ৰঙিয়া | |
---|---|
চহৰ | |
ৰঙিয়া চহৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
অঞ্চল | নামনি অসম |
জিলা | কামৰূপ |
মহকুমা | ৰঙিয়া মহকুমা |
ৱাৰ্ডৰ সংখ্যা | ১০ |
চৰকাৰ | |
• ধৰণ | পৌৰসভা |
• পৰিচালনা | ৰঙিয়া পৌৰসভা |
জনসংখ্যা | |
• মুঠ | ৩২৮০০ |
ৰঙিয়া (ইংৰাজী: Rangia) ভাৰতৰ অসম ৰাজ্যৰ কামৰূপ জিলাৰ চহৰ পৌৰসভাৰ বৰ্ড আৰু ৰঙিয়া মহকুমাৰ সদৰ। ই উত্তৰ-পূব সীমান্ত ৰে'লৱে'ৰ মাণ্ডলিক মুখ্য কাৰ্যালয়। চহৰখনৰ মাত্ৰ তিনি কিলোমিটাৰ দূৰত আছে ভাৰতীয় স্থলসেনাৰ ৰেডহৰ্ণ ডিভিজন। গুৱাহাটীৰ পৰা চহৰখন লৈ দূৰত্ব ৫২ কি:মি:। ৰঙিয়া এটা গুৰুত্বপূৰ্ণ ৰে'ল জংচন। এই ৰে'ল জংচনক কেন্দ্ৰ কৰি চহৰখন গঢ়ি উঠিছে। বৰলীয়া নৈ চহৰ খনৰ মাজেৰে বৈ গৈছে। ইয়াৰ উপৰিও ৰঙিয়া ভাৰত-ভূটান সীমান্তৰ প্ৰৱেশদ্বাৰ হিচাপে পৰিচিত।
ৰঙিয়া ২৬.৪৭ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯১.৬৩ ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত। সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা ৩৯ মিটাৰ। নগৰৰ মাজেৰে বৈ গৈছে বৰলীয়া নৈ।
ৰঙিয়া নামটো কেতিয়াৰ পৰা প্ৰচলিত হ’ল, সেই সম্পৰ্কে ক’তো উল্লেখ নাই যদিও ৰঙিয়া নামটো সম্পৰ্কে একাধিক মতবাদ প্ৰচলিত হৈ আছে। সাহিত্যিক অতুলচন্দ্ৰ বৰুৱাৰ মতে, ভুটীয়া-কোচ, আহোম-মোগল, বা আহোম আৰু ইংৰাজ শাসকসকলৰ মাজত সময়ে সময়ে হোৱা যুঁজ-বাগৰৰ বাবে এই ঠাইখণ্ড ব্যৱহাৰ কৰা হৈছিল বাবে ৰণ-দিয়া বা ৰঙিয়া নামে অঞ্চলটো জনাজাত হ’ল। আন এক মতবাদ অনুসৰি, এই অঞ্চলত বাস কৰা নানা জাতিৰ লোকে সম্প্ৰীতি আৰু সাংস্কৃতিক ৰঙৰ মিলনেৰে বাস কৰিছিল বাৰে ৰঙিয়া(ৰঙ+ঈয়া) হয়।[1] ইতিহাসৰ বিভিন্ন সময়ত এই অঞ্চলত বিভিন্ন আহোম, কোঁচ, মোগল, গৌড়ৰ শাসক আদি বিভিন্ন ৰাজশক্তিয়ে নিজৰ শক্তি পৰীক্ষা কৰিছিল। ৰণ দিয়া ঠাই বুলিয়ে ইয়াৰ নাম হৈছিল ৰঙিয়া। গৌড়ৰ সেনাপতি তুবৰ্কে আৰিমত্তৰ ৰাজ্য আক্ৰমণ কৰিবলৈ আহি ৰঙিয়া নগৰৰ পাঁচ কি:মি: আঁতৰত কোঠ সাজিছিল। সেই কোঠ সজা ঠাইখন গৰীয়াকোঠ গাঁও নামেৰে জনাজাত হ'ল। নগৰখনৰ মাত্ৰ তিনি কি:মি: দূৰত আছিল ৰজা আৰিমত্তৰ ৰাজধানী। চাৰিওদিশে এটা প্ৰকাণ্ড গড় সাজি ৰজা আৰিমত্তই তেওঁৰ ৰাজধানীখন সুৰক্ষিত কৰিছিল। গড়টোক বোলা হৈছিল বৈদ্যৰ গড়। এই বৈদ্যৰ গড় আজিও বিৰাজমান। কিংবদন্তীমতে