ৰঙালাউ (ইংৰাজী: Pumpkin, বৈজ্ঞানিক নাম: Cucurbita maxima) হৈছে এটা ডাঙৰ আৰু ঘূৰণীয়া আকৃতিৰ ফল, যি কুকাৰবিটেচিয়া (Cucurbitaces) বৰ্গৰ অন্তৰ্ভুক্ত।[1] এই বৰ্গৰ অন্তৰ্গত অন্যবোৰ উদ্ভিদ, যেনে- কোমোৰা, জাতিলাউ, জিকা, ধুন্দুলী, স্কোৱাছ, কেৰেলা, তৰমুজ আদিৰ লগত ইয়াৰ বিশেষ পাৰ্থক্য এয়ে যে ইয়াৰ সোৱাদ মিঠা । হয়তো ইয়াৰ এনে বিশেষত্বৰ বাবেই ইংৰাজীত ইয়াক Sweet gourd বুলিও কোৱা হয়। ৰঙালাউ মধ্য আমেৰিকা আৰু মেক্সিকোৰ স্থানীয় যদিও বৰ্তমান সমগ্ৰ বিশ্বতে বিশেষকৈ আমেৰিকাত ইয়াৰ বেছিকৈ খেতি কৰা হয়, য’ত ই শৰৎ আৰু হেলোৱিনৰ পৰম্পৰাগত প্ৰতীক।
পূৰঠ হৈ পৰাৰ পিছত ইয়াৰ গাৰ বৰণ ৰঙচুৱা হোৱাৰ হেতুকেই এই লাউবিধে পাইছে ৰঙালাউ নাম। আনহাতে পকা অৱস্থাত ইয়াৰ সোৱাদ মিঠা পোৱাৰ হেতুকে বহুতে ইয়াক মিঠালাউ বুলিও কয়। বহল পাতেৰে সৈতে মাটিতে বগাই ফল-ফুল দিয়া এবিধ লতাজাতীয় গছৰ ই ফল। পাতৰ আকাৰ গোলাকাৰ হ’লেও আগ অংশ কিছু খাঁজ কটা। ইয়াৰ গা-গছ আৰু পাতত কিছু সৰু সৰু শুং থাকে। সেয়া হৈছে উদ্ভিদবিধৰ প্ৰতিৰক্ষামূলক ব্যৱস্থা। ইয়াৰ গছত লগা ফলবোৰৰ ৰঙো পাতৰ দৰে সেউজীয়া হ’লেও ফল পূৰঠ হ’লে ৰঙচুৱা হালধীয়া হৈ পৰে।[2]
অসমীয়া সমাজত ৰঙালাউ বেছ জনপ্ৰিয়, সামূহিক ভোজত ই সৰ্বাধিক ব্যৱহৃত পাচলি। পকা ৰঙালাউৰ সোৱাদ মিঠা। আমেৰিকাত ইয়াক দৰৱ হিচাপেও ব্যৱহাৰ কৰে। মধুমেহ ৰোগীৰ বাবেই অপকাৰী নহয় যদিও ইয়াৰ সোৱাদ মিঠা। চীন দেশৰ বিজ্ঞানীয়ে পৰীক্ষাৰ জৰিয়তে ইয়াৰ প্ৰমাণ পাইছে।[উদ্ধৃতিৰ প্ৰয়োজন]
ৰঙালাউৰ কোনো অংশই পেলনি নাযায়। ফলবিধৰ বাহিৰৰ বাকলি, ভিতৰৰ মঙহাল অংশ আৰু গুটিকেইটাৰ পৰাও সুস্বাদু ব্যঞ্জন কৰি খোৱাটো সম্ভৱ। তেনেকৈ ইয়াৰ গছৰ পাত, আগ আৰু ফুলো খোৱাৰ উপযোগী। সৰিয়হৰ লগত ইয়াৰ আগেৰে বনোৱা চৰচৰি আৰু তেনেকৈ বেছনৰ সৈতে বনোৱা ফুলৰ বৰা বহু লোকৰ বাবে তৃপ্তিদায়ক তথা উপাদেয় আহাৰ।
ই পাচলি হিচাপে উপাদেয় খাদ্য যাক সিজাই, ভাজি, তৰকাৰি প্ৰস্তুত কৰি নাইবা মাছেৰে জোল ৰান্ধি খোৱা যায়। কিছুমান লোকে লাউ গছৰ কুমলীয়া আগবোৰ ছিঙি আনি সৰিয়হ বটা দি ৰন্ধা চৰচৰীয়া খায়। ৰঙালাউৰ গুটিবোৰো মুঠেই পেলনীয়া নহয় আৰু চোকোৰা পেলাই ভাজি খালে সুফল পোৱা যায়।[3]
