ৰবাৰ্ট লী ফ্ৰ'ষ্ট | |
---|---|
ৰবাৰ্ট ফ্ৰ'ষ্ট(১৯৪১) | |
জন্ম | ৰবাৰ্ট লী ফ্ৰ'ষ্ট ২৬ মাৰ্চ, ১৮৭৪ ছান ফ্ৰান্সিস্ক', কেলিফ'ৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | ২৯ জানুৱাৰী, ১৯৬৩ (৮৮ বছৰ) ব'ষ্টন (Boston), Massachusetts, আমেৰিকা যুক্তৰাষ্ট্ৰ |
পেচা | লেখক, নাট্যকাৰ |
উল্লেখনীয় কৰ্মৰাজি | 'A Boy's Will', 'North of Boston' |
প্ৰভাবিত হয়
| |
প্ৰভাবিত কৰে
| |
স্বাক্ষৰ |
ৰবাৰ্ট ফ্ৰ'ষ্ট (ইংৰাজী: Robert Frost; সম্পূৰ্ণ নাম: ৰবাৰ্ট লী ফ্ৰ'ষ্ট; Robert Lee Frost; জন্ম: ২৬ মাৰ্চ ১৮৭৪ – মৃত্যু: ২৯ জানুৱাৰী ১৯৬৩) এজন আমেৰিকাৰ কবি আছিল। ৰবাৰ্ট ফ্ৰ'ষ্টে বাস্তৱিক গ্ৰাম্য জীৱন সমূহ তেওঁৰ ৰচনাৱলী সমূহত অংকন কৰিছিল আৰু তেওঁ আমেৰিকান কথিত ভাষা (American colloquial speech)-ত নৈপুণ আছিল। এইবোৰ কাৰণতেই তেওঁক উচ্চ শাৰীৰ ব্যক্তি সকলৰ মাজত এজন বুলি গণ্য কৰা হয়।[1] তেওঁৰ কৰ্মৰাজিৰ মূল বিষয়বস্তু বিংশ শতিকাৰ প্ৰথম ভাগৰ ইংলেণ্ডৰ গ্ৰাম্য অঞ্চল সমূহ আছিল। ইয়াৰ দ্বাৰাই তেওঁ জটিল সামাজিক দাৰ্শনিক আৰু বিষয়বস্তু সমূহ পৰীক্ষা কৰিছিল। সেই সময়ৰ এজন জনপ্ৰিয় আমেৰিকাৰ কবি হিচাপে পৰিচিত, ৰবাৰ্ট ফ্ৰ'ষ্টে কাব্য-চৰ্চাৰ বাবে তেওঁৰ জীৱনকালত চাৰিবাৰকৈ পুলিৎজাৰ বঁটাৰে সন্মানিত হৈছিল।
ৰবাৰ্ট লী ফ্ৰ'ষ্টৰ জন্ম হৈছিল 'ছান ফ্ৰান্সিস্ক', কেলিফ'ৰ্ণিয়া'ত। তেওঁৰ পিতৃ আছিল 'ৱিলিয়াম প্ৰেচক'ট ফ্ৰ'ষ্ট, জুনিয়ৰ' আৰু মাতৃ আছিল ইজাবেল মুদি।[1] তেওঁৰ মাতৃ আছিল 'স্ক'টিছ' বংশৰ আৰু পিতৃ ইংলেণ্ডৰ 'টিভাৰ্টন, ডেভন'ৰ বংশধৰ আছিল আৰু তেওঁলোক ১৬৩৪ চনত 'নিউ হেম্পশ্বিয়াৰ' লৈ আহিছিল।
ৰবাৰ্ট লী ফ্ৰ'ষ্টৰ দেউতাক এজন শিক্ষক আৰু পিছলৈ 'ছান ফ্ৰান্সিস্ক' এভিনিঙ বুলেটিন'ৰ সম্পাদক আছিল। ৫ মে', ১৮৮৫ চনত পিতৃৰ মৃত্যুৰ পিছত তেওঁলোকৰ পৰিয়ালবৰ্গ 'ৱিলিয়াম প্ৰেচক'ট ফ্ৰ'ষ্ট, ছিনিয়ৰ' (ৰবাৰ্ট ফ্ৰ'ষ্টৰ ককাদেউতা)ৰ পৃষ্ঠপোষকতাত 'লৰেন্স, মাচাচুচেটছ' লৈ গুছি যায়। ৰবাৰ্ট ফ্ৰ'ষ্টে ১৮৯২ চনত 'ল'ৰেন্স হাইস্কুল'ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[2]
