ৰবাৰ্ট টি কিয়োচাকি | |
---|---|
২০১৪ চনত ৰবাৰ্ট টি কিয়োচাকি | |
জন্ম | ৰবাৰ্ট টি কিয়োচাকি ৮ এপ্ৰিল, ১৯৪৭ (৭৭ বছৰ) হিল’, হাৱাই, আমেৰিকা যুক্তৰাষ্ট্ৰ |
পেচা | ব্যৱসায়ী, লেখক |
মাতৃশিক্ষায়তন | United States Merchant Marine Academy (BS) University of Hawaii at Hilo (dropped out) |
বিষয় | ব্যক্তিগত বিত্ত, ব্যৱসায় বিনিয়োগ |
উল্লেখনীয় কৰ্মৰাজি | Rich Dad, Poor Dad |
দাম্পত্যসংগী | কিম কিয়োচাকি |
ৱেবছাইট | www |
ৰবাৰ্ট টি কিয়োচাকি (ইংৰাজী: Robert Toru Kiyosaki) হৈছে এজন আমেৰিকান ব্যৱসায়ী আৰু লেখক।[1][2] তেওঁ ব্যক্তিগত কোম্পানী Rich Global LLC আৰু Rich Dad Company -ৰ সংস্থাপক।[3][2] যিটো ব্যক্তিগত বিত্তীয় আৰু ব্যৱসায়িক সম্বন্ধীয় শিক্ষা প্ৰদান কৰে, কিতাপ আৰু ভিডিঅ’ যোগে। তেওঁৰ Rich Dad, Poor Dad উল্লেখযোগ্য গ্ৰন্থ।[4][2]
তেওঁ শিশু আৰু প্ৰাপ্তবয়স্কলোকসকলৰ বাবে ব্যৱসায় আৰু আৰ্থিক ধাৰণাৰ সম্পৰ্কে শিক্ষিত কৰাৰ অৰ্থে সৃষ্টি কৰা চফ্টৱেৰ গেম আৰু কেচফ্ল বৰ্ডৰ (Cashflow board) স্ৰষ্টা।[5]
ৰবাৰ্ট টি কিয়োচাকিৰ জন্ম হয় ১৯৪৭ চনত হিল’, হাৱাই, আমেৰিকা যুক্তৰাষ্ট্ৰত।[6] তেওঁৰ দেউতাক আছিল ৰাল্ফ এইচ কিয়োচাকি (Ralph H Kiyosaki) আৰু মাক আছিল মাৰজ’ৰী অ’ কিয়োচাকি (Marjorie O. Kiyosaki)।[7] ৰাল্ফ এইচ কিয়োচাকিৰ সন্তানসমূহ হ’ল ক্ৰমে- ইমী, বেথ,জন আৰু ৰবাৰ্ট টি কিয়োচাকি।[7][6] ৰবাৰ্ট টি কিয়োচাকিৰ পত্নী কিম কিয়োচাকি।[6]
১৯৯৩ চনত কিয়োচাকিৰ প্ৰথমখন কিতাপ প্ৰকাশ পায় "If You Want to Be Rich & Happy Don't Go to School" (যদি আপুনি ধুনী আৰু সুখী হ’ব বিচাৰে বিদ্যালয়লৈ নাযাব)।[8] তেওঁৰ ৩০ মিলিয়নতকৈ বেছি বিক্ৰী হোৱা (৯০খন দেশত) গ্ৰন্থ “Rich dad poor dad”খন ১৯৯৭ চনত প্ৰকাশ পায়।[9]