গড়টো সাজিবলৈ লওঁতে অসংখ্য গুৰি পৰুৱাই হেনো গড়ৰ নিৰ্মাণ-কাৰ্য বাধাগ্ৰস্থ কৰি তুলিছিল। তেতিয়া এজন নিঃসন্তান বৈদ্যই মন্ত্ৰবলেৰে গুৰি পৰুৱাবোৰ আঁতৰ কৰি নিৰ্মাণ-কাৰ্য সুচল কৰি তুলিছিল। কিছুমান ইতিহাসবিদৰ মতে ৰজা আৰিমত্তৰে আন এটা নাম বৈদ্যদেৱ। কিছুমানৰ মতে বৈদ্যদেৱ আছিল বংগৰ সেনাপতি। এই সেনাপতিজনে গড়টো নিৰ্মাণ কৰিছিল; আৰিমত্তই মাথোঁ ইয়াৰ পুনৰ্নিমাণ কৰিছিল।[1]
ব্ৰিটিছে অন্যায়ভাৱে বঢ়োৱা ভূমি কৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ঊনৈশ শতিকাৰ শেহৰ পিনে নগাঁও জিলাৰ ফুলগুৰি, দৰং জিলাৰ পথৰুঘাট আদি ঠাইত ৰাইজ সংগঠিত হৈছিল। ৰঙিয়াতো ১৮৯৪ত ৰাইজমেল পাতি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰিছিল আৰু ব্ৰিটিছৰ চিপাহীৰ হাতত নিৰিহ কৃষকে প্ৰাণৰ বলিদান দিছিল।[2]
২০১১চনৰ লোকপিয়ল অনুসৰি ৰঙিয়া নগৰৰ জনসংখ্যা ২০,৭১২জন।[3]
গ্ৰীষ্মকালত গড় উচ্চ উষ্ণতা প্ৰায় ৩৮ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে শীতকালত গড় নিম্ন উষ্ণতা প্ৰায় ১৫ ডিগ্ৰী চেলছিয়াছ।
২খন চৰকাৰী চিকিৎসালয়ৰ উপৰিও ৰঙিয়াত কেইবাখনো ব্যক্তিগত চিকিৎসালয় আছে। ইয়াৰে কিছুমান হ'ল স্বস্তি হাস্পতাল (Estd. 2018),ৰঙিয়া পলি ক্লিনিক এণ্ড নাৰ্চিং হোম, স্পৰ্শ হাস্পতাল (Estd. 2016)
ৰঙিয়াৰ মাজেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। নগৰখনৰ পৰা আন এটা প্ৰধান ঘাইপথ গৈছে ভাৰত-ভূটান সীমান্তৰ দৰঙালৈ। এই পথটোৱে ভূটানৰ ছামড্ৰুপ-জংখাৰ নগৰক সংযোগ কৰিছে। ৰঙিয়া এটা গুৰুত্বপূৰ্ণ ৰে’ল জংছন। এই জংছনৰ পৰা দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, বাংগালুৰু, থিৰুঅনন্তপুৰম আদি ভাৰতৰ প্ৰায় আটাইবোৰ প্ৰধান মহানগৰৰ সৈতে পোনপটীয়া ৰে’ল সংযোগ আছে। ৰঙিয়াৰ পৰা আন এটা মিটাৰগজ শাখা ৰে’লপথ গৈছে মুৰ্কংচেলেকলৈ। ২০১১ চনৰ ১ চেপ্তেম্বৰৰ পৰা গজ পৰিবৰ্তনৰ কাম চলাৰ বাবে এই পথছোৱাত যাত্ৰীবাহী ৰে'লৰ চলাচল বন্ধ কৰি দিয়া হয়। ২০১৪ চনৰ ৪ জানুৱাৰীৰ পৰা ব্ৰডগজলৈ পৰিৱৰ্তন হোৱা ৰঙিয়া-ৰাঙাপৰা-ডেকাৰগাঁও ৰেলপথত যাত্ৰীবাহী ৰে'লৰ চলাচলৰ আৰম্ভণি হয়।[4] ডিব্ৰুগড় জিলাৰ বগীবিলত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি থকা দলংখন সম্পূৰ্ণ হোৱাৰ পাছত এই ৰে’লপথটো ডিব্ৰুগড়ৰ সৈতে সংযোজিত হ’ব।
|