যদিও তেওঁক গ্ৰাম্য জীৱনৰ লগত সংযোগ দেখা গৈছিল, তেওঁ চহৰতহে ডাঙৰ-দীঘল হৈছিল। তেওঁৰ প্ৰথম কবিতাটো তেওঁৰ হাইস্কুলৰ আলোচনীতে প্ৰকাশ পাইছিল। 'ডাৰমাউথ কলেজ'ত দুমাহ অধ্যয়ন কৰাৰ পাছত ঘৰলৈ ঘূৰি আহে। ঘৰত তেওঁ বিভিন্ন কাম-কাজ, যেনে মাতৃক অবাধ্য ল'ৰাবোৰক পঢ়োৱাত সহায় কৰা, বাতৰি কাকত বিলোৱা আৰু এটা কাৰাখানাত 'আৰ্কলাইট কাৰ্বন ফিলামেণ্ট' সলনি কৰা কৰ্মী হিচাপে কাম কৰিছিল। কিন্তু এই কামবিলাকত তেওঁৰ কোনো ধাউতি নাছিল আৰু কাব্যৰ প্ৰতি মন মেলিছিল।
১৮৮৫ চনৰ ১৯ ডিচেম্বৰ তাৰিখে ৰবাৰ্ট ফ্ৰ'ষ্ট আৰু ইলিন'ৰ মিৰিয়াম হোৱাইট বিবাহ পাশত আবদ্ধ হয়।
ফ্ৰ'ষ্টে হাৰ্ৱাৰ্ড বিশ্ববিদ্যালয়ত ১৮৯৭-১৮৯৯ চনলৈ শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে ইচ্ছাকৃতভাৱে তাৰপৰা গুছি আহে।[3][4][5] মৃত্যুৰ আগতে ৰবাৰ্টৰ ককাদেউতাকে ৰবাৰ্ট আৰু এলিন'ৰৰ কাৰণে 'নিউ হেম্পশ্বিয়াৰ'ত এখন পাম (Farm) কিনিছিল। তাত তেওঁ ন বছৰ কাল কাম কৰিছিল আৰু প্ৰাতঃকালত কবিতা লিখিছিল আৰু ইয়াৰ বহুতো কবিতাই পিছত জনপ্ৰিয়তা অৰ্জন কৰিছিল। অৱশেষত তেওঁৰ কৃষিকাৰ্য্য বিফলে যায়। সেয়ে তেওঁ নিউ হেম্পশ্বিয়াৰৰ 'পিংকাৰটন একাডেমী'ত ১৯০৬ চনৰপৰা ১৯১১ চনলৈ এজন ইংৰাজী বিষয়ৰ শিক্ষক হিচাপে যোগদান কৰে। তাৰ পিছত 'নিউ হেম্পশ্বিয়াৰ নৰ্মেল স্কুল' (বৰ্তমানৰ 'প্লাইমাউথ ষ্টেট ইউনিভাৰ্চিটি')ত শিক্ষকতা কৰিছিল।
১৯১২ চনত তেওঁ পৰিয়ালবৰ্গৰ সৈতে ইংলেণ্ডলৈ গুছি যায় আৰু লণ্ডনৰ ওচৰৰ 'বিকঞ্চফিল্ড' (Beaconsfield) নামৰ এখন সৰু চহৰত থাকিবলৈ লৈছিল। পৰৱৰ্তী বৰ্ষত তেওঁৰ কবিতা পুথি 'এ বয়ছ ৱিল' (A Boy's Will) প্ৰকাশ পাইছিল। ইংলেণ্ডতেই তেওঁ সেই সময়ৰ বহুজন কবিৰ লগত চিনাকি হৈছিল আৰু তেওঁলোকৰ লগত বন্ধুত্ব গঢ়ি তুলিছিল।
