|
ৰবাব টেঙা (ইংৰাজী: Pomelo) বৈজ্ঞানিক নাম-Citrus Maxima ৷ এই টেঙা সমগ্ৰ অসমতে উৎপন্ন হয়৷ ৰবাব টেঙা ঋতুজনিত ফল৷ শীতকালত এই ফল খাব পৰা হয়৷ এনে ফলৰ গছ চিৰ সেউজীয়া আৰু জোপোহা হয়৷ [1]
ৰবাব টেঙা দুই প্ৰকাৰৰ৷ এবিধৰ জিম ৰঙা আৰু আনবিধৰ বগা৷ দুয়োবিধৰে স্বাদ মিঠা৷ Pummelo আৰু Grapefruit দুয়োবিধক ৰবাব টেঙা বুলি কোৱা হয়৷ কিন্তু এই দুয়োবিধ ফলৰ গছ-পাত,ফল আদিৰ মাজত যথেষ্ট পাৰ্থক্য আছে। অতি সহজে বুজিব পৰা পাৰ্থক্যকেইটা হ’ল:- Pummeloৰ ফলবোৰ এটা এটাকৈ লাগে, অক্ষ(axis) প্ৰায় ফোঁপোলা। আনহাতে Grapefruit-অৰ ফলবোৰ থোপা বান্ধি লাগে। আঙুৰৰ(Grape) দৰে থোপা বান্ধি লগাৰ বাবেই এইবিধ ফলক ইংৰাজীত Grapefruit বোলা হয়। এইবিধৰ ফল আকাৰত আনবিধকৈ সৰু, বাকলি কিছু পাতল আৰু অক্ষ প্ৰায় পূৰঠ অৱস্থাত থাকে। অবিভক্ত অসমত নবিধ Pummelo ফল পোৱা যায়৷ [2]
ৰবাব টেঙাৰ ফল যথেষ্ট ডাঙৰ হয়৷ ৰবাব টেঙাত বহিৰ্ভিত্তি (epicarp) আৰু মধ্যৰ্ভিত্তি (mesocarp) একত্ৰিত হৈ বাকলি তৈয়াৰ হয়৷ বাকলিৰ অংশবিশেষ মাজে মাজে ভিতৰলৈ সোমাই ফোটা বা কোঁহৰ সৃষ্টি কৰে৷ কোঁহৰ ভিতৰত অসংখ্য ৰসাল জিমৰ উৎপত্তি হয়৷ জিমৰ মাজত বীজ থাকে৷ পৈণত হ'লে ফুটাৰ ভিতৰৰ জিম আৱৰণৰপৰা এৰুৱাই নিমখ সানি (কিছুমানে জলকীয়া লৈ) খোৱা হয়৷ আঘোণ মাহৰ ধাননিপথাৰত ৰবাব টেঙাৰ জুতি ল'বলৈ বৰ সোৱাদ৷
ৰবাব টেঙাৰ প্ৰতি ১০০ মিলিলিটাৰ ৰসত ২৫-৮৫ মিলিগ্ৰাম পৰ্যন্ত ভিটামিন 'ছি' পোৱা যায়৷
ৰবাব টেঙা পৈণত হ'লে ফুটাৰ ভিতৰৰ জিম আৱৰণৰ পৰা এৰুৱাই নিমখ সানি (কিছুমানে জলকীয়া লৈ) খোৱা হয়৷