ৰ'দ বা বেলিৰ পোহৰ হৈছে বেলিৰ পৰা নিৰ্গত বিদ্যুৎচুম্বকীয় বিকিৰণ যি তৰংগ বা পোহৰ ৰূপে পৃথিৱীত পৰে। পৃথিৱীৰ বায়ুমণ্ডলে ৰ'দৰ বহুখিনি পোহৰ শোষণ কৰে। বেলিৰ ৰশ্মি আৰু তাপ বায়ুমণ্ডলৰ মাজেৰে পৃথিৱীৰ পৃষ্ঠত উপনীত হয়। বেলিৰ পৰা ৰ'দ পৃথিৱী পাবলৈ প্ৰায় ৮.৩ মিনিট সময় লাগে।[1] বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সংজ্ঞা অনুসৰি পৃথিৱীৰ পৃষ্ঠত বেলি ৰ পোহৰৰ তীব্ৰতা প্ৰতি বৰ্গমিটাৰত কমেও ১২০ ৱাট, ইয়াক ৰ'দঘাই বুলি কোৱা হয়।[2]
প্ৰত্যক্ষ ৰ'দৰ উজ্জ্বলতা প্ৰায় ৯৩ লুমেন। ইয়াৰ ভিতৰত অতি ৰঙা, দৃশ্যমান আৰু অতিবেঙুনীয়া পোহৰ থাকে। উজ্জ্বল ৰ'দে প্ৰতি বৰ্গমিটাৰ পৃষ্ঠভাগত প্ৰায় এক লাখ কেণ্ডেলা পোহৰ প্ৰদান কৰে। বেলিৰ পোহৰ সালোক সংশ্লেষণৰ এটা মূল কাৰক, উদ্ভিদ আৰু অন্যান্য কিছু জীৱই সাধাৰণতে বেলিৰ পৰা অহা ৰদক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰিবলৈ ব্যৱহাৰ কৰে যাৰ সহায়ত কাৰ্বহাইড্ৰেট সংশ্লেষণ কৰে আৰু জীৱৰ কাৰ্য্যকলাপত ইন্ধন হিছাপে ব্যৱহাৰ কৰে।[3] দীৰ্ঘদিন ধৰি বেলিৰ পোহৰ লৈ থাকিলে ছালৰ কৰ্কট ৰোগ, ছালৰ বয়স বৃদ্ধি, ৰোগ প্ৰতিৰোধ ক্ষমতা দমন, চকুৰ ৰোগ যেনে চকুৰ ছানি পৰা আৰু মেকুলাৰ ডিজেনেৰেচন আদি ৰোগৰ বিকাশ ঘটে বুলি জনা যায়।[4] অতিবেঙুনীয়া ৰশ্মি হৈছে একমাত্ৰ তালিকাভুক্ত কৰ্কট ৰোগৰ কাৰক যাৰ কিছু স্বাস্থ্য উপকাৰীতাও আছে বুলি জনা যায়।[5]
বেলিৰ অতিবেঙুণীয়া ৰশ্মিৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱ পৰে। ভিটামিন ডি তৈয়াৰ কৰিবলৈ আমাৰ শৰীৰত ইয়াৰ প্ৰয়োজন হয় যদিও ই আমাৰ কোষৰ ক্ষতিও কৰিব পাৰে।ৰ'দৰ সংস্পৰ্শত মেলাটনিন সংশ্লেষণৰ সময়, স্বাভাৱিক চাৰ্কেডিয়ান ৰিডম বজাই ৰখা লগতে ঋতুভিত্তিক আৱেগিক বিকাৰৰ সম্ভাৱনা হ্ৰাস পোৱাৰ সৈতেও জড়িত বুলি ধৰা হৈছে।
পৃথিৱীৰ পৃষ্ঠত উপনীত হোৱা পোহৰ জুখিবলৈ পৃথিৱীৰ কক্ষপথ আৰু বায়ুমণ্ডলৰ বিচ্যুতিৰ কথা লক্ষ্য কৰা হয়। বছৰৰ (dn)তম দিনটোত ৰ’দৰ তীব্ৰতা (Eext), তলত দিয়া সূত্ৰটো ব্যৱহাৰ কৰি জুখিব পাৰি।[6]
য'ত ১ জানুৱাৰীত dn=১, ২ জানুৱাৰীত dn=২ ইত্যাদি। সূত্ৰটোত (dn−৩) ব্যৱহাৰ কৰাৰ কাৰণ হ'ল আধুনিক যুগত পৃথিৱীৰ পেৰিহেলিয়ন, বেলিৰ আটাইতকৈ ওচৰ চাপি অহা আৰু সৰ্বোচ্চ উজ্জ্বলতাৰ সময়, ৩ জানুৱাৰী। বেলিৰ উজ্জ্বলতা ধ্ৰুৱক (Esc), মান ১২৮×১০৩ লাক্স। প্ৰত্যক্ষ প্ৰামাণিক উজ্জ্বলতা (Edn), তলত দিয়া সূত্ৰ অনুসৰি জুখিব পাৰি,: য'ত c হৈছে বায়ুমণ্ডলীয় বিবৰ্তন সহগ, আৰু m হৈছে আপেক্ষিক আলোকীয় ভৰ।