰ দ্বিতীয়খন কবিতা পুথি হ'ল কবিতা একত্তৰ। তেওঁৰ অন্যতম জনপ্ৰিয় কবিতা হ'ল 'নিষিদ্ধ সম্পাদকীয়'ৰ কবিতাৰ এই দুটা শাৰী ‘‘এখন যৌবন যাৰ মিছিলে যাবাৰ তাৰ শ্ৰেষ্ঠ সময়, এখন যৌবন যাৰ যুদ্ধে যাবাৰ তাৰ শ্ৰেষ্ঠ সময়’’। বাংলাদেশৰ কবি আৰু সাধাৰণ পাঠকৰ মুখে মুখে এই দুটা শাৰী উচ্চাৰিত হয়।[2] বিভিন্ন কাকত-আলোচনীত তেওঁ সাংবাদিক আৰু সাহিত্য সম্পাদক হিচাপে কাম কৰাৰ অভিজ্ঞতা আছে। ২০১৩ চনত তেওঁক বাংলা অকাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল।[3]
হেলাল হাফিজৰ জন্ম নেত্ৰকোণাত ১৯৪৮ চনৰ ৭ অক্টোবৰত।[4] তেওঁৰ পিতৃ খোৰছেদ আলী তালুকদাৰ আৰু মাতৃ কোকিলা বেগম। নেত্ৰকোণা দত্ত হাইস্কুলৰ পৰা ১৯৬৫ চনত এছ এছ চি আৰু নেত্ৰকোণা কলেজৰ পৰা ১৯৬৭ চনত এইচ এছ চি পৰীক্ষাত উত্তীৰ্ণ হয়। কবিগৰাকীয়ে সেই বছৰতে ঢাকা বিশ্ববিদ্যালয়ৰ বাংলা বিভাগত নামভৰ্তি কৰে। ১৯৭২ চনত ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৈ থাকোঁতে, তেতিয়াৰ ৰাষ্ট্ৰীয় সংবাদপত্ৰ দৈনিক পূৰ্বদেশত সাংবাদিক হিচাপে যোগদান কৰে। তেওঁ ১৯৭৫ চনলৈকে দৈনিক পূৰ্বদেশৰ সাহিত্য সম্পাদক আছিল। ১৯৭৬ চনৰ শেষৰ ফালে তেওঁ দৈনিক দেশ পত্ৰিকাৰ সাহিত্য সম্পাদক পদত যোগদান কৰে। তেওঁ দৈনিক যুগন্তৰত শেষবাৰৰ বাবে কাম কৰিছিল।[5]
১৯৭১ চনৰ ২৫ মাৰ্চত দমন অভিযানৰ নিশা হেলাল হাফিজ অলৌকিকভাৱে ৰক্ষা পৰে। সেই নিশা ফজলুল হক হলত থাকি বন্ধু-বান্ধৱীৰ লগত আড্ডা সামৰি তাতেই থাকি যায়। নিশাটো ইকবাল হলত (বৰ্তমান জাহুৰুল হক) থকাৰ কথা আছিল। তেওঁ তাত থকা হ’লে পাকিস্তানী সেনাৰ নিৰ্মম হত্যাকাণ্ডৰ বলি হ’লহেঁতেন। ২৭ মাৰ্চত কাৰ্ফিউ প্ৰত্যাহাৰ কৰাৰ পিছত ইকবাল হললৈ গৈ চৌদিশে ধ্বংসাৱশেষ আৰু কেৱল মৃতদেহ দেখিলে। হলৰ গেটৰ পৰা ওলাই আহোঁতেই কবি নিৰ্মলেন্দু গুণক লগ পালে। নিৰ্মলেন্দু গুণই তেওঁক জীৱিত দেখি উচ্ছ্বসিত আৱেগেৰে সাৱটি ধৰি কান্দি উঠিল। থাকিল। দমন অভিযানত হেলাল হাফিজৰ কি হ’ল জানিবলৈ সেইদিনা আজিমপুৰৰ পৰা লৰালৰিকৈ দৌৰি আহিছিল কবি গুণ। পিছত দুয়োজন গংগা পাৰ হৈ আশ্ৰয়ৰ বাবে নদীৰ সিপাৰৰ কেৰাণীগঞ্জ অভিমুখে যাত্ৰা কৰিছিল। [6]
‘যে জলে আগুন জ্বলে’ নামৰ তেওঁৰ কাব্য সঙ্কলনখন ১৯৮৬ চনত প্ৰকাশিত হয়। নাৰায়ণগঞ্জ বৈশাখী মেলা উদযাপন সমিতিৰ কবি বঁটা (১৯৮৫), যশোহৰ সাহিত্য পৰিষদ বঁটা (১৯৮৬), আবুল মনছুৰ আহমদ সাহিত্য বঁটা (১৯৮৭), নেত্ৰকোণা সাহিত্য সমাজ, কবি খালেদদাদ চৌধুৰী সাহিত্য পদক সন্মান, বাসাসপ কাব্যৰত্ন - ২০১৯ ইত্যাদি সন্মান আৰু বঁটা তেওঁ লাভ কৰিছে।[5] কবিতাৰ বাবে ২০১৩ চনত বাংলা অকাডেমী বঁটা লাভ কৰে।