হৰপ্পাৰ শস্যৰ গুদাম আৰু সভাঘৰৰ দৃশ্য | |
অৱস্থিতি | চাহিৱাল জিলা, পঞ্জাব, পাকিস্তান |
---|---|
প্ৰকাৰ | আবাসিক এলেকা |
অংশ | সিন্ধু সভ্যতা |
বিস্তৃতি | ১৫০ হেক্টৰ |
ইতিহাস | |
সভ্যতা | সিন্ধু সভ্যতা |
অতিৰিক্ত তথ্য | |
বৰ্তমানৰ অৱস্থা | ধ্বংসপ্ৰাপ্ত |
দেশ | পাকিস্তান |
সৰ্বসাধাৰণৰ প্ৰৱেশাধিকাৰ | উপলব্ধ |
ৱেবছাইট | www |
হৰপ্পা (IPA: [ɦəɽəppa]) পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ এক পুৰাতাত্বিক ক্ষেত্ৰ আৰু ই চাহিৱালৰ পৰা প্ৰায় ২৪ কি:মি: (১৫ মাইল) পশ্চিমত অৱস্থিত। উত্তৰ দিশত প্ৰায় ৮ কি:মি: দূৰেৰে বৈ যোৱা ৰবি নদীৰ কাষৰীয়া আধুনিক যুগৰ গাঁও এখনৰ পৰা ক্ষেত্ৰখনৰ নামটো লোৱা হৈছে। বৰ্তমানৰ এই গাঁওখন ঐতিহাসিক হৰপ্পাৰ পৰা ১ কি:মি: দূৰত্বত অৱস্থিত। আধুনিক কালৰ হৰপ্পা প্ৰায় ১৫,০০০ মানুহৰ বসতিৰে এখন সৰু চহৰ আৰু ইয়াত ইংৰাজৰ দিনৰে এটা ৰেলৱে ষ্টেচন আছে।
এই ঠাইখণ্ডত ব্ৰঞ্জ যুগতেই সিন্ধ আৰু পঞ্জাবক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সিন্ধু সভ্যতাৰ দুৰ্গৰে পৰিৱেষ্টিত নগৰ এখনৰ ধ্বংসাৱশেষ পোৱা যায়।[1] আনুমানিক হিচাপ অনুসৰি পূৰ্ণাংগ কালছোৱাত (খ্ৰীষ্টপূৰ্ব ২৬০০-১৯০০) নগৰখনৰ মুঠ আবাসীৰ সংখ্যা আছিল প্ৰায় ২৩,৫০০ গৰাকী আৰু সেই সময়ৰ হিচাপত ইয়াক বৃহৎ বুলি ক'ব পাৰি। তেওঁলোকে প্ৰায় ১৫০ হেক্টৰ অঞ্চলজুৰি মাটিৰে নিৰ্মিত ইটাৰে সজা ঘৰত বাস কৰিছিল।[2][3] পুৰাতাত্বিক নীতি অনুসৰি পূৰ্বতে জ্ঞাত নোহোৱা কোনো সভ্যতাৰ নামকৰণ ইয়াৰ প্ৰথমটো খননক্ষেত্ৰৰ নামেৰে ৰখাৰ বাবে সিন্ধু সভ্যতাক হৰপ্পাৰ সভ্যতা বুলিও জনা যায়।
ভগ্নাৱশেষৰ ইটাসমূহ লাহোৰ-মূলটান ৰেলপথৰ চিৰি সাজিবলৈ ব্যৱহাৰ কৰাৰ বাবে ইংৰাজ শাসনকালত ঐতিহাসিক হৰপ্পাৰ বিস্তৰ ক্ষতিসাধন হয়। ২০০৫ চনত উক্ত ঠাইৰপৰা এক বিতৰ্কিত প্ৰমোদ-উদ্যানৰ নিৰ্মাণকৰোঁতাই নিৰ্মাণকাৰ্যৰ আৰম্ভণিতে বহুকেইটা পুৰাতাত্বিক অৱশেষ উঠাই পেলায়।[4] পিছলৈ এই নিৰ্মাণকাৰ্য স্থগিত কৰা হয়।
মেহৰগড় আদিৰ দৰে সিন্ধু সভ্যতাৰ প্ৰাচীনতম মূলসমূহ প্ৰায় খ্ৰীষ্টপূৰ্ব ৬০০০ বছৰ পুৰণি। খ্ৰীষ্টপূৰ্ব ২৬০০ মানত পঞ্জাব আৰু সিন্ধ প্ৰদেশত সিন্ধু নদীৰ পাৰত ইয়াৰে দুখন মুখ্য নগৰ ক্ৰমে মহেঞ্জোদাৰো আৰু হৰপ্পাৰ উত্থান ঘটিছিল।[5] ১৯২০ চনত নগৰ কেন্দ্ৰ, বহুমুখী সামাজিক তথা অৰ্থনৈতিক ব্যৱস্থা আৰু এক সম্ভাৱ্য লেখন প্ৰণালীৰে সমৃদ্ধ এই সভ্যতা পুনৰ আৱিষ্কাৰ কৰা হয়। পূবে হিমালয়ৰ পাদদেশৰ পৰা পশ্চিমে পাকিস্তানৰ বেলুচিস্তান, উত্তৰে ভাৰতৰ পঞ্জাবৰ পৰা দক্ষিণে গুজৰাট পৰ্যন্ত অন্য বহুকেইখন ক্ষেত্ৰকো আৱিষ্কাৰ কৰাৰ লগতে ইয়াৰ ওপৰত অধ্যয়ন চলাই থকা হৈছে। ১৮৫৭ চনত লাহোৰ-মূলতান ৰেলপথৰ নিৰ্মাণকালত হৰপ্পাৰ পুৰাতাত্বিক ক্ষেত্ৰৰ ইটাসমূহ ব্যৱহাৰ কৰাৰ ফলত ক্ষেত্ৰখনৰ অনিষ্ট সাধন হয় আৰু বহুসংখ্যক প্ৰত্নতাত্বিক আঁচ-বাব বা ভগ্নাৱশেষ বিচাৰি পোৱা নাযায়।[6][7] এই ইটাসমূহ ৰঙা বালি, মাটি আৰু শিল উচ্চ তাপমাত্ৰাত পুৰি তৈয়াৰ কৰা হৈছিল। ১৮২৬ চনত পশ্চিম পঞ্জাবৰ হৰপ্পাত দয়া ৰাম সাহানীৰ উদ্যোগত প্ৰাথমিক খননকাৰ্য আৰম্ভ হয়।
সিন্ধু সভ্যতা আছিল মূলতঃ শস্যৰ অতিৰিক্ত উৎপাদন আৰু বাণিজ্যই গঢ় দিয়া এক নগৰকেন্দ্ৰীক সভ্যতা। পিছলৈ মেচ'পটেমিয়াৰ দক্ষিণ অংশৰ সুমেৰৰ সৈতে বেহা-বেপাৰৰ ফলতো ই উন্নতি লাভ কৰে। আছুতীয়া চৰাঘৰ, ইটাৰে সজা সমতল ছাঁদৰ ঘৰ, সুৰক্ষা বেষ্টনীৰে ঘেৰা শাসকীয় আৰু ধৰ্মীয় কেন্দ্ৰ আদি মহেঞ্জোদাৰো আৰু হৰপ্পা উভয় স্থানতে দেখা পোৱা বৈশিষ্ট্য।[8] এই সাদৃশ্যসমূহে সিন্ধু সভ্যতাত এক আদৰ্শ পৌৰ নক্সা আৰু পৰিকল্পনাৰ উপস্থিতি সম্পৰ্কে যুক্তিৰ অৱতাৰণা কৰে যদিও ঘাইকৈ এক অৰ্ধ-আয়তাকাৰ নগৰীয় নক্সাৰ বাবেই এনে সাদৃশ্য হোৱা বুলিও ক'ব পৰা যায়।
নগৰ পৰিকল্পনাৰ বিপৰীতে সিন্ধু সভ্যতাৰ জোখ-মাপসমূহৰ উচ্চখাপৰ মানকীকৰণ দেখা পোৱা যায়। এই জোখ-মাপসমূহৰ নিৰ্দিষ্ট মাত্ৰাৰ লগতে সম্ভৱতঃ সম্পত্তিৰ চিনাক্তকৰণ আৰু ইয়াক ইঠাইৰ পৰা সিঠাইলৈ অনা-নিয়া কৰাৰ বাবে বিশেষ ছীল-মোহৰ ব্যৱহাৰ কৰা হৈছিল। তাম আৰু ব্ৰঞ্জৰ ব্যৱহাৰ হৈছিল যদিও লোৰ প্ৰচলন হোৱা নাছিল। কপাহৰ সূতা তৈয়াৰ কৰি কাপোৰ ববলৈ ইয়াত ৰং কৰা হৈছিল। ঘেঁহু, ধান আৰু বিভিন্ন প্ৰকাৰৰ শাক-পাচলি তথা ফল-মূলৰ খেতি কৰা হৈছিল। ষাড়গৰু আৰু যুঁজৰ বাবে কুকুৰাকে ধৰি বিভিন্ন জীৱ-জন্তুকো পোহ মনোৱা হৈছিল।[8][9] জন্তু আৰু জ্যামিতিক নক্সা অংকিত চাকত সজা মাটিৰ পাত্ৰ এই সভ্যতাৰ আটাইবোৰ প্ৰধান পুৰাতাত্বিক ক্ষেত্ৰতে পোৱা গৈছে। প্ৰত্যেকখন নগৰৰ এক কেন্দ্ৰীয় প্ৰশাসনিক ব্যৱস্থাই সিন্ধু সভ্যতাৰ সাংস্কৃতিক সাদৃশ্যকে সূচায়। কিন্তু শাসন ব্যৱস্থাটো কেৱল মুষ্টিমেয় একাংশ লোকৰ হাততেই আছিল নে নাই এই বিষয়ে নিশ্চিতি লাভ কৰিব পৰা হোৱা নাই। হৰপ্পাৰ লোকসকলে সিন্ধু নদীয়েদি পাৰ্চিয়ান উপসাগৰ মেচ'পটেমিয়া ইজিপ্ত আদি ঠাইলৈকে বেহাবেপাৰৰ সম্প্ৰসাৰণ ঘটাইছিল। কিনা-বেচা কৰা মূল্যৱান সামগ্ৰীৰ ভিতৰত ইন্দ্ৰগোপ (carnelian) আৰু লাজৱৰ্ড (lapis lazuli) আদি ৰত্নও আছিল।[10]
হৰপ্পাত ৩৩০০-৩২০০ খ্ৰীষ্টপূৰ্বৰ মাটি আৰু শিলৰ ফলি উদ্ধাৰ কৰা হৈছে য'ত ত্ৰিশূল আৰু গছৰ আকৃতিৰ চিহ্ন অঁকা আছে। এই চিহ্নসমূহ লিপি হয় নে নহয় তাক ঠাৱৰ কৰিব পৰা হোৱা নাই। এই চিহ্নসমূহ মেচ'পটেমিয়াৰ সুমেৰীয় লিপিতকৈয়ো (খ্ৰীষ্টপূৰ্ব ৩১০০) পুৰণি। পিছলৈ সিন্ধু লিপিৰ ৰূপ লোৱা লেখন পদ্ধতিৰ সৈতে ইয়াৰ মিল দেখা পোৱা যায়।[11]
হৰপ্পাৰ সমাজখন সম্পূৰ্ণ শান্তিপ্ৰিয় আছিল বুলি ক'ব নোৱাৰি কিয়নো এই ঠাইত উদ্ধাৰ কৰা মানুহৰ লাওখোলাসমূহত পোৱা আঘাতৰ হাৰ (১৫.৫%) প্ৰাকঐতিহাসিক কালৰ দক্ষিণ এছিয়াৰ ভিতৰতে সৰ্বাধিক হাৰসমূহৰ অন্যতম।[12]