ৰঙালাউ কমলা বৰণৰ হোৱাৰ মূলতে ইয়াত প্ৰচুৰ পৰিমাণে লুটেইন, বিটা কেৰ’টিন আদি থাকে যিবোৰ সুস্বাস্থ্য বৰ্তাই ৰখাই ৰখাত অপৰিহাৰ্য্য। ইয়াত থকা কেৰটিনৰ পৰা দেহত ‘ক’ খাদ্যপ্ৰাণ উৎপাদন হয় যিয়ে কেতবোৰ কৰ্কট ৰোগ, কলিজাৰ বিকাৰ, মূত্ৰধাৰৰ সমস্যা, বিষ আদি দূৰতে বিদূৰ কৰাৰ উপৰি বৃদ্ধাৱস্থা প্ৰতিহত কৰে।[4]
হালধীয়া-বগা চোকোৰাটো গুচাই বীজৰ ভিতৰৰ শাহখিনি খাদ্য হিচাপে গ্ৰহণ কৰিলে শৰীৰৰ বৃদ্ধি তথা সুৰক্ষাৰ বাবে প্ৰয়োজনীয় মেগনেছিয়াম, লো, মেংগানিজ, দস্তা আদি উপযুক্ত পৰিমাণে লাভ কৰে। তদুপৰি ইয়াৰ পৰা প্ৰচুৰ প্ৰ’টিন, আঁহ, চৰ্বি তথা কেলৰি পোৱা যায়। দেহে খাদ্যৰ পৰা আহৰণ কৰা শক্তি কেলৰি এককত প্ৰকাশ কৰা হয়।[5]
পশ্চিমীয়া দেশত লাউৰ বীজৰ পৰা তেল উলিওৱা হয় যাৰ উচ্চ পুষ্টি মূল্য, অনন্য সোৱাদ তথা সেউজীয়া বৰণৰ বাবে ই সেউজ সোণ। মাখনৰ বিকল্প হিচাপে এই তেল এবিধ সুস্বাদু উপাদেয় খাদ্য।
ৰঙালাওৰ খেতি কৰিবৰ বাবে মুকলি, ৰ'দ পৰা মাটি হ’লে ভাল। ৰঙালাউৰ খেতি কোনো কোনো ঠাইত চাং পাতি কৰা দেখা যায় যদিও বিস্তৃতভাৱে কৰিবলৈ হ’লে ইয়াক মাটিতে উৎপাদন কৰা হয়। প্ৰথমে মাটিদৰা ভালদৰে চহাই লৈ তাত প্ৰয়োজনীয় জৈৱিক তথা ৰাসায়নিক সাৰ মিহলাই লোৱা হয়। তাৰ পাছত ২-৩ ফুট আঁতৰে আঁতৰে মাটিখিনি ওখ কৰি তাত উন্নত মানৰ ৰঙালাউৰ বীজ সিঁচা হয়। বীজ সমূহ দীঘল লানিৰ দৰে সিঁচা হয় আৰু তাৰ কাষতে পানী যোগানৰ বাবে দীঘলীয়া নলা প্ৰস্তুত কৰা হয়। এনেকৈয়ে প্ৰায় 2 মাহ মানৰ পাছত তাত ফুলৰ কলি অংকুৰিত হোৱা দেখা যায় আৰু ভালদৰে লালন পালন কৰাৰ পাছত প্ৰায় ৩ মাহ মানৰ পাছত ফচল লগা দেখিবলৈ পোৱা যায়।[6]
এই লাউৰ খেতিত প্ৰচুৰ পৰিমাণে ফল পাবলৈ গা-গছ জোপাত প্ৰথম ১০ৰ পৰা ১২ টা মান পাত ওলওঁতেই কাটিং কৰা হয়, তেতিয়া সেই কটা অংশৰ পৰা অন্য ঠাল ওলাব ধৰে আৰু তাত ভালে পৰিমাণে ফচল ধৰে। এনেকৈয়ে ৰঙালাওৰ খেতি কৰি অসমৰ কেইবাশতাধিক লোক আৰ্থিকভাৱে লাভৱান হৈছে।[7][8][9]