ৰজ | |
---|---|
![]() ৰজ দোলি খেল | |
সম্পূৰ্ণ নাম | ৰজপৰ্ব |
অন্য নাম | ৰজ পৰৱ |
পালন কৰে | ওড়িয়াসকল |
প্ৰকাৰ | বসুমতী পূজন |
মহত্ব | কৃষ আৰম্ভ |
আচাৰ | প্ৰথম দিন - প্ৰথম ৰজ, দ্বিতীয় দিন - ৰজ সংক্ৰান্তি, তৃতীয় দিন - বসুমতী স্নান আৰু ভূমি দহন |
সম্পৰ্কিত | অম্বুবাচী মেলা |
ৰজ বা ৰজপৰ্ব (ইংৰাজী: Raja parba) ওড়িশাৰ পৰম্পৰাগত উৎসৱ। এই উৎসৱ তিনিদিন ধৰি উদযাপন কৰা হয়। এই উৎসৱৰ দ্বিতীয় দিন অৰ্থাৎ ৰজ সংক্ৰান্তি বা মিথুন সংক্ৰান্তিৰ পৰা হিন্দু সৌৰদিনপঞ্জী অনুসৰি মিথুন ৰাশিৰ মাহ আৰম্ভ হয় আৰু তাৰ পিছত বৰ্ষা ঋতু আৰম্ভ হয়। ৰজ সংক্ৰান্তিৰ প্ৰাকমুহূৰ্তত অৰ্থাৎ প্ৰথম দিনটো প্ৰথম ৰজ, দ্বিতীয় দিনা হৈছে ৰজ সংক্ৰান্তি, তৃতীয় দিনা হৈছে ভূমিদাহ বা ভূমি দহন, চতুৰ্থ আৰু অন্তিম দিন হৈছে বসুমতী স্নান।[1]
ই উৎসৱে কৃষিৰ আৰম্ভণি সূচায়। ৰজ শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে ৰাজস্বলা। ওড়িয়া সকলে পৃথিৱীক মাতৃ হিচাপে গণ্য কৰে আৰু বৰষুণৰ আগমনত ইয়াক ঋতুমতী হোৱাৰ আৰু নতুন শস্যৰ জন্মৰ সাংকেতিক ৰূপ জড়িত আছে। এই উৎসৱ কৃষকসকলে বসুমতি আৰু হাল-নাঙলৰ পূজা কৰি তিনিদিনৰ বাবে খেতিৰ পৰা বিৰতি লয়। ছোৱালীৰ ৰজ দোলি আৰু পুচ্চি খেলৰ লগতে ৰজত পড পিঠা আৰু পান খায়াৰ লগতে ল'ৰাৰ লুডাছ, টাচ, বাগুডি আদি খেলি এই উৎসৱ উদযাপন কৰা হয়। এই উৎসৱ অসমত উদযাপিত অম্বুবাচীৰ সম্পৰ্যায়ৰ।
বিশ্বাস কৰা হয় যে আই বসুমতী বা ভগৱান বিষ্ণুৰ ঐশ্বৰিক পত্নী ভূদেৱীয়ে ৰজ উৎসৱৰ তিনিদিনত ৰাজস্বলা হয়। চতুৰ্থ দিনটোক বসুমতী স্নান বা ভূদেৱীৰ আনুষ্ঠানিক স্নান বুলি কোৱা হয়। ৰজ শব্দটো সংস্কৃত শব্দ 'ৰজঃ'ৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হৈছে ঋতুস্ৰাব। যেতিয়া এগৰাকী মহিলাৰ ঋতুস্ৰাৱ হয় তেতিয়া তেওঁক 'ৰজসৱালা' বা ঋতুস্ৰাৱহোৱা মহিলা বুলি কোৱা হয়। মধ্যযুগত এই উৎসৱ ভগৱান জগন্নাথৰ পত্নী ভূদেৱীৰ উপাসনা চিহ্নিত কৰি কৃষি বন্ধ হিচাপে অধিক জনপ্ৰিয় হৈ পৰে। পুৰী জগন্নাথ মন্দিৰত ভগৱান জগন্নাথৰ কাষত এতিয়াও ভূদেৱীৰ এটা ৰূপৰ মূৰ্তি আছে।[2]
