হৰম'ন ৰিপ্লেচমেণ্ট থেৰাপী ইংৰাজী: Hormone replacement therapy, হৈছে মহিলাৰ ৰজোনিবৃত্তিৰ সৈতে জড়িত লক্ষণসমূহৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা এক হৰম'ন চিকিৎসা। ইয়াক ৰজোনিবৃত্তিৰ পিছৰ হৰম'ন থেৰাপী বা ৰজোনিবৃত্তিৰ পিছৰ হৰম'ন চিকিৎসা বুলিও কোৱা হয়।[1][2] ৰজোনিবৃত্তিৰ প্ৰভাৱত হঠাতে গৰম লগা, ছালৰ বয়স বৃদ্ধি হোৱা, যোনি শুকান হোৱা, পেশীৰ ভৰ হ্ৰাস পোৱা, অষ্টিঅ’পৰ’ছিছ (হাড়ৰ ক্ষয়), যৌন অক্ষমতা, আদি লক্ষণ হ’ব পাৰে। এই লক্ষণসমূহৰ বেছিভাগেই ৰজোনিবৃত্তিৰ সময়ত যৌন হৰম'ন (যেনে এষ্ট্ৰোজেনৰ) মাত্ৰা হ্ৰাস পোৱাৰ বাবে হয়। [1][2] হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপীত ব্যৱহৃত প্ৰধান হৰম’ন ঔষধ হৈছে এষ্ট্ৰোজেন আৰু প্ৰজেষ্টেৰন। প্ৰজেষ্টেৰন হৈছে প্ৰাকৃতিকভাৱে হোৱা মহিলাৰ প্ৰধান যৌন হৰম'ন যাৰ দ্বাৰা ৰজোনিবৃত্তিৰ হৰম'ন চিকিৎসাত ব্যৱহাৰ কৰা ঔষধো প্ৰস্তুত কৰা হয়।[1] [3][4] যদিও দুয়োটা শ্ৰেণীৰ হৰম’নৰ পৰাই লক্ষণীয়ভাৱে লাভৱান হ’ব পাৰি, তথাপিও এণ্ডোমেট্ৰিয়েল কেন্সাৰৰ বৃদ্ধি পোৱা সম্ভাৱনাৰ পৰা হাত সাৰিবলৈ এষ্ট্ৰোজেন ৰেজিমেনত প্ৰজেষ্টেৰʼন বিশেষভাৱে যোগ কৰা হয়, যদিহে জৰায়ু আঁতৰোৱা হোৱা নাই। এষ্ট্ৰোজেন চিকিৎসাই এণ্ডোমেট্ৰিয়েল হাইপাৰপ্লাছিয়াক প্ৰসাৰিত কৰে আৰু কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰে, আনহাতে প্ৰজেষ্টেৰনে এই আশংকা হ্ৰাস কৰে।[3][4] টেষ্টষ্টেৰনৰ দৰে এণ্ড্ৰজেনও কেতিয়াবা ব্যৱহাৰ কৰা হয়।[5] হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী বিভিন্ন উপায়েৰে উপলব্ধ।[1][2]
ৰজোনিবৃত্তিৰ লক্ষণসমূহৰ পৰা উপশম পোৱাৰ বাবে হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী ব্যৱহাৰ কৰা হয়। ইয়াক এই থেৰাপী ৰজোনিবৃত্তিৰ হৰম’ন থেৰাপী আৰু এষ্ট্ৰোজেন ৰিপ্লেচমেণ্ট থেৰাপী বুলিও কোৱা হয়। হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপীয়ে ৰজোনিবৃত্তি আৰম্ভ হ’লে নিম্ন মাত্ৰাত থকা হৰম’নৰ (এষ্ট্ৰোজেন, প্ৰজেষ্টেৰন) ঠাই লৈ দুয়োটাৰে ভাৰসাম্য ৰক্ষা কৰে। যিহেতু হৰম’নে উদ্বিগ্নতা, ভোক, শৰীৰৰ উষ্ণতা, মগজুৰ কাৰ্য্যক্ষমতা, হৃদস্পন্দন, বিপাক ক্ৰিয়া, মেজাজ, টোপনিৰ চক্ৰ, যৌন কাৰ্য্য, মানসিক চাপ, প্ৰস্ৰাৱ, আদি নিয়ন্ত্ৰণ কৰে, হৰম’নৰ ভাৰসাম্যহীনতাই (অতি কম বা অতি বেছি) অস্বস্তিৰ সৃষ্টি কৰিব পাৰে। ভাৰসাম্য ঘূৰাই আনিবলৈ হৰম’নৰ বিভিন্ন সংমিশ্ৰণ আৰু ইয়াক গ্ৰহণ কৰাৰ বিভিন্ন উপায় আছে: ক্ৰীম, পেত্চ, বড়ি আদি।[5] ৰজোনিবৃত্তিৰ লক্ষণসমূহ অতি দুখজনক হ’ব পাৰে আৰু ইয়াৰ ফলত মহিলাসকলৰ ব্যক্তিগত, সামাজিক আৰু কৰ্মজীৱনত যথেষ্ট প্ৰভাৱ পৰিব পাৰে।
ৰজোনিবৃত্তিৰ এইচ.আৰ.টি.-ত ব্যৱহৃত ঔষধবোৰ প্ৰশাসনৰ বিভিন্নধৰণে ব্যৱহাৰৰ বাবে বিভিন্ন ফৰ্মুলেচনত উপলব্ধ:[1][2]
হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপীৰ ইতিহাস ১৯৬০ চনৰ পৰা আৰম্ভ হৈছিল, ১৯৯০ চনত ইয়াৰ জনপ্ৰিয়তা অতিকৈ বাঢিছিল। ১৯৬০-ৰ দশকত নাৰীবাদী আন্দোলনে মহিলাৰ স্থিতি আৰু জীৱনৰ প্ৰত্যাশা সলনি কৰিছিল আৰু লগতে ৰজোনিবৃত্তি চিকিৎসাক উৎসাহিত কৰিছিল। বিশেষকৈ ইউৰোপীয় দেশসমূহত, ইয়াক "চিৰকালৰ বাবে নাৰী" ধাৰণাৰ সৈতে সংযোজিত কৰা হৈছিল। ১৯৬৬ চনত প্ৰকাশিত উইলছনৰ কিতাপ ("চিৰকালৰ বাবে নাৰী") বেষ্টচেলাৰ হৈ পৰিছিল, ইয়াৰ দাবী আছিল যে "ৰজোনিবৃত্তি হৈছে এক হৰমনৰ অভাৱৰ ৰোগ, নিৰাময়যোগ্য আৰু সম্পূৰ্ণৰূপে প্ৰতিৰোধযোগ্য, মাত্ৰ এষ্ট্ৰোজেন গ্ৰহণ কৰক" [6]। হৰমন ৰিপ্লেচমেণ্ট থেৰাপী / এক থেৰাপী হিচাপে উপস্থাপন কৰা হৈছিল যিয়ে মহিলাসকলক এষ্ট্ৰোজেন হেৰুওৱাৰ পৰা নিজকে মুক্ত কৰিব আৰু তেওঁলোকৰ নাৰীত্ব সংৰক্ষণ কৰিব পাৰা এটা ওপায় বুলি ধৰণা কৰা হৈছিল। ১৯৭০-ৰ দশকত, এণ্ডোমেট্ৰিয়েল কৰ্কটৰোগৰ বৰ্ধিত বিপদাশংকাৰ সৈতে বিনা প্ৰতিদ্বন্দ্বিতামূলক এষ্ট্ৰোজেন পৰিপূৰকবোৰ সম্পৰ্কিত বুলি পোৱা তথ্যই হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপীৰৰ খ্যাতিৰ ওপৰত বেয়া প্ৰভাৱ পেলাইছিল।[7] [8] এষ্ট্ৰোজেন প্ৰয়োগ আৰু এণ্ডোমেট্ৰিয়েল কৰ্কট ৰোগৰ বিকাশৰ মাজত এক সম্ভাৱ্য সম্পৰ্ক পৰিলক্ষিত হৈছিল।