প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাত ফ্ৰ'ষ্ট ১৯১৫ চনত আমেৰিকালৈ গুছি আহিছিল। নিউ হেম্পশ্বিয়াৰৰ 'ফ্ৰাঙ্ক'নিয়া'ত এখন নতুন ফাৰ্ম কিনি তাতেই লিখা-মেলা, শিক্ষকতা আৰু বক্তৃতাৰ এক নতুন জীৱন আৰম্ভ কৰিছিল। ১৯৩৮ চনলৈকে তেওঁলোকৰ পৰিয়ালবৰ্গই জহকালি এই ঘৰটো তেওঁলোকৰ আৱাসগৃহ হিচাপে ব্যৱহাৰ কৰিছিল। বৰ্তমান এই ঘৰটো দা ফ্ৰ'ষ্ট প্লেছ (The Frost Place) নামৰ এটা যাদুঘৰ তথা কাব্যিক সন্মিলনৰ স্থান হিচাপে পৰিচিত। ১৯১৬-১৯২০, ১৯২৩-১৯২৪ আৰু ১৯২৭-১৯৩৮ চনলৈ ৰবাৰ্ট ফ্ৰ'ষ্টে মাচাচুচেটছৰ 'এমহাৰ্ষ্ট কলেজ'ত (Amherst College) ইংৰাজী বিষয়ত শিক্ষকতা কৰিছিল। তেওঁ কথিত ভাষাৰ আগমনক ভাষাৰ "the sound of sense" বুলি কৈছিল।[6]
১৯২৪ চনত কবিতা পুথি 'New Hampshire: A Poem with Notes and Grace Notes'ৰ বাবে তেওঁ প্ৰথম বাৰৰ বাবে পোলিৎজাৰ বঁটা পাইছিল। ইয়াৰ পিছত ১৯৩১ চনত 'Collected Poems'ৰ বাবে, ১৯৩৭ চনত 'A Further Range'ৰ বাবে আৰু ১৯৪৩ চনত 'A Witness Tree'ৰ বাবে পোলিৎজাৰ বঁটা (Pulitzer Prize Website) পাইছিল।
যদিও তেওঁৰ কোনো ধৰণৰ স্নাতক ডিগ্ৰী নাছিল, তথাপি তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়, অক্সফ'ৰ্ড বিশ্ববিদ্যালয়, কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ দৰে কলেজৰপৰা পৰা ৪০টাৰো তাতোধিক সন্মানীয় ডিগ্ৰী পাইছিল। 'ডাৰমাউথ কলেজ'ৰ পৰা দুটাকৈ সন্মানীয় ডিগ্ৰী পোৱা তেৱেই একমাত্ৰ ব্যক্তি আছিল। তেওঁৰ জীৱনকালত, ভাৰ্জিনিয়াৰ 'ৰবাৰ্ট ফ্ৰ'ষ্ট মিডল স্কুল', মাচাচুচেটছৰ 'ৰবাৰ্ট লী ফ্ৰ'ষ্ট স্কুল' আৰু 'আমহাৰ্ষ্ট কলেজ'ৰ মুখ্য পুথিভৰালটো তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল।
১৯৬১ চনৰ ২০ জানুৱাৰীত, ৮৬ বছৰ বয়সত, ৰবাৰ্ট ফ্ৰ'ষ্টে তেওঁৰ জনপ্ৰিয় কবিতা "The Gift Outright" ৰাষ্ট্ৰপতি 'জন এফ কেনেডি'ৰ উদ্বোধনী অনুষ্ঠানৰ সময়ত পাঠ কৰিছিল। ইয়াৰ দুবছৰৰ পিছতেই বষ্টন চহৰত, ১৯৬৩ চনৰ ২৯ জানুৱাৰীত তেওঁ 'মূত্ৰাশয় অস্ত্ৰোপচাৰ'ৰ (prostate surgery) জটিলতাত মৃত্যুবৰণ কৰে। তেওঁক বেনিঙটনৰ 'অল্ড বেনিঙটন চেমিট্ৰি'ত সমাধিস্থ কৰা হৈছিল। "I had a lover's quarrel with the world" - এইদৰেই তেওঁৰ সমাধিস্থলত তেওঁৰেই কোনো এক পদ্যৰ এটা শাৰীৰে খোদিত কৰা আছে।
