কৰ্ণেল হোশিয়াৰ সিং পিভিচি | |
---|---|
![]() | |
জন্মৰ নাম | হোশিয়াৰ সিং দাহিয়া |
জন্ম | ৫ মে', ১৯৩৬ সিসানা,[1] ৰোহতক জিলা, পঞ্জাব প্ৰদেশ, ব্ৰিটিছ ভাৰত (বৰ্তমান সোনিপথ জিলা, হাৰিয়ানা, ভাৰত) |
মৃত্যু | ৬ ডিচেম্বৰ, ১৯৯৮ (৬১ বছৰ) জয়পুৰ, ৰাজস্থান, ভাৰত |
আনুগত্য | ![]() |
চাকৰি/শাখা | ![]() |
চাকৰিৰ কাৰ্যকাল | ১৯৬৩-১৯৮৮ |
পদমৰ্যদা | ![]() |
চাৰ্ভিছ নাম্বাৰ | আইচি-১৪৬০৮এ |
ইউনিট | ![]() |
নেতৃত্বসমূহ | ৩ গ্ৰেনেডিয়াৰ |
যুদ্ধ-বিগ্ৰহ | ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধ ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধ বসন্তৰৰ যুদ্ধ |
পুৰস্কাৰ | ![]() |
কৰ্ণেল হোশিয়াৰ সিং দাহিয়া (ইংৰাজী: Hoshiar Singh Dahiya), পিভিচি (৫ মে' ১৯৩০-৬ ডিচেম্বৰ ১৯৯৮) ভাৰতীয় সেনাৰ এজন বিষয়া আছিল। ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত দেখুওৱা বীৰত্বৰ বাবে তেখেতে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰ লাভ কৰিছিল।[2]
ৰোহতকৰ এখন জাট কলেজত অধ্যয়ন কৰাৰ পাছত হোশিয়াৰ সিঙে সেনাবাহিনীত যোগদান কৰে। ১৯৬৩ চনৰ ৩০ জুনত ভাৰতীয় সেনাবাহিনীৰ গ্ৰেনেডিয়াৰ্ছ ৰেজিমেণ্টত কমিচন লাভ কৰে।১৯৬৫ চনৰ ৩০ জুনত তেখেতে লেফটেনেন্ট পদলৈ পদোন্নতি লাভ কৰে।[2]
তেওঁৰ প্ৰথম কৰ্মস্থল আছিল উত্তৰ-পূব সীমান্ত অঞ্চলত। ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধত তেওঁ ৰাজস্থান অঞ্চলত অংশ লৈছিল। ১৯৬৯ চনৰ ৩০ জুনত তেওঁ অধিনায়ক পদত পদোন্নতি লাভ কৰে।
|