ৰঘূৰাম ৰাজন | |
---|---|
![]() ২০০৪ চনত ৰঘূৰাম ৰাজন | |
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৩তম গভৰ্ণৰ | |
কাৰ্যকাল ৪ ছেপ্টেম্বৰ ২০১৩ – ৪ ছেপ্টেম্বৰ ২০১৬ | |
পূৰ্বসূৰী | ডুভাৰি চুব্বাৰাও |
উত্তৰসূৰী | উৰ্জিত পেটেল |
ব্যক্তিগত তথ্য | |
জন্ম | ০৩ ফেব্ৰুৱাৰী, ১৯৬৩ (৬২ বছৰ) ভূপাল, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
দাম্পত্যসঙ্গী | ৰাধিকা পুৰী |
শিক্ষানুষ্ঠান | আই আই টি দিল্লী (বি.টেক.) আই আই এম আহমদাবাদ (এম বি এ) মেছাচুচেটছ ইনষ্টিটিউট অফ টেকন'লজি (পি এইচ ডি) |
পুৰস্কাৰ | ২০০৩ ফিচাৰ ব্লেক পুৰস্কাৰ ২০১০ ফাইনেঞ্চিয়েল টাইমছ এণ্ড গ'ল্ডমেন ছেচ বিজনেছ বুক অফ দ্য ইয়েৰ এৱাৰ্ড |
স্বাক্ষৰ | ![]() |
ৰঘূৰাম গোবিন্দ ৰাজন (ইংৰাজী: Raghuram Govinda Rajan; তামিল: ரகுராம் கோவிந்தராஜன்) এগৰাকী ভাৰতীয় অৰ্থনীতিবিদ তথা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৩তম গভৰ্ণৰ। তেওঁ ২০১৩ চনৰ ৪ ছেপ্টেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ চিকাগো বিশ্ববিদ্যালয়ৰ বুথ স্কুল অফ বিজনেছত এৰিক জে. গ্লিচ্চাৰ বিত্ত বিভাগৰ গণমান্য সেৱা অধ্যাপক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজন বিশ্ব বেংক, ফেডাৰেল ৰিজাৰ্ভ ব'ৰ্ড আৰু চুইডিছ সংসদৰ এজন নিৰীক্ষকো আছিল। পূৰ্বতে তেওঁ আমেৰিকান বিত্তীয় সংগঠনৰ সভাপতিৰ দায়িত্বত থকাৰ লগতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য অৰ্থনীতিবিদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰত চৰকাৰৰ সৈতে তেওঁৰ পূৰ্বৰ কাম-কাজসমূহৰ ভিতৰত অৰ্থনৈতিক সংশোধনৰ উদ্দেশ্যৰে পৰিকল্পনা আয়োগৰদ্বাৰা গঠিত এক কমিটিৰ সঞ্চালক আৰু প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙৰ অৰ্থনৈতিক উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰাই প্ৰধান। ২০১৩ চনৰ ৬ আগষ্টত তেওঁক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৩তম গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হয় আৰু ৪ ছেপ্টেম্বৰত তেওঁ পূৰ্বৰ গভৰ্ণৰ ড॰ ডি চুব্বাৰাওৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে।
২০১৬ চনত টাইম আলোচনীয়ে ৰাজনক বিশ্বৰ ১০০ জন অতিশয় প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান দিয়ে।[1][2] ৰাজনে বিশ্বৰ কেন্দ্ৰীয় বেংকসমূহৰ শ্ৰেষ্ঠ গভৰ্ণৰসকলৰ এগৰাকী হিচাপে বঁটা/স্বীকৃতি লাভ কৰিছে।[3]
১৯৬৩ চনত ভূপাল চহৰত ৰঘূৰাম ৰাজনৰ জন্ম হয়।[4] বিদ্যালয়ৰ সপ্তম বছৰলৈকে তেওঁ শ্ৰীলংকা, ইণ্ডোনেছিয়া আৰু বেলজিয়ামত থাকিছিল আৰু ১৯৭৪ চনত তেওঁ বেলজিয়ামৰ পৰা ভাৰতলৈ প্ৰত্যৱৰ্ত্তন কৰে।[5] স্কুলীয়া জীৱনৰ বাকীছোৱা তেওঁ আৰ কে পুৰম দিল্লী পাব্লিক স্কুলত সম্পূৰ্ণ কৰে। ১৯৮৫ চনত তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, দিল্লীৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰিং বিষয়ত স্নাতক উপাধি গ্ৰহণ কৰে আৰু ১৯৮৭ চনত ভাৰতীয় প্ৰবন্ধন প্ৰতিষ্ঠান, আহমদাবাদৰ পৰা বিজনেছ এডমিনিষ্ট্ৰেচনৰ স্নাতকোত্তৰ ডিপ্ল'মা গ্ৰহণ কৰে। ৰাজনে আই. আই. টি. দিল্লীত সকলো দিশত শ্ৰেষ্ঠতা লাভৰ বাবে পৰিচালকৰ সোণৰ পদক (Director's Gold Medal for best all-round achievement) লাভ কৰাৰ লগতে[6] আই. আই. এম. আহমদাবাদতো সোণৰ পদক পাইছিল। ১৯৯১ চনত বেংকিংৰ বিষয়ে ৰচনাৱলী শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে তেওঁ এম. আই. টি.ৰ পৰা (মেছাচুচেটছ ইনষ্টিটিউট অফ টেকন'ল'জি) পি এইচ ডি উপাধি লাভ কৰে।[7]
১৯৯১ চনত ৰাজনে চিকাগো বিশ্ববিদ্যালয়ৰ বুথ স্কুল অফ বিজনেছত বিত্ত বিভাগৰ অধ্যাপক ৰূপে যোগদান কৰে। ২০০৩ চনত তেওঁ এমবিএ পাঠ্যক্ৰমৰ ইণ্টাৰনেচনেল কৰ্প’ৰেট ফাইনেঞ্চ আৰু পিএইচডি পাঠ্যক্ৰমৰ থিয়ৰি অফ ফাইনেঞ্চিয়েল ডিচিছন্স বিষয়ত পঢ়াবলৈ লয়।
২০০৩ চনৰ অক্টোবৰৰ পৰা ২০০৬ চনৰ ডিচেম্বৰলৈ ৰাজনে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য অৰ্থনীতিবিদ হিচাপে কাৰ্যনিৰ্বাহ কৰে।
২০০৮ চনৰ নৱেম্বৰত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙে ৰাজনক সন্মানীয় অৰ্থনৈতিক উপদেষ্টা হিচাপে নিয়োগ কৰে। সেই বছৰতে ৰাজনৰ নেতৃত্বত অৰ্থনৈতিক সংস্কাৰৰ বাবে গঠিত এখন উচ্চস্তৰীয় কমিটিয়ে পৰিকল্পনা আয়োগক এক প্ৰতিবেদন দাখিল কৰে।[8] তেওঁ ২০০৭-০৮ বৰ্ষৰ বাবে ভাৰত চৰকাৰৰ বিত্তীয় ক্ষেত্ৰৰ স্ংস্কাৰ কমিটিৰ আসনো শুৱনি কৰিছিল।
২০০৯ চনত ৰাজন আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড ছাইঞ্চৰ সভ্য হিচাপে অন্তৰ্ভুক্ত হয়। ২০১১ চনত তেওঁ আমেৰিকান ফাইনেঞ্চ এছ’চিয়েছনৰ সভাপতিৰ পদ অলংকৃত কৰে। ২০১২ চনত ৰাজনে গ্ৰুপ অফ থাৰ্টিৰ সদস্যপদ গ্ৰহণ কৰে।
২০১২ চনৰ ১০ আগষ্টত ৰাজনক ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰণালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে নিযুক্তি দিয়া হয়।[9] তেওঁ ২০১২-১৩ বৰ্ষৰ বাবে ভাৰতৰ অৰ্থনৈতিক জৰীপ প্ৰস্তুত কৰে।
২০১৩ চনৰ ৬ আগষ্টত ৰঘূৰাম ৰাজনক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰৱৰ্তী গভৰ্ণৰ হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰা হয়।[10] সেই বছৰৰে ৫ ছেপ্টেম্বৰত ৰাজনে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৩ত্ম গভৰ্ণৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু চিকাগো বিশ্ববিদ্যালয়ৰ পৰা দীঘলীয়া ছুটী লয়।[11]
গভৰ্ণৰ হিচাপে তেওঁৰ প্ৰথমটো ভাষণত ৰাজনে বেংকিং ক্ষেত্ৰৰ সংস্কাৰ সাধন আৰু বৈদেশিক বেংকিংৰ ক্ষেত্ৰত ভাধা-নিষেধ শিথিল কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ তাৎক্ষণিক ফলস্বৰূপে বিএছই ছেনছেক্স ৩৩৩ পইণ্ট (১.৮৩%) উৰ্ধ্বগামী হয়। তেও৬ৰ কাৰ্যকালৰ প্ৰথম দিনাই ভাৰতীয় টকাৰ মূল্য প্ৰতি আমেৰিকান ডলাৰৰ বিপৰীতে ২.১% বৃদ্ধি পায়। ৰাজনে প্ৰধানকৈ মুদ্ৰাস্ফিতী নিয়ন্ত্ৰণত গুৰুত্ব আৰোপ কৰে আৰু খুচুৰা মুদ্ৰাস্ফিতী ৯.৮%ৰ (ছেপ্টেম্বৰ ২০১৩) পৰা ৩.৭৮% (জুলাই ২০১৫) লৈ অৰ্থাৎ ১৯৯০ চনৰ পৰা সৰ্বনিম্ন পৰ্যায়লৈ হ্ৰাস কৰিবলৈ সক্ষম হয়। সেইদৰে পাইকাৰী মুদ্ৰাস্ফিতীও ৬.১%ৰ (ছেপ্টেম্বৰ ২০১৩) পৰা -৪.০৫% (জুলাই ২০১৫) লৈ নামে। ৰাজনৰ নেতৃত্বত ভাৰতীয় ৰিজাৰ্ভ বেংকে কনজিউমাৰ প্ৰাইচ ইনডেস্ক বা উপভোক্তা মূল্ সূচকক মুদ্ৰাস্ফিতীৰ মুখ্য সূচক হিচাপে গ্ৰহণ কৰে। দুটা বছৰৰ ভিতৰত ভাৰতৰ বৈদেশিক বিনিময় ৩০% বৃদ্ধি হৈ $৩৮০ বিলিয়ন অৰ্থাৎ $৩,৮০০ কোটি হয়গৈ। ৰাজনৰ নেতৃত্বাধীন ৰিজাৰ্ভ বেংকে বেংকিং সেৱাৰ প্ৰসাৰৰ বাবে দুটা উমৈহতীয়া বেংকক লাইচেঞ্চ প্ৰদান কৰে আৰু এঘাৰটা পৰিশোধ বেংকক অনুমোদন জনায়।
২০১৪ চনত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুৰব্বী ক্ৰিষ্টিন লাগাৰ্ডেৰ কাৰ্যকালৰ অন্তত (২০১৬) ৰাজনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সম্ভাৱনীয়তাৰ কথা প্ৰকাশ পায়।[12] ২০১৫ চনৰ ৯ নৱেম্বৰত ৰাজনক বেংক অফ ইণ্টাৰনেচনেল ছেটলমেণ্টৰ উপ-চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হয়।[13]
২০১৬ চনৰ ১৮ জুনত ৰাজনে ঘোষণা কৰে যে তেওঁ ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ হিচাপে দ্বিতীয়বাৰৰ বাবে কাৰ্যনিৰ্বাহ নকৰে আৰু তেওঁ বিদ্যায়তনিক ক্ষেত্ৰখনলৈ উলটি যোৱাৰ পৰিকল্পনা কৰিছে। চ[14]
২০০৫ চনত ইউ এছ ফেডাৰেল ৰিজাৰ্ভৰ অৱসৰ লাভৰ পৰ্যায়ত থকা এলান গ্ৰীণস্পেনৰ সন্মানাৰ্থে আয়োজিত এক অনুষ্ঠানত ৰাজনে বিত্ত বিভাগৰ সমালোচনাত্মক এক বিতৰ্কিত পত্ৰ পাঠ কৰে।[15] "অৰ্থনৈতিক উন্নয়নে পৃথিৱীখন অধিক বিপদাপন্ন কৰিছে নেকি?" শীৰ্ষক পত্ৰখনত ৰাজনে যুক্তি দৰ্শাই যে "বিপৰ্যয় বৃদ্ধি পাব পাৰে[16] ৰাজনে কয় যে বিত্ত বিভাগৰ পৰিচালকসকল এনেধৰণৰ অনিশ্চয়তা (risk) মূৰ পাতি ল'বলৈ আগ্ৰহী হয় যিবোৰে ভয়ানক বিপত্তিৰ উদ্ভৱ কৰিব পাৰিলেও তাৰ সম্ভাৱনা কম হয় কিন্তু, ইয়াৰ বিপৰীতে পিছৰ সময়ছোৱাত এক বুজন পৰিমাণৰ লাভ আগবঢ়াব পাৰে। কিন্তু আটাইতকৈ গুৰুত্ত্বপূৰ্ণ কথা হৈছে যে যদি এই অনিশ্চয়তাসমূহে (risks) ঋণাত্মক ৰূপ লৈ বিপৰ্যয়ৰ দিশে গতি কৰে তেন্তে বেংকসমূহে অৰ্থনীতিত ইয়াৰ প্ৰভাৱ ন্যূনতম কৰিব পৰাকৈ বিত্তীয় বজাৰসমূহক তৰলতা (liquidity) প্ৰদান কৰিব পাৰিবনে নোৱাৰে।
সেই সময়ত তেওঁৰ এই পত্ৰখনে ঋণাত্মক সঁহাৰিহে লাভ কৰে। উদাহৰণস্বৰূপে পূৰ্বৰ ইউ. এছ. ট্ৰেজাৰী ছেক্ৰেটেৰী আৰু হাৰ্ভাৰ্ডৰ প্ৰাক্তন সভাপতি ল'ৰেঞ্চ ছামাৰছে এই সঁকীয়নিক "বিপথে পৰিচালিত কৰা" বুলি অভিহিত কৰে।[17] অৱশ্যে, ২০০৮ চনৰ অৰ্থনৈতিক বিপৰ্যয়ৰ পিছত ৰাজনৰ মতামত ভৱিষ্যদৰ্শী প্ৰতীয়মান হয় আৰু ২০০৯ চনৰ জানুৱাৰীত দ্য ৱাল ষ্ট্ৰীট জাৰ্ণেলে ব্যক্ত কৰে যে "বৰ কমসংখ্যক লোকেহে তেওঁৰ ধাৰণাক আওকাণ কৰে। "[16] একাডেমী পুৰস্কাৰ বিজয়ী তথ্যচিত্ৰ ইনছাইড জবৰ কাৰণেও ৰাজনৰ উপৰ্যুপৰি সাক্ষাৎকাৰ লোৱা হৈছিল।
ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে ৰাজনৰ প্ৰথমটো ভাষণৰ পূৰ্ণপাঠ্য, Firstpost.com, ৫ ছেপ্টেম্বৰ ২০১৩।