ন্যায়ধীশ ৰঞ্জন গগৈ | |
---|---|
ৰাজ্যসভাৰ সাংসদ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৯ মাৰ্চ ২০২০ | |
মনোনয়নকৰ্তা | ৰাম নাথ কোৱিন্দ |
নিয়োগকৰ্তা | ভেংকাইয়া নাইডু |
পূৰ্বসূৰী | কে. টি. এছ. তুলসী |
সমষ্টি | মনোনীত |
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৪৬তম মুখ্য ন্যায়াধীশ | |
কাৰ্যকাল ৩ অক্টোবৰ ২০১৮ – ১৭ নৱেম্বৰ ২০১৯ | |
নিয়োগকৰ্তা | ৰাম নাথ কোৱিন্দ |
পূৰ্বসূৰী | দীপক মিশ্ৰ |
উত্তৰসূৰী | শৰদ অৰবিন্দ ববডে |
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ | |
কাৰ্যকাল ২৩ এপ্ৰিল ২০১২ – ২ অক্টোবৰ ২০১৮ | |
নিয়োগকৰ্তা | প্ৰতিভা পাটিল |
পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মূখ্যন্যায়ধীশ | |
কাৰ্যকাল ১২ ফেব্ৰুৱাৰী ২০১১ – ২৩ এপ্ৰিল ২০১২ | |
পূৰ্বসূৰী | মুকুল মুদ্গল[1] |
উত্তৰসূৰী | আদৰ্শ কুমাৰ গৱেল(কাৰ্যবাহী) |
ব্যক্তিগত তথ্য | |
জন্ম | ১৮ নৱেম্বৰ, ১৯৫৪ (৭০ বছৰ) ডিব্ৰুগড়, অসম, ভাৰত[2] |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
সন্তান | ৰক্তিম গগৈ[3] |
পিতৃ | কেশৱ চন্দ্ৰ গগৈ[4] |
পুৰস্কাৰ | অসম বৈভৱ, ২০২৪ |
ৰঞ্জন গগৈ (জন্ম ১৮ নৱেম্বৰ ১৯৫৪)[5] ভাৰতৰ ৪৬তম মুখ্য ন্যায়াধীশ। ন্যায়াধীশ দীপক মিশ্ৰয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত ৩ অক্টোবৰ ২০১৮ তাৰিখে তেওঁ ভাৰতৰ ৪৬তম মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হয়।[6] তেওঁৰ পিতৃ কেশৱ চন্দ্ৰ গগৈ ১৯৮২ চনত অসমৰ মুখ্যমন্ত্ৰী আছিল। দেশৰ সৰ্বোচ্চ ন্যায়িক পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথম গৰাকী অসমীয়া লগতে উত্তৰ পূৱ ভাৰতৰ ব্যক্তি। ২০২০ চনৰ ১৯ মাৰ্চ তাৰিখে তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত কৰে।
এটা ৰাজনৈতিক পৰিয়ালত জন্মগ্ৰহণ কৰা গগৈ আহোম বংশৰ বংশধৰ। তেওঁৰ মাতৃৰ ফালৰ ককাক-আইতাক দুয়োজনেই বিধায়ক আছিল। তেওঁৰ আইতাক পদ্ম কুমাৰী গোহাঁই অসমৰ প্ৰথম মহিলা বিধায়কসকলৰ ভিতৰত এগৰাকী আৰু প্ৰথম মহিলা ৰাজ্যিক মন্ত্ৰী আছিল। ৰঞ্জন গগৈৰ পিতৃ কেশৱ চন্দ্ৰ গগৈয়ে ১৯৮২ চনত দুমাহ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। গগৈ ভাৰতৰ একমাত্ৰ মুখ্য ন্যায়াধীশ যি এজন মুখ্যমন্ত্ৰীৰ পুত্ৰ আছিল।