এই উৎসৱ সাধাৰণতে জুনৰ মাজভাগত পৰে।[3] ইয়াৰ প্ৰথম দিনটোক পাহিলী ৰজ বুলি কোৱা হয়।[4] দ্বিতীয় দিন হৈছে মিথুন সংক্ৰান্তি আৰু তৃতীয় দিন হৈছে ভূদাহ বা বাহি ৰজ। অন্তিম তথা চতুৰ্থ দিনটোক বসুমতী স্নান বুলি কোৱা হয়। এইদিনা মহিলাসকলে হালধিৰে ভূমিৰ প্ৰতীক হিচাপে পটাগুটিৰ শিলটোক গা ধুৱায় আৰু ফুল, সিন্দুৰ আদিৰে আৰাধনা কৰে। সকলো ধৰণৰ ঋতুগত ফল ভূমিক আগবঢ়োৱা হয়। প্ৰথম দিনটোৰ আগদিনা সজাবাজা বা প্ৰস্তুতিৰ দিন বুলি কোৱা হয়। এইদিনা ঘৰ, পাকঘৰ, পটাগুটিৰ শিলসহ পাকঘৰ পৰিষ্কাৰ কৰা হয়, মচলা তিনি দিনৰ বাবে পিহি তৈয়াৰ কৰা হয়। এই তিনিদিনত মহিলা আৰু ছোৱালীয়ে কামৰ পৰা বিশ্ৰাম লয় আৰু নতুন শাৰী, আলতা আৰু অলংকাৰ পিন্ধে। ই অম্বুবাচী মেলাৰ সম্পৰ্যায়ৰ। ৰজ ওড়িশা অন্যতম জনপ্ৰিয় উৎসৱ। ৰজ[5] একেৰাহে তিনিদিন উদযাপন কৰা হয়। যেনেকৈ পৃথিৱীয়ে আগন্তুক বৰষুণৰ দ্বাৰা তৃষ্ণা নিবাৰণৰ বাবে নিজকে প্ৰস্তুত কৰে ঠিক তেনেদৰে পৰিয়ালৰ অবিবাহিত ছোৱালীবোৰক এই উৎসৱৰ জৰিয়তে আসন্ন বিবাহৰ বাবে সাজু কৰা হয়। তেওঁলোকে এই তিনিদিন আনন্দময় উৎসৱত পাৰ কৰে আৰু কেৱল কেঁচা আৰু পুষ্টিকৰ খাদ্য খোৱা, বিশেষকৈ পোডাপিঠা খোৱা, গা নোধোৱা বা নিমখ গ্ৰহণ নকৰা, খালি ভৰিৰে খোজ নকঢ়া আৰু ভৱিষ্যতে স্বাস্থ্যৱান সন্তান জন্ম দিয়াৰ প্ৰতিজ্ঞা কৰাৰ দৰে ৰীতি-নীতি পালন কৰে। ৰজ আনন্দৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু উপভোগ্য কাৰ্যসূচী হৈছে ডাঙৰ বট গছৰ ওপৰত ৰছী-দোলনা আৰু গীতিমূলক লোক-গীত। ইয়াৰ গীতসমূহত বিশেষকৈ পৰিৱেশ উপভোগ কৰা দাম্পত্য সৌন্দৰ্যৰ বিষয়ে আদিম উৰ্বৰতা বিষয়ক।[6]
বাৰিষাৰ আগমন উদযাপন কৰিবলৈ গাওঁবাসীয়ে তিনিদিনৰ বাবে আনন্দময় ৰজ উৎসৱৰ আয়োজন কৰে। যদিও সমগ্ৰ ওড়িশাতে ইয়াক উদযাপন কৰা হয় তথাপিও উপকূলীয় জিলাসমূহত ইয়াক যথেষ্ট উৎসাহেৰে উদযাপন কৰা হয়।
