ৰঙা কাঞ্চন | |
---|---|
![]() | |
ভাৰতৰ পশ্চিমবংগত ৰঙা কাঞ্চনৰ ফুল | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Fabales |
পৰিয়াল: | Fabaceae |
গণ: | Phanera |
প্ৰজাতি: | P. purpurea |
বৈজ্ঞানিক নাম | |
Phanera purpurea (L.) Benth.[1][2] | |
সমাৰ্থক[3] | |
|
ৰঙা কাঞ্চন (ইংৰাজী: camel's foot বা orchid tree, বৈজ্ঞানিক নাম-Phanera purpurea পূৰ্বতে Bauhinia purpurea ) ‘Fabaceae’ পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। এই উদ্ভিদবিধ ঘাইকৈ দক্ষিণ-পূব এছিয়াত দেখা পোৱা যায়। [4]
ৰঙা কাঞ্চন এবিধ সৰুৰ পৰা মজলীয়া আকাৰৰ পৰ্ণপাতী উদ্ভিদ। ইয়াৰ উচ্চতা প্ৰায় ১৭ ফুট পৰ্যন্ত হোৱা দেখা যায়। এই গছজোপাৰ পাতবোৰ ১০-২০ ছে:মি: দীঘল আৰু ঘূৰণীয়া বহল হয়। ফুলবোৰ গুলপীয়া আৰু সুগন্ধি হোৱা দেখা যায়। ৰঙা কাঞ্চনৰ ফল দীঘলীয়া আৰু ইয়াৰ ভিতৰত ১২-১৬ টাকৈ গুটি থাকে।
পৰম্পৰাগতভাৱে বহুতো সৰু-বৰ ৰোগ নিৰাময়ত ৰঙা কাঞ্চন ব্যৱহাৱ কৰা হয়। এই উদ্ভিদৰ বিভিন্ন অংশত বহুমূত্ৰ, ডায়েৰিয়া, কেন্সাৰ আদি ৰোগ নিৰাময় কৰা গুণ থাকে বুলি ধাৰণা কৰা হৈছে। [5] ৰঙা কাঞ্চনৰ পৰা বহুতো ধৰণৰ ৰাসায়নিক পদাৰ্থও নিষ্কাশন কৰিব পৰা গৈছে। ইয়াৰ ভিতৰত, 5,6-dihydroxy-7-methoxyflavone 6-O-β-D-xylopyranoside, bis [3',4'-dihydroxy-6-methoxy-7,8-furano-5',6'-mono-methylalloxy]-5-C-5-biflavonyl and (4'-hydroxy-7-methyl 3-C-α-L-rhamnopyranosyl)-5-C-5-(4'-hydroxy-7-methyl-3-C-α-D-glucopyranosyl) bioflavonoid, bibenzyls, dibenzoxepins, mixture of phytol fatty esters, lutein, β-sitosterol, isoquercitin and astragalin.[5] আদিয়ে প্ৰধান।
![]() |
ৱিকিমিডিয়া কমন্সত Bauhinia purpurea সম্পৰ্কীয় মিডিয়া ফাইল আছে। |