২০ আগষ্ট (ইংৰাজী: 20 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩২তম (অধিবৰ্ষত ২৩৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
- ১৮২৮ - কলকাতাত ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা হয়।
- ১৮৯৭ - ইংৰাজ বিজ্ঞানী ছাৰ ৰনাল্ড ৰছে মেলেৰিয়া ৰোগৰ বীজাণু যে মহৰ দ্বাৰা সংক্ৰমিত হয় সেই কথা আৱিষ্কাৰ কৰে।
- ১৯২১ - কেৰেলাত ইংৰাজৰ বিৰুদ্ধে মালাবাৰ বিদ্ৰোহ (মোপলাহ হিংসা)আৰম্ভ হয়।
- ১৯৭৪ - ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ সৰ্বোচ্চ পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়।
- ১৯৯১ - এষ্টোনিয়াই পূৰ্ণ স্বাধীনতা লাভ কৰে।
- ১৯৯৫ - ফিৰোজাবাদত পুৰুষোত্তম এক্সপ্ৰেছ আৰু কালিন্দী এক্সপ্ৰেছৰ মাজত ৰে'ল দূৰ্ঘটনা হৈ ৩৫৮ জন লোক নিহত হৈছিল।
- ২০১৩ - উত্তৰ-পূৱ ভাৰতৰ প্ৰথমটো ভ্ৰাম্যমাণ ছবি ঘৰ আইদেউ টকীজ আইদেউ সন্দিকৈৰ স্মৃতিত স্থাপন কৰা হয়।
- ১৯০১ - কোৱাশ্বিমোডো, ইটালীৰ সাহিত্যক। ১৯৫৯ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
- ১৯৩৪ - ভৱপ্ৰসাদ চলিহা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন উপ-পদাধিকাৰ।
- ১৯৪১ - উমা চক্ৰৱৰ্তী, ভাৰতীয় ইতিহাসবিদ আৰু চলচ্চিত্ৰ-নিৰ্মাতা৷
- ১৯৪৩ - প্ৰফুল্ল চন্দ্ৰ বৰা, অসমীয়া ঔপন্যাসিক আৰু জীৱনীকাৰ।
- ১৯৪৪ - ৰাজীৱ গান্ধী, ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী।
- ১৯৪৬ - অপৰ্ণা মহন্ত, অসমৰ নাৰীবাদী সাহিত্যিক, শিক্ষাবিদ আৰু গৱেষক৷
- ১৯৪৬ - এন আৰ নাৰায়ণ মূৰ্তি, ব্যৱসায়ী, ইনফ'চিছ (Infosys)ৰ প্ৰতিষ্ঠাপক।
- ১৯৭৬ - ৰণদীপ হুদা, বলীউডৰ অভিনেতা।
- ১৯৮৬ - টানিয়া শচদেৱ, ভাৰতীয় মহিলা দবা খেলুৱৈ।
- ১৯৯২ - ডেমি ল'ভাট', আমেৰিকাৰ জনপ্ৰিয় গায়িকা আৰু হলীউডৰ অভিনেত্ৰী।
- ১৮৫৪ - ফ্ৰেইড্ৰিক ৱিলহেম্ জোছেফ স্কেলিং, জাৰ্মান দাৰ্শনিক।
- ১৯১৫ - কাৰ্লোছ ফিনলেই, কিউবাৰ মহামাৰী বিশেষজ্ঞ আৰু বিজ্ঞানী, পীত জ্বৰৰ (Yellow Fever) গৱেষণাৰ বাবে বিখ্যাত।
- ১৯১৫ - প'ল এৰ্লিক (ইংঃ Paul Ehrlich), নোবেল বিজয়ী জাৰ্মান চিকিৎসা বিজ্ঞানী।
- ১৯১৭ - এডল্ফ ভন বেইয়াৰ (ইংঃ Adolf von Baeyer), নোবেল বিজয়ী জাৰ্মান ৰসায়ন বিজ্ঞানী।
- ১৯৭৪ - মাগদা চোনজা, অষ্ট্ৰিয়ান অভিনেত্ৰী, মাতা হাৰি বোলছবিৰ বাবে বিখ্যাত।
- ১৯৯১ - গোপীনাথ মহান্তি, জ্ঞানপীঠ আৰু পদ্মবিভূষণ বঁটা বিজয়ী ওড়িয়া সাহিত্যক। (মৃত্যু: ২০ এপ্ৰিল, ১৯১৪)
- ২০০১ - ফ্ৰেড হ'য়ল, জ্যোতিৰ্বিজ্ঞানী।
- ২০১৭ - জেৰী লুইছ, ইডিয়ট হিচাপে খ্যাত হলীউডৰ কৌতুক অভিনেতা।