ব্যক্তিগত তথ্য | |||
---|---|---|---|
জন্ম | ২৪ অক্টোবৰ, ১৯৯২ (৩২ বছৰ) | ||
জন্মস্থান | ছিক্কিম, ভাৰত | ||
উচ্চতা | 1.72 মিটাৰ (U=ft}}) | ||
খেলা স্থান | ডিফেণ্ডাৰ | ||
ক্লাবৰ তথ্য | |||
বৰ্তমানৰ ক্লাব | নৰ্থ ইষ্ট ইউনাইটেড শ্বিলং লাজং | ||
সংখ্যা | ১৮ | ||
চিনিয়'ৰ কেৰিয়াৰ* | |||
বৰ্ষ | দল | অংশগ্ৰহণ† | (গ'ল)† |
২০১০-১৩ | অ' এন জি চি | ১৯ | (০) |
২০১৩-১৪ | শ্বিলং লাজং | ১৯ | (০) |
২০১৪- | নৰ্থ ইষ্ট ইউনাইটেড | ৯ | (০) |
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে আৰু এই তাৰিখলৈকে শুদ্ধ ২ ডিচেম্বৰ ২০১৪। |
ৰবিন গুৰুং (ইংৰাজী: Robin Gurung) (জন্ম - ২৪ অক্টোবৰ, ১৯৯২) হৈছে এজন ভাৰতীয় ফুটবল খেলুৱৈ। তেওঁ বৰ্তমান আই-লীগত শ্বিলং লাজং দলত আৰু ইণ্ডিয়ান চুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড দলত ডিফেণ্ডাৰ হিচাপে খেলে।
২০১০ চনৰ ৪ ডিচেম্বৰ তাৰিখে গুৰুঙে আই-লীগৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত অ' এন জি চি দলৰ হৈ ইষ্ট বেংগল দলৰ বিৰুদ্ধে নিজৰ পেছাদাৰী ফুটবল কেৰিয়াৰৰ পাতনি মেলে। খেলখনত অ' এন জি চি ১-০ গ'ল ব্যৱধানত পৰাস্ত হয়।[1] ছিজনৰ শেষত অ' এন জি চি দল আই-লীগৰপৰা অৱনমিত হয়। অৱশ্যে ২০১২ চনত আই-লীগৰ দ্বিতীয় ডিভিজনৰ প্ৰতিযোগিতাত দ্বিতীয় স্থান অধিকাৰ কৰি দলটো পুনৰ আই-লীগৰ মূল ডিভিজনলৈ উন্নীত হয়।[2]
২০১৩ চনৰ ১৮ জুলাইত গুৰুং শ্বিলং লাজঙৰ লগত চুক্তিবদ্ধ হয়।[3] এই দলৰ হৈ গুৰুঙে প্ৰথমখন খেল খেলে ২০১৩ চনৰ ২২ ছেপ্টেম্বৰত ডুলেৰ ষ্টেডিয়ামত ডেম্পোৰ বিৰুদ্ধে। তেওঁ সম্পূৰ্ণ ৯০ মিনিট খেলপথাৰত থাকে আৰু লাজং ৩-০ গ'লত জয়ী হয়।[4]
ইণ্ডিয়ান ছুপাৰ লীগৰ বাবে তেওঁ ২০১৪ চনত হিন্দী চলচ্চিত্ৰ তাৰকা জন আব্ৰাহম আৰু শ্বিলং লাজং এফ চিৰ মালিকানাধীন নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ লগত চুক্তিবদ্ধ হয়। ১৩ অ্ক্টোবৰ তাৰিখে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত কেৰালা ব্লাষ্টাৰ্ছ এফ চি দলৰ বিৰুদ্ধে তেওঁ প্ৰথমখন খেল খেলে আৰু নৰ্থ ইষ্ট ইউনাইটেড ১-০ গ'লত জয়ী হয়।[5]
ক্লাব | বৰ্ষ | আই এছ এল | আই-লীগ | ফেডাৰেচন কাপ | ডুৰাণ্ড কাপ | এ এফ চি | মুঠ | ||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
খেল | গ'ল | খেল | গ'ল | খেল | গ'ল | খেল | গ'ল | খেল | গ'ল | খেল | গ'ল | ||
নৰ্থ ইষ্ট ইউনাইটেড | ২০১৪ | ৯ | ০ | - | - | - | - | - | - | - | - | ৯ | ০ |
শ্বিলং লাজং | ২০১৩-১৪ | - | - | ১৯ | ০ | ২ | ০ | ০ | ০ | - | - | ২১ | ০ |
অ' এন জি চি | ২০১২-১৩ | - | - | ১৯ | ০ | ০ | ০ | - | - | - | - | ১৯ | ০ |
সৰ্বমুঠ | ৯ | ০ | ৩৮ | ০ | ২ | ০ | ০ | ০ | ০ | ০ | ৪৯ | ০ |