৪ ছেপ্টেম্বৰ (ইংৰাজী: 4 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৭তম (অধিবৰ্ষত ২৪৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
- ১৮৮২ - আমেৰিকাত ৰাজহুৱাকৈ বিজুলী বাতিৰ ব্যৱহাৰ আৰম্ভ হৈছিল।
- ১৮৮৮ - জৰ্জ ইষ্টমেনে প্ৰথম 'ৰোল-ফিল্ম কেমেৰা' ক'ডাকক (Kodak) পেটেণ্ট কৰে।
- ১৮৮৮ - বেৰিষ্টাৰি পঢ়াৰ বাবে মহাত্মা গান্ধী লণ্ডনলৈ যায়।[1] [2]
- ১৯২০ - কলিকতাত কংগ্ৰেছৰ বিশেষ অধিৱেশন বহে।
- ১৯৪৬ - হেনৰী ফলি নাইট অসমৰ ৰাজ্যপাল হৈছিল।
- ১৯৭৪ - গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চিলং বিচাৰপীঠ স্থাপন কৰা হয়।
- ১৯৭৪ - অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত প্ৰতিষ্ঠা কৰা হয়।
- ১৯৯৮ - গুগল (Google) প্ৰতিষ্ঠা কৰা হয়।[3] [4]
- ২০০২ - অসমীয়া ভাষা বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি বিশ্বৰ ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানী ড॰ গোলোক চন্দ্ৰ গোস্বামীক অসম সাহিত্য সভাৰ সন্মানীয় উপাধি সাহিত্যচাৰ্য উপাধি প্ৰদান কৰা হৈছিল।
- ১৮২৫ - দাদভাই নৌৰজী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা তথা স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা। ১৯০৬ চনত কলকাতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ‘স্বৰাজ জাতীয় কংগ্ৰেছৰ লক্ষ্য’ বুলি ঘোষণা কৰা হৈছিল।
- ১৮৯৩ - ড॰ ভুৱনেশ্বৰ বৰুৱা, এগৰাকী মহান চিকিৎসক আৰু স্বাধীনতা সংগ্ৰামী। (মৃঃ ২৫ ছেপ্টেম্বৰ, ১৯৫৬)
- ১৯২৮ - নিৰুপমা ফুকন, অসমীয়া সাহিত্যিক।
- ১৯৩৪ - ক্লাইৱ গ্ৰেঞ্জাৰ (Clive Granger), ব্ৰিটিছ অৰ্থনীতিবিদ।
- ১৯৫২ - ঋষি কাপুৰ, বলীউদৰ অভিনেতা।
- ১৯৬২ - শ্বিনিয়া ইয়ামানাকা, নোবেল বিজয়ী জাপানিজ চিকিৎসা বিজ্ঞানী।
- ১৯৬৬ - আদেশ শ্ৰীবাস্তৱ, ভাৰতীয় সংগীত পৰিচালক আৰু গায়ক।
- ১৯৭০ - সাগৰিকা মুখাৰ্জী, ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী।
- ১৯৮১ - বিয়ঞ্চে (Beyoncé), আমেৰিকান পপ গায়িকা আৰু অভিনেত্ৰী।
- ১৯৮২ - গৌৰৱ গগৈ, ৰাজনেতা, কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ।
- ১০৬৩ - টুঘৰিল বেগ, ছেলজুক সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা।
- ১৮২১ - জ'জে মিগেল কৰেৰা, চিলিৰ প্ৰথম ৰাষ্ট্ৰপতি।
- ১৯৬১ - দুৰ্গেশ্বৰ শৰ্মা, অসমীয়া কবি আৰু নাট্যকাৰ।
- ২০০৬ - ষ্টিভ আৰউইন বা দা ক'ক'ডাইল হাণ্টাৰ, পৰিৱেশবিদ আৰু টেলিভিছনৰ ব্যক্তি, এবিধষ্ট্ৰিংগ্ৰেইনামৰ সাগৰীয় প্ৰাণীৰ আক্ৰমণত মৃত্যু হৈছিল।
- ↑ "অহিংসাৰ পূজাৰী বাপুৰ মৃত্যু তিথি". News Next One. https://newsnextone.com/bapu-death-anniversary.
- ↑ "On this Day (4th September)". Maps of India. https://www.mapsofindia.com/on-this-day/4th-september-1825-the-grand-old-man-of-india-dadabhai-naoroji-is-born.
- ↑ "From the garage to the Googleplex". Google. https://about.google/our-story/.
- ↑ "Google". ইংৰাজী ৱিকিপিডিয়া. https://en.wikipedia.org/wiki/Google.