ৰঞ্জন গগৈৰ জন্ম হৈছিল টাই-আহোম পৰিয়ালত আৰু তেওঁৰ পৰিয়ালৰ বাসস্থান ডিব্ৰুগড়ৰ কে.চি.গগৈ পথ।[7] তেওঁৰ মাতৃৰ পৰিয়ালটো আহোম ৰাজ্যৰ ৰাজপৰিয়াল স্বৰ্গদেউ গদাধৰ সিংহৰ বংশধৰ। ১৯৮২ চনৰ ১৩ জানুৱাৰীৰ পৰা ১৯৮২ চনৰ ১৯ মাৰ্চলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ কেশৱ চন্দ্ৰ গগৈৰ পিতৃৰ নাম আছিল শান্তি গগৈ। শান্তি গগৈ শৃঞ্জন ৰাজকুমাৰ গোহাঁইৰ সম্পৰ্কীয় আছিল।[8] তেওঁৰ মাতৃৰ ফালৰ ককা-আইতাক জগেশ চন্দ্ৰ আৰু পদ্ম কুমাৰী গোহাঁই দুয়োজনেই স্বাধীনতাৰ পূৰ্বৰ আৰু পৰৱৰ্তী ভাৰতৰ বিধায়ক আৰু মন্ত্ৰী আছিল।[9] গগৈয়ে ডিব্ৰুগড়ৰ ডন বস্ক' স্কুল আৰু গুৱাহাটীৰ কটন কলেজ (বৰ্তমান কটন বিশ্ববিদ্যালয় নামেৰে জনাজাত)ত অধ্যয়ন কৰি উচ্চ শিক্ষাৰ বাবে দিল্লীলৈ যায়। ইয়াৰ পিছত দিল্লীৰ ছেইণ্ট ষ্টিফেন কলেজত অধ্যয়ন কৰি ইতিহাসত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত গগৈয়ে দেউতাকৰ ইচ্ছা ৰক্ষা কৰিবলৈ অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁ পিছলৈ, পিতৃক কৈছিল যে তেওঁৰ আগ্ৰহ ইয়াৰ পৰিৱৰ্তে আইনৰ পিছত লগাত নিহিত হৈ আছে।[10] দিল্লী বিশ্ববিদ্যালয়ৰ Faculty of Law ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ আইন বিষয়ত ডিগ্ৰী লাভ কৰে।[11][12][13] ১৯৮২ চনত তদানীন্তন আইন মন্ত্ৰী আব্দুল মুহিব মজুমদাৰে কেশৱ চন্দ্ৰ গগৈক সুধিছিল যে তেওঁৰ পুত্ৰও কোনোবাদিনা অসমৰ মুখ্যমন্ত্ৰী হ’ব নেকি? গগৈয়ে কয় যে তেওঁৰ পুত্ৰ ৰঞ্জন গগৈয়ে তেওঁক অনুকৰণ নকৰে, কিন্তু ভাৰতৰ মুখ্য ন্যায়াধীশ হোৱাৰ সম্ভাৱনা আছে। পিছলৈ পিতৃৰ ভৱিষ্যদ্বাণী সফলভাৱে প্ৰমাণিত হ’ল।[14]
ন্যায়াধীশ গগৈয়ে ১৯৭৮ চনত আইনী ক্ষেত্ৰখনত প্ৰথম খোজ পেলাই পৰৱৰ্ত্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰ্মৰত আছিল। ২০০১ চনৰ ২৮ ফেব্ৰুৱাৰীত তেওঁ সেই ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ নিযুক্ত হয়। ইয়াৰ পৰৱৰ্ত্তী সময়ত ২০১০ চনৰ ৯ ছেপ্টেম্বৰত তেওঁ পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলি হৈ আহে আৰু ২০১১ চনৰ ১২ ফেব্ৰুৱাৰীত একে ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশৰ পদ লাভ কৰে। ২০১২ চনৰ ২৩ এপ্ৰিল তাৰিখে তেওঁৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নতি হয় আৰু এই ন্যায়ালয়ত তেওঁ প্ৰায় ৭ বছৰ কাল কাৰ্যনিবাহ কৰে।[15][16] ২০১৮ চনৰ ৩ অক্টোবৰ তাৰিখে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হয়।
ন্যায়াধীশ গগৈৰ পিতৃ প্ৰয়াত কেশৱ চন্দ্ৰ গগৈ অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল।[17]