[9] তথাপিও, পৰৱৰ্তী বছৰবোৰত, গৱেষকসকলে আৱিষ্কাৰ কৰিছিল যে এষ্ট্ৰোজেনৰ পৰিমাণ হ্ৰাস আৰু ইয়াক প্ৰজেষ্টেৰনৰ সৈতে মিহলি কৰিলে এণ্ডোমেট্ৰিয়েল কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে।[10] অক্ষত জৰায়ু থকা মহিলাসকলৰ বাবে এনে সংযুক্ত চিকিৎসাৰ পৰামৰ্শ দিয়া হৈছিল, যাৰ ফলত এই চিকিৎসাৰ প্ৰতি নতুন উৎসাহ বৃদ্ধি হয়। এফ.ডি.এ.য়ে আৰম্ভণিতে কেৱল হট ফ্লেছ(হঠাতে গৰম লগা)ৰ চিকিৎসাৰ বাবেহে অনুমোদন কৰিছিল, দীৰ্ঘম্যাদী স্থিতি প্ৰতিৰোধৰ বাবে নহয়। কিন্তু ১৯৮৮ চনত কিন্তু 1988 চনত অষ্টিওপোৰোচিছ প্ৰতিৰোধকো অন্তৰ্ভুক্ত কৰা হৈছিল।[11][12] তদুপৰি, একে বছৰতে, অজস্ৰ পৰ্যৱেক্ষণমূলক অধ্যয়নে [13] [14] [15] [16]। পৰামৰ্শ দিছিল যে এই থেৰাপীৰ বিভিন্ন লাভালাভ আছে, কেৱল ৰজোনিবৃত্তিৰ লক্ষণবোৰৰ চিকিৎসাৰ ক্ষেত্ৰত নহয়, লগতে দীৰ্ঘম্যাদী ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতো। সেয়েহে, ধাৰণাটো "চিৰকালৰ বাবে নাৰী" ৰ পৰা "চিৰদিনৰ বাবে স্বাস্থ্যৱান" লৈ সলনি হৈছিল। [17]এইচ.আৰ.টি.-ৰ ব্যৱহাৰ আৰু বৃদ্ধি পাইছিল, আৰু আমেৰিকান কলেজ অফ ফিজিচিয়ানে ৰজোনিবৃত্তিৰ পিছৰ মহিলাসকলৰ দীৰ্ঘম্যাদী ৰোগৰ বাবে প্ৰতিৰোধমূলক চিকিৎসা হিচাপে এইচ.আৰ.টি. ব্যৱহাৰ কৰাৰ বাবে প্ৰথম নিৰ্দেশনা বিকশিত কৰিছিল, যদিও বিশেষজ্ঞসকলে এষ্ট্ৰোজেনৰ লাভালাভৰ ওপৰত প্ৰজেষ্ট্নৰ প্ৰভাৱৰ বিষয়ে কিছু উদ্বেগ প্ৰকাশ কৰিছিল, বিশেষকৈ কাৰ্ডিওভাস্কুলাৰ প্ৰণালীত। [18]
এই থেৰাপী আৰু ৰজোনিবৃত্তিৰ পিছৰ অৱস্থাৰ ওপৰত প্ৰথম ক্লিনিকেল ট্ৰায়েল ১৯৯০ চনৰ শেষৰ ফালে আমেৰিকাত আৰম্ভ কৰা হৈছিল। ২০০২ চনত মহিলা স্বাস্থ্য পদক্ষেপৰ প্ৰথম ফলাফল ঘোষণা কৰা হৈছিলা ফলাফলত দেখা গ’ল যে এইচ আৰ টিৰ উপকাৰী প্ৰভাৱতকৈ ক্ষতিকাৰক প্ৰভাৱ বেছি, ফলত হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপীৰ ব্যৱহাৰ হ্ৰাস পাইছিল।[19]
