ৰতি অগ্নিহোত্ৰী

ৰতি অগ্নিহোত্ৰী

২০১৫ চনত ৰতি অগ্নিহোত্ৰী
জন্ম ১০ ডিচেম্বৰ, ১৯৬০ (৬৪ বছৰ)
বেৰেলী, উত্তৰ প্ৰদেশ
অন্য নাম ৰতি বিৰৱানী
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ১৯৭৯-১৯৯০
২০০১-২০১৬
দাম্পত্যসঙ্গী অনিল বিৰৱানী (বি. ১৯৮৫)

ৰতি অগ্নিহোত্ৰী (ইংৰাজী: Rati Agnihotri ; জন্ম: ১০ ডিচেম্বৰ ১৯৬০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী ভাষাৰ লগতে তেলেগু আৰু তামিল ভাষাৰ ছবিত অভিনয়ৰ বাবেও পৰিচিত। কাল্ট-ট্ৰেজেডী ছবি এক দুজে কে লিয়ে (১৯৮১) আৰু নাট্যধৰ্মী ছবি তৱাইফত (১৯৮৫) কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে দুটা মনোনয়ন লাভ কৰিছিল।

চলচ্চিত্ৰীয় জীৱন

[সম্পাদনা কৰক]

দহ বছৰ বয়সৰ পৰাই তেওঁ মডেলিং আৰম্ভ কৰে। [1] অগ্নিহোত্ৰীৰ প্ৰথম চলচ্চিত্ৰ ভূমিকা আছিল তামিল ভাষাৰ ছবি পুঠিয়া ৱাৰপুগল আৰু নিৰম মৰাঠা পুক্কল (১৯৭৯)।[2]

আশীৰ দশকত তেওঁ কেইবাখনো হিন্দী ছবিত তেওঁ অভিনয় কৰে। ১৯৭৯ চনৰ তেলেগু ছবি ‘মাৰো চৰিত্ৰ’ৰ হিন্দী পুনৰ্নিৰ্মাণ ‘এক দুজে কে লিয়ে’ (১৯৮১) ছবিৰ বাবে তেওঁ ফিল্মফেয়াৰ মনোনয়ন লাভ কৰে। এই সময়ৰ আন আন হিন্দী ছবিসমূহৰ ভিতৰত আছে- ফৰ্জ ঔৰ কানুন (১৯৮২), কুলি (১৯৮৩), টৱাইফ (১৯৮৫) আপ কে সাথ (১৯৮৬) আৰু হুকুমত (১৯৮৭)।

১৬ বছৰীয়া অনুপস্থিতিৰ পিছত ২০০১ চনত হিন্দী ছবি কুচ খট্টি কুচ মিথি [3] আৰু তামিল ছবি মজুনু যোগে অভিনয়লৈ ঘূৰি আহে। অন্যাৰ (২০০৩) ছবিৰে তেওঁৰ মালয়ালম ছবিত অভিষেক ঘটে। এন অ'ড টু লাষ্ট লাভ (২০০৩) আৰু আয়না (২০০৮) এই ছবি দুখনৰ যোগেদি তেওঁ ক্ৰমে ইংৰাজী আৰু বাংলা ভাষাৰ ছবিতো প্ৰবেশ কৰে। [4]

প্লিজ ডিভ’ৰ্চ মি ডাৰ্লিং (২০০৫) আদি মঞ্চনাট আৰু ছিক্সাৰ আদি টেলিভিছন ধাৰাবাহিক আদিতো অভিনয় কৰিছে। অগ্নিহোত্ৰীয়ে পোলেণ্ডত বহু দিন কটাইছে, য'ত তেওঁৰ ভনীয়েক অনিতাৰ সৈতে এখন ভাৰতীয় ৰেষ্টুৰেণ্টৰ গৰাকী। [5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]