হোমাই ভ্যাৰাৱালা | |
---|---|
জন্ম | ৯ ডিচেম্বৰ, ১৯১৩ নৱচাৰি, বোম্বে ষ্টেট, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১৫ জানুৱাৰী, ২০১২ (৯৮ বছৰ) বৰোডা, গুজৰাট, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | ছাৰ জে. জে. স্কুল অফ আৰ্ট |
পেচা | ফটো সাংবাদিক |
দাম্পত্যসঙ্গী | মাণিকশাও ভ্যাৰাৱালা |
সন্তান | ফাৰুক[1] |
হোমাই ভ্যাৰাৱালা (ইংৰাজী: Homai Vyarawalla; ৯ ডিচেম্বৰ ১৯১৩ – ১৫ জানুৱাৰী ২০১২) আছিল ভাৰতৰ প্ৰথম মহিলা ফটো সাংবাদিক। তেখেত সাধাৰণতে ছদ্মনাম "ডালডা ১৩" নামেৰে পৰিচিত।[2][3] তেওঁ ১৯৩০ৰ দশকত ফটো সাংবাদিকতাৰ জগত খনৰ জড়িত হৈছিল আৰু ১৯৭০ৰ দশকৰ প্ৰথমাৰ্ধত তেওঁ অৱসৰ গ্ৰহণ কৰে। ২০১১ চনত ভাৰত চৰকাৰে তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে।[4][5]
২০১৭ চনৰ ৯ ডিচেম্বৰ তাৰিখে গুগুলে তেওঁৰ ১০৪তম জন্মদিনৰ লগত সংগতি ৰাখি এক ডুদল প্ৰদৰ্শন কৰে।
হোমাই ভ্যাৰাৱালায়ে মাণিকশাও জামছেদজী ভ্যাৰাৱালাৰ লগত বিবাহপাশত আৱদ্ধ হৈ। তেওঁ এজন একাউটেণ্ট আৰু টাইমছ অফ ইণ্ডিয়া বাতৰি কাকতৰ ফটোগ্ৰাফাৰ আছিল।[6]
তেখেতৰ মৃত্যুৰ পিছত হোমাই ভ্যাৰাৱালায়ে ভাদডৰালৈ গুচি আহে আৰু ১৯৭৩ চনত ফটোগ্ৰাফী এৰি দিয়ে।
তাৰপিছত তেওঁ ৰাজস্থানৰ পিলানীলৈ যায়। তেওঁৰ পুত্ৰ ফাৰুক বিৰলা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, পিলানীৰ অধ্যাপক আছিল। ১৯৮২ চনত তেওঁ পুত্ৰৰ লগত আকৌ বৰডালৈ ঘূৰি আহে।[7] ১৯৮৯ চনত তেওঁৰ পুত্ৰৰ কেঞ্চাৰ ৰোগত মৃত্যু হোৱাৰ পিছত তেওঁ বৰডাৰ এক এপাৰ্টমেণ্টলৈ গুচি আহে আৰু নিজৰ সময় বাগিছাত অতিবাহিত কৰিছিল।[8]
১৯৩০ৰ দশকত ভ্যাৰাৱালায়ে তেওঁৰ কৰ্মজীৱনৰ পাতনি মেলিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মুম্বাইৰ এখনি আলোচনীত তেওঁৰ এলানি বিখ্যাত ক'লা আৰু বগা আলোকচিত্ৰ প্ৰকাশ হৈছিল।[9] কৰ্ম জীৱনৰ পাতনিত যিহেতু তেওঁক কোনোৱে চিনি নাপাইছিল আৰু মহিলা হোৱাৰ বাবে তেওঁৰ ফটো তেখেতৰ স্বামীৰ নামত প্ৰকাশিত হৈছিল।[10]
লাহে লাহে তেওঁৰ ফটোগ্ৰাফী ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমাদৃত হবলৈ ধৰে। ১৯৪২ চনত তেওঁ দিল্লীৰ ব্ৰিটিছ তথ্য সেৱাত যোগদান কৰে। সেই সময়ছোৱাত তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত বিভিন্ন ৰাজনৈতিক আৰু ৰাষ্ট্ৰীয় নেতাৰ ফটো তুলিবলৈ সুযোগ পায়। তাৰে ভিতৰত উল্লেখযোগ্য হ'ল মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, মুহাম্মদ আলি জিন্নাহ আৰু ইন্দিৰা গান্ধী।[10]
ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু তেখেতৰ প্ৰিয় ফটোৰ বিষয় আছিল।
তেওঁৰ বেছিভাগ ফটো "ডালডা ১৩" ছদ্মনামত প্ৰকাশ হৈছিল।[11].
১৯৭০ চনত তেওঁৰ স্বামীৰ মৃত্যুৰ লগে লগে তেওঁ পেশাদাৰী ফটোগ্ৰাফী সম্পূৰ্ণৰূপে এৰি দিয়ে।[12] পিছলৈ তেওঁ তেখেতৰ ফটোগ্ৰাফৰ সংগ্ৰহখিনি কলাৰ লগত জড়িত দিল্লীৰ আলকাজী ফাউণ্ডেচনক দিয়ে।
২০১০ চনত ৰাষ্ট্ৰীয় আধুনিক কলা গেলেৰী আৰু আলকাজী ফাউণ্ডেচনৰ যুটীয়া প্ৰচেষ্টাত তেওঁৰ ফটোগ্ৰাফ সমূহ প্ৰদৰ্শিত কৰা হয়।[9]
২০১৭ চনৰ ৯ ডিচেম্বৰ তাৰিখে গুগুলে তেওঁৰ ১০৪তম জন্মদিন উপলক্ষে এক ডুদল প্ৰদৰ্শন কৰে। [13]
২০১২ চনৰ ১৫ জানুৱাৰী তাৰিখে শ্বাস-প্ৰশ্বাসজনিত ৰোগত তেওঁ বৰোডাত শেষ নিশ্বাস ত্যাগ কৰে।