ৰবাৰ্ট বি. ৱিলচন | |
---|---|
জন্ম | ১৬ মে', ১৯৩৭ (৮৭ বছৰ) জেনেভা, নেব্ৰাস্কা, আমেৰিকা যুক্তৰাষ্ট্ৰ |
জাতীয়তা | আমেৰিকান |
ক্ষেত্ৰ | অৰ্থনীতি ব্যৱস্থাপনা বিজ্ঞান |
কৰ্মস্থান | ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয় হাৰভাৰ্ড ল' স্কুল |
শিক্ষানুষ্ঠান | হাৰভাৰ্ড বিশ্ববিদ্যালয় |
ডক্তৰেল পৰামৰ্শদাতা | হোৱাৰ্ড ৰাইফা |
ডক্তৰেল বিদ্যাৰ্থী | প'ল আৰ. মিলগ্ৰম |
জনা যায় | ঔদ্যোগিক সংগঠনত ক্ৰীড়া তত্ত্ব চিকুয়েন্সীয়েল কোৱাডৰেটিক প্ৰগ্ৰেমিং |
উল্লেখনীয় বঁটা | গোল্ডেন গুছ বঁটা (২০১৪ চিএমই-এমএছআৰআই প্ৰাইজ ইন ইন'ভেটিভ কোৱাণ্টিটেটিভ এপ্লিকেচনছ (২০১৭)[1] অৰ্থনীতিৰ নোবেল বঁটা (২০২০) |
ৰবাৰ্ট বাটলাৰ "বব" ৱিলচন জুনিয়ৰ (ইংৰাজী: Robert Butler "Bob" Wilson, Jr; জন্ম: ১৬ মে ১৯৩৭) এগৰাকী আমেৰিকান অৰ্থনীতিবিদ আৰু ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ত ব্যৱস্থাপনাৰ আডামছ বিশিষ্ট এমিৰিটাছ অধ্যাপক। ২০২০ চনত তেওঁ প'ল আৰ. মিলগ্ৰমৰ সৈতে যুটীয়াভাৱে "নিলাম তত্ত্বৰ উন্নয়ন আৰু নতুন নিলাম সজ্জাৰ উদ্ভাৱন"ৰ বাবে অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰে।[2][3]
ব্যৱস্থাপনা বিজ্ঞান আৰু ব্যৱসায় অৰ্থনীতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰবাৰ্ট বি. ৱিলচন বিশেষভাৱে জনাজাত। তেওঁৰ ডক্টৰেল থেছিছত চিকুয়েন্সীয়েল কোৱাডৰেটিক প্ৰগ্ৰেমিঙৰ অৱতাৰণা কৰিছিল। অৰৈখিক প্ৰগ্ৰেমিঙৰ বাবে চিকুয়েন্সীয়েল কোৱাডৰেটিক প্ৰগ্ৰেমিং বাবে অগ্ৰণী পুনৰাবৃত্তি পদ্ধতি হৈ পৰিছিল। ষ্টেণ্ডফৰ্ড বিজনেছ স্কুলৰ অন্যান্য গাণিতিক অৰ্থনীতিবিদৰ সৈতে তেওঁ অ-সমবায় ক্ৰীড়া তত্ত্ব ব্যৱহাৰ কৰি ঔদ্যোগিক সংগঠন আৰু সংগঠন তত্ত্ব পুনৰ প্ৰস্তুত কৰাত সহায় কৰিছিল। অৰৈখিক মূল্য নিৰ্ধাৰণৰ ওপৰত তেওঁৰ গৱেষণায়ে বৃহৎ ফাৰ্মৰ বাবে বিশেষকৈ শক্তি উদ্যোগৰ নীতি প্ৰভাৱিত কৰিছে।
১৯৩৭ চনৰ ১৬ মে তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেব্ৰাস্কাৰ জেনেভাত ৰবাৰ্ট বি. ৱিলচনৰ জন্ম হৈছিল। তেওঁ নেব্ৰাস্কাৰ লিংক্লন হাইস্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ পিছত হাৰভাৰ্ড বিশ্ববিদ্যালয়লৈ অধ্যয়নৰ বাবে জলপানি লাভ কৰিছিল। ১৯৫৯ চনত তেওঁ হাৰভাৰ্ড কলেজৰ পৰা কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ ১৯৬১ চনত হাৰভাৰ্ড বিজনেছ স্কুলৰ ব্যৱস্থাপনা প্ৰশাসনিকৰ স্নাতকোত্তৰ আৰু ১৯৬৩ চনত পিএইছডি ডিগ্ৰী লাভ কৰিছিল।[4][5] কিছুদিনৰ তেওঁ বাবে লছ এঞ্জেলেছত অৱস্থিত কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ত যোগদান কৰিছিল। তাৰপিছত তেওঁ ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰিছিল। ১৯৬৪ চনৰ পৰা তেওঁ ষ্টেণ্ডফৰ্ড বিজনেছ স্কুলত অধ্যাপনা কৰি আছে।[5] ইয়াৰ লগতে ১৯৯৩ চনৰ পৰা ২০০১ চনলৈ হাৰভাৰ্ড ল' স্কুলতো অধ্যাপনা কৰিছিল।[6]