হ'ৰক্ৰাক্স (ইংৰাজী: Horcrux) হৈছে ইংৰাজ লেখিকা জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰ গ্ৰন্থ শৃংখলাত উল্লিখিত এবিধ যাদুকৰী সামগ্ৰী।[1] এই যাদুকৰী সামগ্ৰীৰ মাজত এজন লোকে নিজৰ প্ৰাণশক্তিৰ একাংশ লুকুৱাই ৰাখিব পাৰে। হ'ৰক্ৰাক্সটো সুৰক্ষিত অৱস্থাত থাকিলে উক্ত লোকজনৰ জীৱনো সুৰক্ষিত হৈ থাকে। এক কথাত তেওঁক মাৰিব পৰা নাযায়। শৃংখলাটোত এই পদ্ধতিৰে অমৰ হোৱাৰ চেষ্টা কৰা অন্যতম ব্যক্তি হিচাপে ক'লা যাদুকৰ ভ'লডেম'ৰ্টৰ বৰ্ণনা আছে।[2][3]
হ'ৰক্ৰাক্স একোটা নিৰ্মাণ কৰাটো যাদু পৃথিৱীৰ কঠিনতম তথা ভয়ংকৰ ক'লা যাদুসমূহৰ অন্যতম। প্ৰফেছাৰ শ্লাগ্হৰ্নে কিশোৰ ভ'লডেম'ৰ্ট অৰ্থাৎ টম ৰিডলক কৈছে যে ইয়াৰ বাবে নিজৰ প্ৰাণটোৰ এডোখৰ নিলগাই উলিয়াই পেলোৱাৰ প্ৰয়োজন। তাকে কৰিবলৈ নিৰ্মাতাজনে কাৰোবাক হত্যা কৰাটো জৰুৰী। প্ৰাণটোক ভগ্নাংশলৈ পৰিৱৰ্তিত কৰাৰ লগে লগেই নিৰ্মাতাজনৰ মানৱীয় গুণসমূহ কমি আহে।[4] যিকোনো জড় পদাৰ্থ অথবা জীৱকে হ'ৰক্ৰাক্সৰ ৰূপ দিব পাৰি। জীৱন্ত হ'ৰক্ৰাক্স আৰু মূল প্ৰাণধাৰী দেহটোৰ মাজত মনঃসংযোগ থাকে। সাধাৰণতে বিশেষ মন্ত্ৰোচ্চাৰণৰ প্ৰয়োজন হয় যদিও বিশেষ পৰিস্থিতিত নিৰ্মাতাজনৰ ইচ্ছা আৰ মন্ত্ৰ অবিহনেই হ'ৰক্ৰাক্স একোটা সৃষ্টি হ'ব পাৰে। উদাহৰণস্বৰূপে হেৰী পটাৰ নিজেই ভ'লডেম'ৰ্টৰ এটা হ'ৰক্ৰাক্স আছিল আৰু তেওঁলোক দুয়ো এই বিষয়ে অজ্ঞাত আছিল। হেৰীক শিশু অৱস্থাতে মাৰিবৰ চেষ্টা কৰোঁতেই নিজৰ অভিশাপটো উলোটাই লাগি ভ'লডেম'ৰ্টৰ শৰীৰটো ধ্বংস হৈছিল। তেতিয়াই তেওঁৰ শৰীৰহীন প্ৰাণৰ একাংশ কোঠাৰ একমাত্ৰ জীৱিত ব্যক্তি হেৰীৰ দেহত সোমাইছিল।[5]
কোনো এটা সামগ্ৰী হ'ৰক্ৰাক্সলৈ পৰিৱৰ্ত্তিত কৰাৰ পিছত তাক ধ্বংস কৰাটো কঠিন হৈ পৰে। খুবেই শক্তিশালী তথা বিধ্বংসী দুই এটা যাদু যেনে ফিয়েণ্ডফায়াৰৰ (ইংৰাজী: fiendfyre) দ্বাৰা ইয়াক নষ্ট কৰিব পাৰি। বাচিলিস্কৰ (এবিধ কাল্পনিক অতিশয় বিষধৰ সৰীসৃপ) বিহো এইক্ষেত্ৰত ফলপ্ৰসূ। গ্ৰীফিন্দৰ হাউচৰ প্ৰতিষ্ঠাপক গডৰিক গ্ৰীফিন্দৰৰ গব্লিনে সজা তৰোৱালো এইক্ষেত্ৰত কাৰ্যকৰী।
শৃংখলাটোত শেষৰ দুখন গ্ৰন্থতহে হ'ৰক্ৰাক্সৰ উল্লেখ আৰু বিশদ বৰ্ণনা আছে যদিও দ্বিতীয় গ্ৰন্থ চেম্বাৰ অব্ চিক্ৰেট্ছতো ডায়েৰীৰ ৰূপত এটা হ'ৰক্ৰাক্সৰ কথা উল্লেখ আছে যিটোৰ প্ৰকৃত পৰিচয় ৰাওলিঙে হাফ্-ব্লাড প্ৰিন্সতহে ডাঙি ধৰিছে। ভলডেম'ৰ্টৰ মুঠ সাতটা হ'ৰক্ৰাক্স হৈছে-
|