ৰবাৰ্ট ফ্ৰ'ষ্টৰ কিছুমান মূল ৰচনাৱলী'আমহাৰ্ষ্ট কলেজ'ৰ 'জ'নছ লাইব্ৰেৰী'ত পোৱা যায়। তেওঁ প্ৰায় বাৰ হাজাৰৰো অধিক বস্তু ইয়াতেই দান দি থৈ গৈছিল। ইয়াৰ ভিতৰত তেওঁৰ কবিতা আৰু পত্ৰ সমূহৰ মূল লিপি তথা শ্ৰব্য আৰু ভিজুৱেল ৰেকৰ্ডিঙো আছে।[7] 'আমহাৰ্ষ্ট কলেজ'ৰ সংগ্ৰাহলয়ত ৰবাৰ্ট ফ্ৰ'ষ্টৰ কিছুমান মূল লিপি আছে। বিশেষকৈ,'ডাৰমাউথ কলেজ'ৰ সংগ্ৰাহলয়তহে তেওঁৰ উল্লেখযোগ্য পাণ্ডুলিপি সমূহ পোৱা যায়।
ৰবাৰ্ট ফ্ৰ'ষ্টৰ ব্যক্তিগত জীৱনটো দুঃখৰে পৰিপূৰ্ণ আছিল। ১৮৮৫ চনত, মাত্ৰ ১১ বছৰ বয়সতে তেওঁৰ পিতৃ যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। ১৯০০ চনত তেওঁ কৰ্কট ৰোগত আক্ৰান্ত মাতৃক হেৰুৱায়। তেওঁলোকৰ পৰিয়ালৰ প্ৰায়বিলাক সদস্যই মানসিক ৰোগত আক্ৰান্ত আছিল। ৰবাৰ্ট ফ্ৰ'ষ্ট আৰু তেওঁৰ মাতৃ 'মানসিক অৱসাদ'ত ভুগিছিল। তেওঁৰ ভগ্নীক ১৯২০ চনত আৰু তেওঁৰ পুত্ৰীক ১৯৪৭ চনত মানসিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওৰ পত্নী, 'এলিন'ৰ'ও উদ্যমহীনতাত আক্ৰান্ত আছিল।[8]
ৰবাৰ্ট ফ্ৰ'ষ্ট আৰু এলিন'ৰৰ মুঠ ছটা ল'ৰা-ছোৱালী আছিল। 'ইলিয়ট' (১৮৯৬-১৯০৪), 'কাৰল' (১৯১২-১৯৪০) তেওঁৰ পুত্ৰ আৰু 'লেছলি ফ্ৰ'ষ্ট বেলাণ্টাইন' (১৮৯৯-১৯৮৩), 'ইৰমা' (১৯০৩-১৯৬৭), 'মাৰজ'ৰি' (১৯০৫-১৯৩৪), 'এলিন'ৰ বেট্টিনা' তেওঁৰ পুত্ৰী আছিল। ৰবাৰ্ট ফ্ৰ'ষ্টৰ পত্নীয়ে গোটেই জীৱন 'হৃদৰোগ'ৰ সমস্যাত ভুগিছিল। ১৯৩৭ চনত, ৰবাৰ্ট ফ্ৰ'ষ্টৰ পত্নী 'কৰ্কট ৰোগ'ত আক্ৰান্ত হৈছিল আৰু ১৯৩৮ চনত হৃদক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হৈছিল।[8]
তথাপিওঁ তেওঁ স্থিতপ্ৰগ্য আছিল।
|
|
|
ৱিকিমিডিয়া কমন্সত ৰবাৰ্ট ফ্ৰষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |