১১ নৱেম্বৰ (ইংৰাজী: 11 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১৫তম (অধিবৰ্ষত ৩১৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
- ১৮৬৬ - কেশৱ সেনৰ নেতৃত্বত কলকাতাত আদি ব্ৰহ্ম সমাজ প্ৰতিষ্ঠিত হয়।
- ১৯১৮ - চৰকাৰীভাৱে প্ৰথম বিশ্বযুদ্ধৰ সামৰণি পৰে আৰু অষ্ট্ৰিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় আৰু জাৰ্মানীয়ে পৰাজয় স্বীকাৰ কৰে।
- ১৯২৩ - হিটলাৰক গ্ৰেপ্তাৰ কৰা হয়।
- ১৯৬৮ - মালদ্বীপত গণতন্ত্ৰৰ প্ৰচলন হয়।
- ১৯৭০ - মহেন্দ্ৰ মোহন চৌধুৰীয়ে অসমৰ মুখ্যমন্ত্ৰী পদ অলংকৃত কৰে আৰু তেওঁ ১৯৭২ চনৰ ৩০ জানুৱাৰীলৈকে মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰে।
- ১৯৭৫ - এংগোলা পৰ্তুগীজ শাসনৰ পৰা মুক্ত হয়।
- ২০১২ - বিশ্বৰ সকলোতকৈ কম খৰচী তথা ভাৰত চৰকাৰ, আই আই টি ব’ম্বে আৰু ভাৰতীয় নিৰ্মাতা QUADৰ সহযোগত ব্ৰিটিছ কোম্পানী ডাটাৱিণ্ডে নিৰ্মাণ এণ্ড্ৰইড প্ৰযুক্তিৰ টেবলেটৰ এক শৃংখলা আকাশ টেবলেট মুকলি কৰে।
- ১৮২১ - ফিওদোৰ দস্তয়েভস্কি, ৰাছিয়াৰ সাহিত্যিক।
- ১৮৬৭ - শ্ৰীমদ ৰাজচন্দ্ৰ, ভাৰতীয় দাৰ্শনিক।
- ১৮৮৮ - জে. বি. কৃপালনী, ভাৰতীয় ৰাজনীতিক।
- ১৮৮৮ - মৌলানা আবুল কালাম আজাদ, স্বাধীন ভাৰতৰ প্ৰথমজন শিক্ষামন্ত্ৰী। প্ৰতি বছৰে তেওঁৰ জন্ম দিনটো ভাৰতত ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয়।
- ১৯৮৫ - ৰবীন উথাপ্পা, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৬৬ - ডিম্বেশ্বৰ নেওগ, অসমীয়া সাহিত্যিক।
- ১৯৮১ - ৰমা দাস, অসমীয়া সাহিত্যিক।
- ২০২২ - ৰবীন বণিক্য, অসমীয়া নাট্যকাৰ, পৰিচালক, গীতিকাৰ, সুৰকাৰ তথা ৰাজনীতিক।