১৯৯৮ চনত, মহিলাৰ স্বাস্থ্য পদক্ষেপ বা ৱমেন হেল্থ ইনিচিয়েটিভৰ (Women Health Initiative) দ্বাৰা এক অধ্যয়ন আৰম্ভ কৰা হৈছিল, যি এতিয়ালৈকে সৰ্ববৃহৎ যাদৃচ্ছিক অধ্যয়ন। ইয়াৰ উদ্দেশ্য আছিল ৰজোনিবৃত্তিৰ পিছৰ মহিলাৰ মৃত্যু আৰু বিকলাঙ্গতাৰ আটাইতকৈ সচৰাচৰ কাৰণবোৰৰ ওপৰত হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপীৰ প্ৰভাৱ মূল্যাঙ্কন কৰা, যেনে কাৰ্ডিওভাস্কুলাৰ ৰোগ, কৰ্কট ৰোগ, আৰু অষ্টিওপোৰোচিছ। জৰায়ু থকা ১৬৬০৮ অংশগ্ৰহণকাৰী মহিলাসকলক যাদৃচ্ছিকভাৱে প্ৰাপ্ত কৰা হৈছিল আৰু ০.৬২৫ মি.গ্ৰা. কনজুগেটেড ইকুইন এষ্ট্ৰোজেন আৰু ২.৫ মি.গ্ৰা. মেড্ৰক্সিপ্ৰোজেষ্টেৰন এচিটেটৰ সংমিশ্ৰণ দিয়া হছিল, আৰু ১০,৭৩৯ অংশগ্ৰহণকাৰী জৰায়ু নথকা মহিলাক ০.৬২৫ মিগ্ৰা সংযোজিত ইকুইন প্লেচেবো দিয়া হছিল। প্ৰথম ফলাফল ৫.২ বছৰৰ গড় অনুসৰণ ম্যাদৰ পিছত ২০০২ চনত প্ৰকাশ কৰা হৈছিল। অক্ষত জৰায়ু থকা গোটটোত, অষ্টিওপোৰোটিক ফ্ৰেকচাৰ আৰু কলোৰেক্টল কৰ্কট হ্ৰাস হোৱাৰ সৈতে সহগামী হৈ কৰোনেৰী হৃদৰোগ আৰু স্তন কেন্সাৰৰ বৰ্ধিত ঘটনা দেখা গৈছিল [20]। এই ফলাফলবোৰৰ পৰিপ্ৰেক্ষিতত, এনে লাগিছিল যে বিপদাশংকাবোৰ লাভালাভতকৈ অধিক আছিল, আৰু পৰীক্ষণটো অকালতে বন্ধ কৰা হৈছিল। তথ্যবোৰ মুখ্যতঃ সংবাদ মাধ্যমলৈ প্ৰচাৰ কৰা হৈছিল, যাৰ ফলত এইচ.আৰ.টি. ব্যৱহাৰকাৰীসকলৰ মাজত আতংকৰ সৃষ্টি হৈছিল আৰু এইচ.আৰ.টি. নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত চিকিৎসকসকলৰ বাবে নতুন নিৰ্দেশনা দিবলৈ বাধ্য হৈছিল। বাৰ্তাটো আছিল যে প্ৰশাসনৰ প্ৰকাৰ আৰু পথৰ কোনো নিৰ্দিষ্টতা নথকা এইচ.আৰ.টি. লাভালাভতকৈ অধিক বিপদাশংকাৰ সৈতে সম্পৰ্ক আছিল। অৱশ্যে, ব্যৱহাৰকাৰী আৰু তেওঁলোকৰ বয়সৰ মাজত কোনো পাৰ্থক্য কৰা হোৱা নাছিল।[21] অধ্যয়নটোৰ নেতিবাচক ফলাফলে ব্যাপক প্ৰচাৰ লাভ কৰিছিল, যাৰ ফলত একাংশ ব্যৱহাৰকাৰীৰ মাজত আতংকৰ সৃষ্টি হৈছিল আৰু চিকিৎসকসকলৰ বাবে এইচ আৰ টি প্ৰেছক্ৰিপচনৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা দিয়া হৈছিল। সংবাদ মাধ্যমৰ পৰা স্পষ্ট বাৰ্তাটো আছিল যে এইচ আৰ টিৰ সকলো মহিলাৰ বাবে উপকাৰতকৈ বিপদ বেছি। এই ফলাফলবোৰৰ পৰিপ্ৰেক্ষিতত, এনে লাগিছিল যে বিপদাশংকাবোৰ লাভালাভতকৈ অধিক আছিল, আৰু পৰীক্ষণটো অকালতে বন্ধ কৰা হৈছিল। তথ্যবোৰ মুখ্যতঃ সংবাদ মাধ্যমলৈ প্ৰচাৰ কৰা হৈছিল, যাৰ ফলত হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী ব্যৱহাৰকাৰীসকলৰ মাজত আতংকৰ সৃষ্টি হৈছিল আৰু এইচ.আৰ.টি. নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত চিকিৎসকসকলৰ বাবে নতুন নিৰ্দেশনা দিবলৈ বাধ্য হৈছিল। বাৰ্তাটো আছিল যে প্ৰশাসনৰ প্ৰকাৰ আৰু পথৰ কোনো নিৰ্দিষ্টতা নথকা হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী লাভালাভতকৈ অধিক বিপদাশংকাৰ সৈতে সম্পৰ্ক আছিল। অৱশ্যে, ব্যৱহাৰকাৰী আৰু তেওঁলোকৰ বয়সৰ মাজত কোনো পাৰ্থক্য কৰা হোৱা নাছিল।[22] তাৰ পিছৰ বছৰবোৰত এই বিষয়টো মহিলা স্বাস্থ্য পদক্ষেপ(ৱমেন হেল্থ ইনিচিয়েটিভ)ৰ দ্বাৰা পুনৰ বিশ্লেষণ কৰা হয় আৰু নতুন গৱেষণাৰ পৰা দেখা গ’ল যে কম বয়সীয়া মহিলা বা ৰজোনিবৃত্তিৰ পিছৰ আৰম্ভণিৰ মহিলাৰ ক্ষেত্ৰত এইচ আৰ টিৰ ব্যৱহাৰে হৃদযন্ত্ৰৰ ওপৰত উপকাৰী প্ৰভাৱ পেলায়, ক’ৰ’নাৰী ৰোগ আৰু সকলো কাৰণতে হোৱা মৃত্যুৰ হাৰ হ্ৰাস কৰে। ইয়াৰ পিছতো এইচ আৰ টিৰ ওপৰত জনমত এতিয়াও সলনি হোৱা নাই, যাৰ ফলত মহিলাৰ স্বাস্থ্য আৰু জীৱনৰ মানদণ্ডৰ বাবে গুৰুত্বপূৰ্ণ নেতিবাচক পৰিণতিৰ সৃষ্টি হৈছে। ইউনিভাৰ্চিটি অৱ ব্ৰিষ্টলৰ নেতৃত্বত কৰা ক্লিনিকেল ট্ৰায়েলৰ ফলাফলত দেখা গৈছে যে হৰম’ন থেৰাপীয়ে এড্ৰিনেলৰ সমস্যা থকা ৰোগীৰ লক্ষণসমূহ উন্নত কৰে।[23]
২০২১ চনত প্ৰকাশিত এটা পৰ্যালোচনামূলক প্ৰবন্ধত দেখুৱাইছে যে এই থেৰাপীয়ে বহুতো স্বাস্থ্যজনিত অৱস্থাৰ ক্ষেত্ৰত ফলপ্ৰসূ সকাহ দিব পাৰে, আৰু পৃথক সমস্যাৰ বাবে একাধিক চিকিৎসাৰ প্ৰয়োজনীয়তা এৰাই চলিব পাৰে। দুৰ্ভাগ্যজনকভাৱে বহু মহিলা আৰু চিকিৎসকৰ মাজত এই থেৰাপীৰ সুবিধা/বিপদৰ ধাৰণা বিকৃত, আৰু ইয়াৰ ব্যৱহাৰ এৰাই চলা দেখা যায়, যাৰ ফলত অপ্ৰয়োজনীয় উত্তেজনাৰ সৃষ্টি হয়। ৱমেন হেল্থ ইনিচিয়েটিভৰ পিছত বহু চিকিৎসকে হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী দিবলৈ পৰ্যাপ্ত প্ৰশিক্ষণ লাভ কৰা নাই। ৰজোনিবৃত্তিৰ ১০ বছৰৰ ভিতৰত এই থেৰাপী আৰম্ভ কৰিলে সকলো কাৰণতে হোৱা মৃত্যু আৰু ক’ৰ’নাৰী ৰোগ, অষ্টিঅ’পৰ’ছিছ, ডিমেনচিয়াৰ সম্ভাৱনা হ্ৰাস পায় বুলি এই তথ্যত প্ৰকাশিত।[24]
গৱেষণাৰ পৰা দেখা গৈছে যে ৰজোনিবৃত্তিৰ ১০ বছৰৰ ভিতৰত হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী আৰম্ভ কৰিলে সকলো কাৰণতে হোৱা মৃত্যু আৰু ক’ৰ’নাৰী ৰোগ, অষ্টিঅ’পৰ’ছিছ, ডিমেনচিয়াৰ সম্ভাৱনা হ্ৰাস পায়। [25] আমেৰিকাত হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী অনুমোদিত ব্যৱহাৰৰ ভিতৰত ৰজোনিবৃত্তিৰ লক্ষণ যেনে গৰম লগা আৰু যোনিৰ এট্ৰফিৰ হ্ৰস্বম্যাদী চিকিৎসা আৰু অষ্টিঅ'পৰ'ছিছ প্ৰতিৰোধ কৰা আদি অন্তৰ্ভুক্ত। আমেৰিকান কলেজ অৱ অব্ষ্টেট্ৰিস্ক এণ্ড গাইনেক'লজীয়ে ৰজোনিবৃত্তিৰ লক্ষণসমূহৰ পৰা সকাহ পোৱাৰ বাবে এই চিকিৎসাৰ অনুমোদন দিয়ে,[26] আৰু উপযুক্ত পৰিস্থিতিত ৬৫ বছৰৰ পিছত ইয়াৰ ব্যৱহাৰৰ পোষকতা কৰে।[27] উত্তৰ আমেৰিকান মেনোপজ ছ'চাইটি ২০১৬ চনৰ বাৰ্ষিক সভাত উল্লেখ কৰা হৈছে যে ৬০ বছৰৰ আগৰ মহিলাৰ ক্ষেত্ৰত হৰম'ন ৰিপ্লেচমেণ্ট থেৰাপীৰ বিপদতকৈ অধিক সুবিধা হ'ব পাৰে।[28] এই চিকিৎসা সাধাৰণতে মহিলাসকলৰ ৰজোনিবৃত্তিৰ পিছত, 'পেৰিমেন'প'জ' বা অস্ত্ৰোপচাৰৰ দ্বাৰা প্ৰৰোচিত ৰজোনিবৃত্তিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ৰজোনিবৃত্তি হ’ল ডিম্বাশয়ৰ ফলিকুলাৰ কাৰ্য্যকলাপ হেৰুৱাৰ ফলত ঋতুস্ৰাৱ স্থায়ীভাৱে বন্ধ হয়। ঋতুচক্ৰ বন্ধ হোৱাৰ বাৰ মাহৰ পিছত ৰজোনিবৃত্তিৰ আৰম্ভ বুলি সংজ্ঞায়িত কৰা হয়। এই বাৰ মাহৰ সময় বিন্দুটোৱে ৰজোনিবৃত্তিক প্ৰাৰম্ভিক আৰু শেষৰ পৰিৱৰ্তনকালত ভাগ কৰে যাক 'পেৰিমেন'প'জ' আৰু 'পোষ্টৰমেন'প'জ' বুলি জনা যায়।[29] ডিম্বাশয় অস্ত্ৰোপচাৰ কৰি আঁতৰাই দিলে অকাল ৰজোনিবৃত্তি হ’ব পাৰে, যিটো ডিম্বাশয় বা জৰায়ুৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে কিছুমান ক্ষেত্ৰত কৰা হয়।