জনবিশ্বাস অনুসৰি মহিলাৰ ঋতুস্ৰাৱ উৰ্বৰতাৰ লক্ষণ লগতে ই আই বসুমতীৰ ঋতুচক্ৰ। গতিকে উৎসৱৰ তিনিওটা দিন পৃথিৱী মাতৃৰ ঋতুস্ৰাবৰ সময় বুলি গণ্য কৰা হয়। উৎসৱৰ সময়ত সকলো কৃষি কাৰ্য স্থগিত ৰখা হয়। ঋতুস্ৰাৱৰ তিনিদিনত পৃথিৱীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই কেইদিন সকলো কৃষিকৰ্ম স্থবিৰ হৈ পৰে। তাৎপৰ্যপূৰ্ণভাৱে ই হৈছে অবিবাহিত ছোৱালী আৰু সম্ভাৱ্য মাতৃসকলৰ উৎসৱ। তেওঁলোক সকলোৱে ঋতুস্ৰাৱ হোৱা মহিলাৰ বাবে নিৰ্ধাৰিত প্ৰতিবন্ধকতা পালন কৰে। প্ৰথম দিনাই তেওঁলোকে ৰাতিপুৱা হোৱাৰ আগতে উঠি চুলি ঠিক কৰে, তেওঁলোকৰ শৰীৰক হালধি আৰু তেলৰে অভিষিক্ত কৰে আৰু তাৰ পিছত নদী বা পুখুৰীত বিশুদ্ধতাসূচক স্নান কৰে। বিশেষকৈ বাকী দুদিন তেওঁলোকৰ গা ধোৱা নিষিদ্ধ। সিহঁতে খালি ভৰিৰে খোজ কাঢ়িব নোৱাৰে লগতে মাটি কটা, বস্তু পিহা, ফুল-ফল ছিঙা, বস্তু কটা আৰু ৰন্ধা নিষিদ্ধ। একেৰাহে তিনিওটা দিনত তেওঁলোক সুন্দৰ পোছাক আৰু সজ্জাত দেখা যায় লগতে বন্ধু আৰু আত্মীয়ৰ ঘৰত পিঠা আৰু সমৃদ্ধ খাদ্য খোৱা, দীঘলীয়া আনন্দৰ সময় অতিবাহিত কৰা, দোলনাত উঠা-নমা কৰা, গীত গোৱা আদি নানা আনন্দমূলক কাৰ্যসূচীৰ জড়িত থাকে।
এই উৎসৱৰ লগত জড়িত দোলনাবোৰ বিভিন্ন প্ৰকাৰৰ, যেনে 'ৰাম দোলি', 'চাৰ্কি দোলি', 'পাটা দোলি', 'দণ্ডি দোলি' ইত্যাদি। উৎসৱৰ বাবে বিশেষভাৱে নিৰ্ধাৰিত গানবোৰে প্ৰেম, স্নেহ, সন্মান, সামাজিক আচৰণ আৰু সামাজিক শৃংখলাৰ সকলো বোৰৰ কথা লোকগীতসমূহত প্ৰকাশ পায়। এই গীতবোৰৰ বেছিভাগেই বিভাজন আৰু অনুভূতিৰ নিখুঁত সৌন্দৰ্যৰ জৰিয়তে স্থিৰতা অৰ্জন কৰিছে আৰু ওড়িশাৰ পাৰম্পৰিক লোকগীতৰ অধীনস্থ হৈ পৰিছে। সকলো কৃষি কাৰ্যকলাপ স্থগিত থকাৰ লগতে আনন্দময় পৰিৱেশ বিয়পি থকাৰ বাবে যুৱক-যুৱতীসকলে বিভিন্ন প্ৰকাৰৰ দেশৰ খেলত নিজকে ব্যস্ত ৰাখে। এইসময়ত আটাইতকৈ প্ৰিয় হৈছে 'কাবাদি'। গাঁৱৰ বিভিন্ন গোটৰ মাজত প্ৰতিযোগিতাও অনুষ্ঠিত হয়। গোটেই ৰাতি 'যাত্ৰা' প্ৰদৰ্শন বা 'গোটিপুয়া' নৃত্য সমৃদ্ধ গাওঁবোৰত আয়োজন কৰা হয়। নাটক আৰু অন্যান্য ধৰণৰ মনোৰঞ্জনৰ ব্যৱস্থাও কৰে। এই উৎসৱৰ পিছত যুৱক-যুৱতীসকলে বাৰিষা আৰম্ভ হোৱাৰ কৃষিকাৰ্যৰ জড়িত হয়।[7]