![]() | এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
ৰক্তবাহিকা (ইং: Blood Vessel) বোৰ হৈছে ৰক্ত পৰিবহণ তন্ত্ৰৰ এটা উপাদান। জীৱদেহত তিনি প্ৰকাৰৰ ৰক্তবাহিকা থাকে, সেই কেইটা হৈছে ধমনী, সিৰা, আৰু ৰক্ত কেশিকা। ধমনীয়ে হৃদযন্ত্ৰৰ পৰা তেজ বিভিন্ন অংগলৈ কঢ়িয়াই নিয়ে, ৰক্ত কেশিকাই তেজ আৰু কলাৰ মাজত পানী আৰু ৰসায়নৰ আদান প্ৰদান কৰে আৰু সিৰাই দেহৰ বিভিন্ন অংগৰ পৰা তেজ হৃদযন্ত্ৰলৈ ঘূৰাই আনে।[1]
ধমনী আৰু সিৰাবোৰ তিনিটা তৰপেৰে গঠিত। [2] ধমনীবোৰৰ মাজৰ তৰপটো সিৰাবোৰতকৈ ডাঠ:
ৰক্ত কেশিকাবোৰ কলাৰ এটা বা একাধিক তৰপেৰে গঠিত। ধমনী আৰু সিৰাবোৰ সংকোচন-প্ৰসাৰণ হব পৰাকৈ সিহঁতৰ বাহিৰফালে পেশীৰ এটা তৰপ থাকে। এই পেশীয়ে তেজক চলাচল কৰিবলৈ চাপ প্ৰয়োগ কৰে।
ধমনীবোৰে হৃদযন্ত্ৰৰ পৰা তেজ দেহৰ বিভিন্ন অংগলৈ কঢ়িয়াই নিয়ে। ক্লোম ধমনীৰ বাদে বাকী সকলো ধমনীয়ে অক্সিজেনযুক্ত তেজ কঢ়িয়াই, কেৱল ক্লোম ধমনীয়েহে কাৰ্বন ডাই-অক্সাইডযুক্ত তেজ কঢ়িয়াই।
সিৰাবোৰে দেহৰ বিভিন্ন অংগৰ পৰা তেজ হৃদযন্ত্ৰলৈ ঘূৰাই আনে। ক্লোম সিৰাৰ বাদে বাকী সকলো সিৰাই কাৰ্বন ডাই-অক্সাইডযুক্ত তেজ কঢ়িয়াই, কেৱল ক্লোম সিৰাইহে অক্সিজেনযুক্ত তেজ কঢ়িয়াই।
ধমনী আৰু সিৰাবোৰ বিভিন্ন শাখা-প্ৰশাখালৈ বিভক্ত হৈ শেষত ৰক্তকেশিকালৈ পৰিণত হয়। এই ৰক্তকেশিকাবোৰে কোনো অংগৰ প্ৰতিটো কোষৰ লগত সম্পৰ্কৃত হৈ জালৰ দৰে গঠন সৃষ্টি কৰে। ধমনীয়ে কঢ়িয়াই নিয়া তেজৰ ইয়াতেই কৌশিক পৰিশ্ৰাবন ঘটে। এই পৰিশ্ৰাবনত তেজৰ প্লাজমা দেহৰসত প্ৰৱেশ কৰে আৰু ৰক্তকোষবোৰ থাকি যায়। ৰক্তকোযে কঢ়িয়াই নিয়া অক্সিজেন ব্যাপনৰ দ্বাৰা দেহকোষত প্ৰৱেশ কৰে আৰু দেহকোষত সৃষ্টিহোৱা কাৰ্বন ডাই-অক্সাইড ৰক্তকোষত প্ৰৱেশ কৰে। ইয়াৰ পিছত ৰক্তকোষবোৰ পুনৰ প্লাজমাৰ সৈতে সিৰাৰ লগত সংযুক্ত ৰক্তকেশিকাত প্ৰৱেশ কৰে আৰু সিৰাৰ মাজেৰে গৈ হৃদযন্ত্ৰ পাইগৈ। [3]