২০০৬ চনৰ নেপালী বিপ্লৱ বা ২০০৬ চনৰ গণতন্ত্ৰ আন্দোলন (নেপালী ভাষাত: ) তেতিয়াৰ নেপালৰ ৰজা জ্ঞানেন্দ্ৰৰ প্ৰত্যক্ষ আৰু অগণতান্ত্ৰিক শাসনৰ বিৰুদ্ধে হোৱা ৰাজনৈতিক আন্দোলন। এই আন্দোলনক কোনো কোনোৱে দ্বিতীয় জন আন্দোলনো আখ্যা দিয়ে, এই কথা বুজাবলৈ যে ই ১৯৯০ চনৰ জন আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ দৰে।[1]
২০০৬ চনৰ ২৪ এপ্ৰিল তাৰিখে তেতিয়াৰ নেপালৰ ৰজা জ্ঞানেন্দ্ৰই দূৰদৰ্শনত পোণপটীয়াকৈ সম্প্ৰচাৰিত হোৱা এক ভাষণেৰে পুৰণি নেপাল প্ৰতিনিধিৰ সদন পুনৰ্স্থাপিত কৰিছিল।[2][3] ৰজাই সাত দলীয় মিত্ৰজোঁটক আহ্বান জনাইছিল যে ই নেপাল দেশৰ ঐক্য আৰু প্ৰগতিৰ দায়িত্ব গ্ৰহণ কৰক, স্থায়ী শান্তি আৰু বহু-দলীয় গণতন্ত্ৰত ৰক্ষাৰ সৈতে।
সাত দলীয় মিত্ৰজোঁটে সংসদৰ এই পুণৰ্স্থাপনাক সঁহাৰী জনাইছিল। মিত্ৰজোঁটে গিৰিজা প্ৰসাদ কৈৰালাক নতুন চৰকাৰৰ নেতৃত্ব গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনালে। মিত্ৰজোঁটে এই কথাও ঘোষণা কৰিলে যে ই অতি শীঘ্ৰে নতুন নিৰ্বাচন অনুষ্ঠিত কৰিব আৰু এখন নতুন সংবিধান লিখা হ'ব।[4]
নেপালী ৰাজনীতিত সক্ৰিয় মাওবাদীসকলে এই কাৰ্যক সমৰ্থন নজনালে। বাবুৰাম ভট্টৰায়ে ঘোষণা কৰিলে যে কেৱল সংসদৰ পুণৰ্স্থাপনাই সমস্যা সমাধান নকৰিব, আৰু যে তেওঁলোকে চৰকাৰী বাহিনীৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিব।[5] তেওঁলোকে সংবিধান সভাৰ গঠনৰ লগতে ৰাজতন্ত্ৰত সম্পূৰ্ণ বিসৰ্জন দাবী কৰিলে।
পিচে ২৮ এপ্ৰিল তাৰিখে, সশস্ত্ৰ মাওবাদী কৰ্মীয়ে গিৰিজা প্ৰসাদ কৈৰালাৰ আহ্বানক সঁহাৰী জনাই ঘোষণা কৰিলে যে তিনি মাহৰ বাবে তেওঁলোকে নেপালী গণযুদ্ধত একপক্ষীয়ভাৱে যুদ্ধবিৰতি পালন কৰিব।[6][7] তদুপৰি, ১ মে' তাৰিখে মাওবাদী নেতা বাবুৰাম ভট্টৰায়ে ঘোষণা কৰিলে যে যদি "[সংবিধান সভাৰ সদস্যভৰ্ত্তীৰ বাবে অনুষ্ঠিত হোৱা] নিৰ্বাচন মুক্ত আৰু ন্যায়পূৰ্ণ হয়, তেন্তে এজনে নিৰ্বাচনৰ ফলাফলক স্বীকৃতি প্ৰদান কৰিব লাগিব। তেনে অৱস্থাত নিশ্চয়েই আমি জনগণৰ ৰায় পালন কৰিম"।[8] এই ঘোষণাক এক বৃহৎ পদক্ষেপ হিচাপে চোৱা হ'ল যিহেতু ই এই কথাৰ প্ৰথম সংকেট আছিল যে মাওবাদীসকলে গণতান্ত্ৰিক প্ৰক্ৰিয়াক সমৰ্থন জনাব।
২ মে' তাৰিখে কৈৰালাই নতুন চৰকাৰ গঠনৰ ঘোষণা কৰিলে, য'ত তেওঁৰ উপৰিও নেপালী কংগ্ৰেছৰ তিনি অন্য সদস্য আৰু আন আন পাৰ্টীৰ সদস্য আছিল: কমিউনিষ্ট পাৰ্টী অৱ নেপাল (ইউনাইটেড মাৰ্ক্সিষ্ট লেনিনিষ্ট)ৰ কে পি শৰ্মা অ'লি, নেপালী কংগ্ৰেছ (ডেমক্ৰেটিক)ৰ গোপাল মন শ্ৰেষ্ঠ আৰু ইউনাইটেড লেফ্ট ফ্ৰণ্টৰ প্ৰভু নাৰায়ণ চৌধুৰী।[9] তাৰ পাছতেই, ১২ মে' তাৰিখে ক্ষমতাৰ পৰা শেহতীয়াকৈ বাহিৰ হোৱা ৰজাৰ পক্ষৰ চৰকাৰৰ চাৰিজন মন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হ'ল, আৰু সাধাৰণ হৰতালৰ সময়ত সেনাই (দাবী কৰা মতে) সংঘটিত কৰা মানৱ অধিকাৰ উল্লংঘন কৰাৰ বিষয়ে তদন্ত আৰম্ভ কৰা হ'ল।[10]
গণতন্ত্ৰ আন্দোলনৰ পাছৰ আতাইতকৈ নাটকীয় কাৰ্য হ'ল ২০০৬ চনৰ ১৮ মে' তাৰিখে নেপালী সংসদত সৰ্ব-সন্মতিৰে গৃহীত হোৱা এক আইন য'ত ৰজাৰ বহুতো শক্তি কৰ্তন কৰা হ'ল।[11] আইনখনৰ নিম্নলিখিত কথাখিনি আছিল:
এই আইনে ১৯৯০ চনৰ জন আন্দোলনৰ পাছত লিখা সংবিধানখনৰ বিপৰীত, আৰু এই ঘটনাক নেপালৰ মাগ্না কাৰ্টা বোলা হৈছে। তেতিয়াৰ প্ৰধান মন্ত্ৰী গিৰিজা প্ৰসাদ কৈৰালাৰ মতে, "ই সকলো মানুহৰ ভাৱনাক প্ৰতিনিধিত্ব কৰে"।[11]
কোনো কোনোৱে ১৮ মে' তাৰিখে নেপালৰ গণতন্ত্ৰ দিৱস পালন কৰে।[12]
২০০৮ চনৰ ২৯ মে' তাৰিখে এখন নতুন সংবিধান প্ৰস্তুত কৰা হ'ল নেপালী সংসদৰ সন্মুখত। এই কথা ঘোষণা কৰা হ'ল যে ৰাজতন্ত্ৰৰ অন্ত পেলোৱা হ'ব আৰু এক নতুন সংসদীয় গণৰাজ্য হ'ব নেপালৰ ৰাজনৈতিক গাঁথনি।[13]
![]() |
ৱিকিনিউজত King of Nepal to restore democracy বিষয়ক বাতৰি চাওক। |