ৰ'জামেণ্ড মেৰি এলেন পাইক (ইংৰাজী: Rosamund Mary Ellen Pike)[1] ( জানুৱাৰী ১৯৭৯) হৈছে এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু কথক। তেখেতৰ বঁটা-বাহনৰ তালিকাত এটা গোল্ডেন গ্লোব আৰু এটা এমি বঁটা সন্নিৱিষ্ট হৈছে। ইয়াৰোপৰি তেখেতে একাডেমী বঁটা আৰু ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে। সম্প্ৰতি পাইকে এমাজন প্ৰাইমৰ ছিৰিজ দ্য হুইল অৱ টাইমত মোৰেইন নামৰ এটি শীৰ্ষ চৰিত্ৰ ৰূপায়ণ কৰি আছে। ছিৰিজটো একে নামৰ বহুসমাদৃত উপন্যাসৰ আধাৰত নিৰ্মিত।
২০১৪ চনত ৰ'জামেণ্ডে মনোবৈজ্ঞানিক থ্ৰিলাৰ ছবি গন গাৰ্ল (Gone Girl)ত অভিনয় কৰি বিপুল সমাদৰ আৰু স্বীকৃতি অৰ্জন কৰে। ছবিখনৰ বাবে ৰ'জামেণ্ডে একাডেমী বঁটাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত মনোনয়নো লাভ কৰিছিল। তেখেতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ছেটাৰ্ণ বঁটা লাভ কৰে। পৰৱৰ্তী সময়ত ৰ'জামেণ্ডে আত্মজীৱনীমূলক কথাছবি এ ইউনাইটেড কিংদম (২০১৬)ত ৰুথ উইলিয়ামছ খামাৰ শীৰ্ষ চৰিত্ৰটিত অভিনয় কৰি সমালোচকৰ প্ৰশংসাৰ পাত্ৰী হয়। ২০১৮ চনত ৰ'জামেণ্ডে আন এখন আত্মজীৱনীমূলক যুদ্ধকেন্দ্ৰিক ছবি এ প্ৰাইভেট ৱাৰত সাংবাদিক মেৰী কোলভিনৰ চৰিত্ৰটি ৰূপায়ণ কৰে চৰ্চা লাভ কৰে। ইয়াৰ বাবে ৰ'জাক শ্ৰেষ্ঠ অভিনেত্ৰীৰ গোল্ডেন গ্লোবৰ বাবে মনোনীত কৰা হয়। ২০১৯ চনত পাইকে ব্ৰিটিছ টিভি চিৰিজ ষ্টেট অৱ দ্য ইউনিয়নত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে প্ৰাইমটাইম এমি বঁটাৰ সংক্ষিপ্ত কমেডি অথবা ড্ৰামা চিৰিজত অসাধাৰণ অভিনেত্ৰী শাখাত বিজয়ী হয়। [2] ২০২১ চনত আই কেয়াৰ এ লট নামৰ ছবিখনত মাৰ্লা গ্ৰেইছনৰ চৰিত্ৰটিত আগবঢ়োৱা অভিনয়ৰ বাবে পাইকে লাভ কৰে প্ৰথমটো গোল্ডেন গ্লব বঁটা। [3]
১৯৭৯ চনৰ লণ্ডনৰ হেমাৰস্মিথত ৰ'জামেণ্ড পাইকৰ জন্ম হয়৷ [4] অপেৰা কণ্ঠশিল্পী কেৰোলিন ফ্ৰেণ্ড আৰু জুলিয়ান পাইকৰ তেখেত আছিল একমাত্ৰ সন্তান৷[1][5][6]
ৰ'জামেণ্ড পাইকে ব্ৰিষ্টলৰ বেডমিণ্টন স্কুলত নামভৰ্তি কৰে৷ নেশ্যনেল য়ুথ থিয়েটাৰত ৰোমিঅ' এণ্ড জুলিয়েটৰ এখন প্ৰযোজনাত জুলিয়েটৰ চৰিত্ৰত অভিনয় কৰি থকা অৱস্থাত তেখেতক এজন এজেণ্টে দেখা পায়, যিয়ে পাছলৈ তেখেতৰ পেছাদাৰী জীৱন বিকশিত কৰাত সহায় কৰে৷
আৰম্ভণিৰ সময়ছোৱাত ৰ'জামেণ্ডে আৱেদন কৰা প্ৰতিখন মঞ্চ বিদ্যালয়েই তেখেতক নাকচ কৰে৷ ৰ'জামেণ্ডে অক্সফৰ্ড ৱাথাম কলেজত ইংৰাজী সাহিত্যৰ পাঠ্যক্ৰমত এখন আসন দখল কৰে আৰু পৰৱৰ্তী সময়ত ২০০১ চনত ডিগ্ৰী অৰ্জন কৰে৷ তাৰে মাজত ৰ'জামেণ্ডে এবছৰীয়া ছুটী লৈ স্কাইলাইট, অল মাই চনছ্, আৰু উইলিয়াম ছেইক্সপীয়েৰৰ ভালেসংখ্যক নাটত অভিনয় কৰে৷ [7]
অক্সফৰ্ডত থকা কালছোৱাত ৰ'জামেণ্ডে ছাইমন উডছ নামৰ এজন যুৱকৰ লগত সম্বন্ধ গঢ়ি তোলে৷ এইটো সম্পৰ্ক দুবছৰ টিকি থাকে৷[8] ইয়াৰ পাছত তেখেত প্ৰযোজনা গোষ্ঠী এটাৰ পৰিচালক জ' ৰাইটৰ নৈকট্যলৈ আহে আৰু ২০০৮ চনত এই সম্পৰ্কটোৰ অৱসান ঘটে৷ [9]
২০০৯ চনৰ ডিচেম্বৰৰ পৰা,পাইক ৰবি ইউনিয়েক নামৰ এগৰাকী উদ্যোগপতি আৰু গাণিতিক গৱেষকৰ সম্বন্ধত আছে৷ তেওঁলোকৰ দুটি পুত্ৰ সন্তান৷ দুয়ো (চীনা) মাণ্ডাৰিন ভাষাত অভ্যস্ত৷[10][11][12][13]
২০১৫ চনত পাইকে ওৱান কেম্পেইনে সংগ্ৰহ কৰি থকা এখন মুকলি চিঠিত হস্তাক্ষৰ কৰে৷ এই চিঠিখন লিখা হৈছিল এঞ্জেলা মৰ্কেল আৰু কোজাজনা লামিনি-জুমাক উদ্দেশ্য কৰি৷ জি-৭ আৰু আফ্ৰিকান ইউনিয়নত মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ ওলোৱা এই দুয়োগৰাকী নেত্ৰীকে সেই চিঠিখনৰ জৰিয়তে মহিলাক অগ্ৰাধিকাৰ দিবলৈ অনুৰোধ কৰা হৈছিল৷ [14]
২০২১ চনত লুমেনেট নামৰ যোগাভ্যাসকেন্দ্ৰিক এপটোত পাইক এগৰাকী বিনিয়োগকাৰী আৰু সৃষ্টিশীল পৰিচালক হিচাপে জড়িত হয়৷ [15]
Year | Title | Role | Notes |
---|---|---|---|
1998 | A Rather English Marriage | Celia | Television film |
1999 | Wives and Daughters | Lady Harriet Cumnor | 3 episodes |
2000 | Trial & Retribution | Lucy | Episode: "Trial and Retribution IV (Part 1)" |
2001 | Love in a Cold Climate | Fanny | 2 episodes |
2002 | Bond Girls Are Forever | Herself | Documentary |
Foyle's War | Sarah Beaumont | Episode: "The German Woman" | |
2008 | The Tower | Olivia Wynn | Episode: "Pilot" |
2009 | Freefall | Anna | Television film |
2011 | Women in Love | Gudrun Brangwen | 2 episodes |
2015–20 | Thunderbirds Are Go | Lady Penelope Creighton-Ward / Captain Ridley O'Bannon (voices) |
39 episodes[17][18] |
2018 | Watership Down | The Black Rabbit of Inlé (voice) | 2 episodes |
2019–present | Moominvalley | Moominmamma (voice) | Main cast |
State of the Union | Louise | 10 episodes Primetime Emmy Award for Outstanding Actress in a Short Form Comedy or Drama Series | |
Archibald's Next Big Thing | Narrator (voice) | ||
2020 | Thomas & Friends[19] | Duchess (voice) | Episode: "Thomas and the Royal Engine" |
2021 | The Wheel of Time | Moiraine Damodred | Main cast |
Year | Title | Role |
---|---|---|
2002 | Hitchcock Blonde | The Blonde |
2006 | Summer and Smoke | Alma Winemiller |
2007 | Gas Light | Bella Manningham |
2009 | Madame de Sade | Madame de Sade |
2010 | Hedda Gabler | Hedda Gabler |
Year | Artist | Title |
---|---|---|
2016 | Massive Attack feat. Young Fathers | Voodoo in My Blood |
Year | Podcast | Episode | Role |
---|---|---|---|
2021 | Edith! | All Episodes | First Lady Edith Wilson |