১৯৮৪ শিখ বিৰোধী সংঘৰ্ষ | |
---|---|
তাৰিখ | ৩১ অক্টোবৰ ১৯৮৪ | – ৩ নৱেম্বৰ ১৯৮৪
স্থান | |
কাৰণ | ইন্দিৰা গান্ধীৰ হত্যা |
পদ্ধতি | লুণ্ঠন, নৰসংহাৰ, অগ্নিসংযোগ, অপহৰণ, ধৰ্ষণ, এচিড আক্ৰমণ |
হতাহত | |
নিহত | ৮,০০০ - ১৭,০০০জন শিখ |
১৯৮৪ শিখ বিৰোধী সংঘৰ্ষ বা ১৯৮৪ শিখ গণহত্যা বুলিলে[1][2][3][4][5] শিখ দেহৰক্ষীৰ দ্বাৰা হোৱা ইন্দিৰা গান্ধীৰ হত্যাৰ প্ৰতিশোধ পূৰবালৈ ভাৰতীয় শিখসকলৰ বিৰুদ্ধে চলোৱা শিখ বিৰোধী উন্মত্ত জনতা, মূলতঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্যসকলে চলোৱা এলানি কাৰ্যসূচীকে বুজায়। সেই কাণ্ডত সমগ্ৰ ভাৰতবৰ্ষত ২৮০০জন লোকৰ ম়ত্যু হৈছিল; কেৱল দিল্লীতে মৃত্যু হৈছিল ২১০০ জনৰ।[6][3] কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ'ৰ মতে এই হিংসাত্মক ঘটনা দিল্লী পুলিচ আৰু কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থনত সংঘটিত হৈছিল।[7] ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত পুত্ৰ ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰীৰ স্থলাভিষিক্ত কৰা হৈছিল আৰু এই সংঘৰ্ষৰ প্ৰসংগত তেওঁৰ মন্তব্য আছিল, “যেতিয়া এডাল ডাঙৰ গছ বাগৰি পৰে, তেতিয়া চৌপাশৰ মাটি কঁপিবই”।[8]
১৯৭৩ চনত আনন্দপুৰ চাহিব প্ৰস্তাৱৰ যোগে পঞ্জাব আৰু শিখসকলৰ বাবে বিশেষ মৰ্যাদা বিচৰা হয়। ১৯৭০ দশকৰ শেষৰ ফালে আৰু ১৯৮০ দশকৰ আৰম্ভণিৰ ফালে প্ৰাদেশিক আৰু ধৰ্মীয় ৰাজনীতিৰ বাবে পঞ্জাবৰ আইন-শৃঙ্খলা পৰিস্থিতিৰ অৱনতি ঘটিছিল আৰু ফলস্বৰূপে ১৯৮৩ত প্ৰাদেশিক চৰকাৰখনক বৰ্খাস্ত কৰা হৈছিল।[9][10]
শিখসকৰ এটা অংশই জাৰ্ণাইল সিং ভিন্দ্ৰনৱালেৰ নেতৃত্বত উগ্ৰবাদী কাৰ্যকলাপত লিপ্ত হৈছিল; কিছুমান শিখ উগ্ৰবাদী গোটে এখন পৃথক দেশ "খালীস্তান" বিচাৰি ভাৰত চৰকাৰৰ বিৰুদ্ধে উগ্ৰবাদী কাৰ্যকলাপ চলাই গৈছিল। কিছুমানে আকৌ আনন্দপুৰ চাহিব প্ৰস্তাৱৰ আধাৰত ভাৰতৰ ভিতৰতে এখন স্বায়ত্ত্বশাসিত প্ৰদেশ বিচাৰিছিল। বৃহৎ সংখ্যক শিখ জনতাই কিন্তু উগ্ৰবাদী কাৰ্যকলাপৰ বিৰোধিতা কৰিছিল।[11]
১৯৮৩ লৈ পঞ্জাবৰ পৰিস্থিতি হিংসা-সন্ত্ৰাসত জৰ্জড়িত হৈ পৰিছিল। সেই বছৰৰ অক্টোবৰত কেইজনমান শিখ উগ্ৰপন্থীয়ে এখন বাচ ৰখাই ৬জন হিন্দু যাত্ৰীক গুলিয়াই হত্যা কৰে। একেদিনাই উগ্ৰপন্থীয়ে ৰেলত ২জন কৰ্মচাৰীকো হত্যা কৰে।[12]:174 কংগ্ৰেছ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে পঞ্জাবৰ প্ৰাদেশিক চৰকাৰক বৰ্খাস্ত কৰি ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰে। অপাৰেচন ব্লুষ্টাৰ আৰম্ভ হোৱাৰ পাঁচমাহ আগৰ সময়খিনিত, ১ জানুৱাৰী ১৯৮৪ ৰ পৰা ৩ জুন ১৯৮৪ লৈ পঞ্জাবৰ চৌপাশে বিভিন্ন হিংসাত্মক ঘটনাত ২৯৮জন মানুহ হত্যাৰ বলি হয়। অপাৰেচন আৰম্ভ হোৱাৰ পাঁচদিন আগৰ সময়খিনিত ৪৮ জনক হত্যা কৰা হয়।[12]:175 ১৯৮৪ চনৰ জুনৰ আগভাগত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে অমৃতসৰৰ হৰমন্দিৰ চাহিবৰ (স্বৰ্ণমন্দিৰ) চৌহদৰ পৰা উগ্ৰপন্থী জাৰ্ণাইল সিং ভিন্দ্ৰনৱালে আৰু তেওঁৰ সশস্ত্ৰ অনুগামীহঁতক অপসাৰণ কৰাৰ উদ্দেশ্যে অপাৰেচন চলাবলৈ ভাৰতীয় সেনাবাহিনীক আদেশ দিয়ে।[13][14] ভিন্দ্ৰনৱালেই ১৯৮০ ৰ এপ্ৰিলৰ পৰাই হৰমন্দিৰ চাহিবত বাস কৰি আছিল আৰু ইয়াক তেওঁ মুখ্য কাৰ্যালয় ৰূপে ব্যৱহাৰ কৰিছিল। বিশাল পৰিসৰত সশস্ত্ৰ কাৰ্যকলাপ চলাবলৈ গুৰুদ্বাৰাৰ ভিতৰত অস্ত্ৰভাণ্ডাৰ গঢ়ি তোলাৰ অপৰাধত ভিন্দ্ৰনৱালেক দোষী কৰা হৈছিল।[15]
৩১ অক্টোবৰ ১৯৮৪ ত দুজন শিখ দেহৰক্ষীৰ দ্বাৰা ইন্দিৰা গান্ধীৰ হত্যা হোৱাৰ পিছদিনাৰ পৰাই দিল্লী আৰু ভাৰতৰ ৪০ খনতকৈয়ো অধিক নগৰত শিখ বিৰোধী সংঘৰ্ষ আৰম্ভ হয়।[3] চুলতানপুৰী, মঙ্গলপুৰী, ত্ৰিলোকপুৰী আৰু অন্য ট্ৰেঞ্চ যমুনা অঞ্চল বেয়াকৈ ক্ষতিগ্ৰস্থ হয়। উন্মত্ত জনতাই লোহাৰ ৰড, ছুৰি, লাঠি, জ্বলনশীল পদাৰ্থ, যেনে কেৰাচিন, পেট্ৰ’ল আদি কঢ়িয়াই আনিছিল।