২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
২০১৯ ←
19 April – 1 June 2024 (2024-04-19 – 2024-06-01 )
→ 2029
Seats by constituency. As this is a FPTP election, seat totals are not determined proportional to each party's total vote share, but instead by the plurality in each constituency.
২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন (ইংৰাজী : 2024 Indian general election ) ১৮তম লোকসভাৰ ৫৪৩জন সদস্যক নিৰ্বাচিত কৰিবলৈ ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ অনুষ্ঠিত হ’ব। ৭টা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ ফলাফল অহা ৪ জুন ২০২৪ তাৰিখে ঘোষণা কৰা হ’ব। ২০১৯ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনকো চেৰ পেলাই এইটো বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ আৰু ভাৰতৰ ভিতৰতে সৰ্বাধিক দীঘলীয়া, মুঠ ৪৪ দিনৰ সাধাৰণ নিৰ্বাচন হ’ব(১৯৫১–৫২ চনৰ প্ৰথম ভাৰতৰ সাধাৰণ নিৰ্বাচনক বাদ দি)। বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব।
১৪০ কোটি জনসংখ্যাৰ ভিতৰত প্ৰায় ৯৬ কোটি ব্যক্তিয়ে এই নিৰ্বাচনত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিছে।[ 1] [ 2] [ 3] সাধাৰণ নিৰ্বাচনৰ সমান্তৰালভাৱে অন্ধ্ৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, উৰিষ্যা, চিক্কিমৰ বিধানসভা নিৰ্বাচনৰ লগতে ১৬খন ৰাজ্যৰ ৩৫খন আসনৰ উপ-নিৰ্বাচনো অনুষ্ঠিত হ’ব।
২০২৪-ৰ লোকসভা নিৰ্বাচনৰ সূচী
সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ২০২৪ চনৰ লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে
ভাৰতৰ নিৰ্বাচন আয়োগে ২০২৪ চনৰ ১৬ মাৰ্চত অষ্টদশ লোকসভাৰ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে আৰু ইয়াৰ লগে লগে আৰ্হি আচৰণ বিধি বলবৎ হয়।[[ 4] সপ্তদশ লোকসভাৰ কাৰ্যকাল ২০২৪ চনৰ ১৬ জুনত সমাপ্ত হ’ব।[ 5]
Poll event
Phase
I
II
III
IV
V
VI
VII
নিৰ্বাচনী অধিসূচনা
২০ মাৰ্চ
২৮ মাৰ্চ
১২ এপ্ৰিল
১৮ এপ্ৰিল
২৬ এপ্ৰিল
২৯ এপ্ৰিল
৭ মে'
মনোনয়ন দাখিলৰ শেষ তাৰিখ
২৭ মাৰ্চ
৪ এপ্ৰিল
১৯ এপ্ৰিল
২৫ এপ্ৰিল
৩ মে'
১৪ মে'
মনোনয়ন পৰীক্ষণ
২৮ মাৰ্চ
৫ এপ্ৰিল
২০ এপ্ৰিল
২৬ এপ্ৰিল
৪ মে'
৭ মে'
১৫ মে'
মনোনয়ন উঠাই লোৱাৰ শেষ তাৰিখ
৩০ মাৰ্চ
৮ এপ্ৰিল
২২ এপ্ৰিল
২৯ এপ্ৰিল
৬ মে'
৯ মে'
১৭ মে'
ভোটগ্ৰহণ
১৯ এপ্ৰিল
২৬ এপ্ৰিল
৭ মে'
১৩ মে
২০ মে
২৫ মে
১ জুন
ভোট গণনা
৪ জুন ২০২৪
লোকসভা সমষ্টিৰ সংখ্যা
১০২
৮৯
৯৪
৯৬
৪৯
৫৭
৫৭
↑ 1.0 1.1 Polling in Outer Manipur seat was scheduled in two phases.
ভাৰতৰ নিৰ্বাচন
সাধাৰণ নিৰ্বাচন