![]() | |
বিকাশক | WhatsApp Inc. |
---|---|
প্ৰথম মুক্তি | ২০০৯ |
স্থিৰ মুক্তি | 2.12.84 / ১২ মে', ২০১৫ |
লিখা হৈছে | আৰ্লেং[1] |
অপাৰেটিং চিষ্টেম |
|
উপলব্ধ হয় | বহুভাষিক |
প্ৰকাৰ | ক্ষিপ্ৰ বাৰ্তা |
অনুজ্ঞাপত্ৰ | অ-মুক্ত ছফ্টৱেৰ |
ৱেবছাইট | www |
প্ৰতিষ্ঠা | ২০০৯ |
---|---|
প্ৰতিষ্ঠাপক | |
মূখ্য কাৰ্যালয় | মাউণ্টেইন ভিউ, কেলিফৰ্নিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
গৰাকী | ফেচবুক |
কৰ্মচাৰী | ৫৫ |
Parent | ফেচবুক |
ৱেবছাইট | www.whatsapp.com |
হোৱাট্ছএপ মেছেঞ্জাৰ (ইংৰাজী: WhatsApp Messenger) এটা অ-মুক্ত উৎসৰ, একাধিক প্লে’টফৰ্মত ব্যৱহাৰ কৰিব পৰা এটা ক্ষিপ্ৰ বাৰ্তা এপ্লিকেছন। স্মাৰ্টফোনৰ এই এপ্লিকেছনটোৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে পাঠ, ছবি, ভিডিঅ’ আৰু শ্ৰাব্য মিডিয়া বাৰ্তাৰ লগতে সংযুক্ত মেপিং বৈশিষ্টৰ সহায়ত তেওঁলোকৰ অৱস্থানো পঠিয়াব পাৰে। ক্লায়েণ্ট ছফ্টৱেৰটো গুগল এণ্ড্ৰইড, ব্লেকবেৰী অ’এছ, এপল আই অ’এছ, কিছুমান ন’কিয়া চিৰিজ 40, ছীম্বায়ান, ন’কিয়া আচা, মাইক্ৰ’ছফ্ট ৱিণ্ড’জ ফোন আৰু ব্লেকবেৰী 10-ৰ বাবে উপলব্ধ। পূৰ্বে য়াহু!-ৰ কৰ্মচাৰী আমেৰিকান লোক ব্ৰায়ান এক্টন (Brian Acton) আৰু য়াং কুমে (Jan Koum) ২০০৯ চনত হোৱাট্ছএপ ইন্ক’ৰ্প’ৰেচন প্ৰতিষ্ঠা কৰিছিল।[2][3] ইয়াৰ মুখ্য কাৰ্যালয় মাউণ্টেইন ভিউ, কেলিফ’ৰ্নিয়াত অৱস্থিত আৰু ইয়াৰ কৰ্মচাৰীৰ সংখ্যা ৫৫ জন।[4]
কেইবাটাও এছীয়ভিত্তিক বাৰ্তা সুবিধাৰ (LINE, KakaoTalk, WeChat) সৈতে প্ৰতিযোগিতা কৰিবলগীয়া হোৱা হোৱাট্ছএপে ২০১২ চনৰ আগষ্টত প্ৰতিদিনে এশ কোটি বাৰ্তা প্ৰেৰণ কৰিছিল।[5] ২০১২ চনৰ এপ্ৰিলত আৰু আগৰ বছৰৰ অক্টোবৰত এই সংখ্যা আছিল ক্ৰমে ২০ কোটি আৰু ১০ কোটি।[6] ২০১৩ চনৰ ১৩ জুনত হোৱাট্ছএপে ঘোষণা কৰে যে তেওঁলোকে দৈনিক ২৭০ কোটি বাৰ্তা প্ৰেৰণেৰে নতুন অভিলেখ কৰিছে।[7] Financial Times-ৰ মতে, "স্কাইপে লেণ্ডলাইনেৰে আন্তঃৰাষ্ট্ৰীয় ফোন কৰাৰ মুদা মৰাৰ নিচিনাকৈ হোৱাট্ছএপে ম’বাইলৰ ফোনৰ এছ এম এছৰ একে দশা কৰিছে। "[8]
এপ্ৰিল ২০১৫-ৰ তথ্য অনুসৰি প্ৰায় ৮০০ নিযুত সক্ৰিয় ব্যৱহাৰকাৰীৰে হোৱাট্ছএপ বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় বাৰ্তা এপ্।[9]
২০১৪ চনৰ ১৯ ফেব্ৰুৱাৰীত ফেচবুকে ২২ বিলিয়ন আমেৰিকান ডলাৰৰ বিনিময়ত হোৱাট্ছএপ ক্ৰয় কৰে।[4][10]
<ref>
tag; name "wsj20140220" defined multiple times with different content
![]() |
ৱিকিমিডিয়া কমন্সত WhatsApp Messenger সম্পৰ্কীয় মিডিয়া ফাইল আছে। |