অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে।আলোচনা পৃষ্ঠাত এই সম্পৰ্কে অধিক তথ্য থাকিব পাৰে, সম্পাদনা কৰা পূৰ্বে সেয়াও এবাৰ চকু ফুৰাই চাই যেন।
ৰঞ্জন ৰশ্মি হৈছে বিদ্যুত চুম্বকীয় বিকিৰণৰ এটা অংশ, দৃশ্যমান পোহৰতকৈ ৰঞ্জন ৰশ্মিৰ তৰংগদৈৰ্ঘ্য কম, ৰঞ্জন ৰশ্মি বিকিৰণৰ বিভিন্ন অংশ বিভিন্ন কামত ব্যৱহৃত হয়।
ৰঞ্জন ৰশ্মি ক্ষুদ্ৰ তৰঙ্গ বিশিষ্ট এক ধৰণৰ ত্বৰিক চৌম্বিক বিকিৰণ। ইয়াৰ আন এক নাম এক্স-ৰে (X-ray)। ৰঞ্জনৰশ্মিৰ তৰঙ্গ দৈৰ্ঘ্য (সাধাৰণতে ১০-০.০১ নেন'মিটাৰ) সাধাৰণ পোহৰতকৈ অনেক কম কাৰণে ইয়াক খালি চকুৰে দেখা নাযায়। ১৮৯৫ চনত উইলিয়াম ৰণ্টজেনে এই ৰশ্মিৰ আৱিষ্কাৰ কৰে। তৰঙ্গদৈৰ্ঘ্য যিমানেই চুটি হয় পদাৰ্থ ভেদ কৰাৰ ক্ষমতা সিমানেই বেছি হয়। চিকিৎসাক্ষেত্ৰত ৰোগনিৰ্ণয়ত যুগান্তকাৰী পৰিবৰ্তন আনিছে ৰঞ্জন ৰশ্মিয়ে।
Hand mit Ringen: ৰণ্টজেনে তোলা প্ৰথম মানবদেহৰ এক্স-ৰে চিত্ৰ। ৰণ্টজেনে ১৮৯৫ চনৰ ২২ ডিচেম্বৰত তেখেতৰ স্ত্ৰী আনা বাৰ্থা ৰণ্টজেনৰ হাতৰ ছবি তোলে।[1][2]
এক্সৰেৰ একক হল ৰণ্টজেন। এক ৰণ্টজেন বুলিলে সেই পৰিমাণৰ বিকিৰন বুজায় যি স্বাভাবিক চাপ আৰু তাপমাত্ৰাত এক মিলিমিটাৰ বায়ুত এক স্থিৰ বৈদ্যুতিক আধানৰ সমান আধান উৎপন্ন কৰিব পাৰি।
বিজ্ঞানী ৰণ্টজেনে তড়িৎক্ষৰন নলীত (discharge tube) 10-3mm পাৰদ চাপত বায়ুৰ মাজত তড়িৎৰক্ষনৰ পৰীক্ষা কৰিবলৈ গৈ লক্ষ্য কৰে যে, নলীৰ পৰা কিছু দূৰত অবস্থিত বেৰিয়াম প্লাটিনোচাইনাইড আবৃত পৰ্দাত প্ৰতিপ্ৰভাৰ সৃষ্টি হৈছে। পাছত তেওঁ আবিষ্কাৰ কৰে যে, তড়িৎক্ষৰন নলীৰ পৰা ক্যাথোড ৰশ্মি যেতিয়া নলীয়েদি গৈ দেৱালত পৰে তেতিয়া এই ৰশ্মিৰ উৎপত্তি হয়। তেওঁ এই ৰশ্মিৰ নাম ৰাখে এক্সৰে ৰশ্মি বা এক্সৰশ্মি।
দ্ৰুতগতিসম্পন্ন ইলেক্ট্ৰনে কোনো ধাতুক আঘাত কৰিলে তাৰ পৰা অতি ক্ষুদ্ৰ তৰঙ্গ দৈৰ্ঘ্যৰ আৰু উচ্চ ভেদন ক্ষমতা সম্পন্ন এক প্ৰকৃতিৰ বিকিৰণ উৎপন্ন হয়। এই বিকিৰণকে এক্সৰে বা এক্সৰশ্মি(X-Ray)বোলা হয়।
স্থানচ্যুত হাড়, হাড়ত দাগ বা ফাঁট, ভাঙি যোৱা হাড়, শৰীৰৰ ভিতৰৰ যিকোনো অংগৰ বা হাওঁফাওঁৰ কোনো ক্ৰুতি, দাঁতৰ বিসংগতি ইত্যাদিৰ অবস্থান নিৰ্ণয়ত ব্যবহৃত হয়।
↑Kevles, Bettyann Holtzmann (1996). Naked to the Bone Medical Imaging in the Twentieth Century. প্ৰকাশক Camden, NJ: Rutgers University Press. পৃষ্ঠা. 19–22. ISBN0813523583.