ৰজা আৰ্থাৰ এগৰাকী সম্ভৱতঃ কাল্পনিক ব্ৰিটিছ নেতা। মধযুগীয় বুৰঞ্জী আৰু ৰ'মাঞ্চসমূহৰ মতে তেওঁ পঞ্চম আৰু ষষ্ঠ শতিকাত চেক্সন আক্ৰমণকাৰীৰ বিৰুদ্ধে ব্ৰিটিছৰ হৈ যুদ্ধ কৰিছিল। আৰ্থাৰৰ বিষয়ে লোককথা আৰু সাহিত্যিক উদ্ভাৱনেৰেহে জনা যায় আৰু আৰ্থাৰৰ বাস্তৱ অস্তিত্বৰ বিষয়ে ইতিহাসবিদ একমত নহয়। আৰ্থাৰৰ বিষয়ে উপলব্ধ ঐতিহাসিক সমলৰ নাটনিৰ বাবে এনেলিচ কেম্ব্ৰিয়ে, হিষ্টৰিয়া ব্ৰিটনাম আৰু গিল্ডাছৰ লিখনিৰ সহায় লোৱা হয়।[2]
আৰ্থাৰ মেটাৰ অৱ ব্ৰিটেইনৰ এক মুখ্য চৰিত্ৰ। আন্তৰ্জাতিকভাৱে আৰ্থাৰৰ বিষয়ে ৰুচি বিয়পিল মনমৌথৰ জিয়'ফ্ৰেইৰ 'হিষ্ট'ৰিয়ে ৰেজম ব্ৰিটেনিয়ে'ৰ (ব্ৰিটেইনৰ ৰজাসমূহৰ ইতিহাস) মাধ্যমেৰে।[3] এই গ্ৰন্থৰ পূৰ্বৰ ৱেল্ছ আৰু ব্ৰেটন সাধুকথাত তেওঁক এজন মহান যোদ্ধা বা জাদুকৰী চৰিত্ৰ ৰূপে দেখা যায় যিয়ে ব্ৰিটেইনক মানৱ আৰু অশৰীৰী শত্ৰুৰপৰা ৰক্ষা কৰে। তেওঁক কোনো কোনো লেখত ৱেল্ছ অন্যলোক এননৰ সৈতে সম্বন্ধিত দেখোৱা হয়।[4] জিয়'ফ্ৰেইৰ হিষ্টৰিয়াই কিমান দূৰ এনে পূৰ্বৰ কৰ্মৰপৰা প্ৰভাৱিত আছিল আৰু কিমান দূৰ স্ব-সৃষ্ট আছিল, সেয়া জনা নাযায়।