ৰবিনছন ক্ৰুছো | |
---|---|
![]() | |
লেখক | ডেনিয়েল ডিফো |
দেশ | যুক্তৰাজ্য |
ভাষা | ইংৰাজী |
প্ৰকাৰ | দুঃসাহসিক, ঐতিহাসিক |
প্ৰকাশক | ৱিলিয়াম টেইলৰ |
প্ৰকাশ | ২৫ এপ্ৰিল ১৭১৯ |
পৰৱৰ্তী | The Farther Adventures of Robinson Crusoe |
ৰবিনছন ক্ৰুছো (ইংৰাজী: Robinson Crusoe) হৈছে প্ৰখ্যাত ইংৰাজ ঔপন্যাসিক আৰু সাংবাদিক ডেনিয়েল ডিফোৰ দ্বাৰা ৰচিত এখন উপন্যাস। এই উপন্যাসখন ২৫ এপ্ৰিল ১৭১৯ চনত প্ৰথম প্ৰকাশ পায়। উপন্যাসখনৰ নায়ক ৰবিনছন ক্ৰুছোক বহুতো পাঠকে সঁচা ভ্ৰমণকাৰী ব্যক্তি বুলি বিশ্বাস কৰিছিল।[1]
পত্ৰ-পত্ৰিকা, স্বীকাৰোক্তিমূলক আৰু প্ৰবন্ধবাদী গ্ৰন্থখনৰ শিৰোনামৰ নায়কজন (জন্মৰ নাম ৰবিনছন ক্ৰেউট্জনায়াৰ (Robinson Kreutznaer)) ভেনেজুৱেলা আৰু ত্ৰিনিদাদ উপকূলৰ নিকটবৰ্তী এটি দ্বীপত আঠাইশ বছৰ দুই মাহ আৰু ঊনৈশ দিন ধৰি বন্দী হৈ আছিল।
কাহিনীটো আলেকজেণ্ডাৰ চেলকিৰ্ক (Alexander Selkirk)-ৰ জীৱনৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা বুলি ভবা হয়। তেওঁ স্কটিচ প্ৰান্তৰ আছিল। যিয়ে চাৰি বছৰ ধৰি মাচ এ টায়ৰ্ৰা (Más a Tierra) নামৰ প্ৰশান্ত মহাসাগৰীয় দ্বীপ এটাত আছিল, ই বৰ্তমান চিলিৰ অন্তৰ্গত। ইয়াক ১৯৬৬ চনত ৰবিনছন ক্ৰুছো দ্বীপ (Robinson Crusoe Island) নামেৰে পুনঃনামকৰণ কৰে।[2]
১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত জন্ম গ্ৰহণ কৰা ডেনিয়েল ডিফো একাধাৰে সাহিত্যিক, সাংবাদিক, ৰাজনীতিবিদ, ব্যৱসায়ী, চোৰাংচোৱা আৰু অৰ্থনীতিবিদ আছিল।[3] তেওঁৰ বিখ্যাত উপন্যাসসমূহৰ ভিতৰত 'ৰবিনছন ক্ৰুছো'ই তেওঁক অমৰ কৰি ৰাখিছে।[3]
১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত তেওঁৰ জন্ম হয়। ডেনিয়েল ডিফোৰ দেউতাকৰ নাম আছিল জেমছ্ ফ’ (James Foe)।[3] তেওঁৰ জন্মসূত্ৰে তথা প্ৰকৃত নাম আছিল ডেনিয়েল ফ’ (Daniel Foe)। তেওঁ ১৬৮৪ চনত এজন ধনী সদাগৰৰ জীয়েক মেৰী টাফ্লিক বিয়া কৰায়। ডেনিয়েল ডিফোৰ বয়স ১০ বছৰ হওঁতে তেওঁৰ মাক আনি ফ’ (Annie Foe)-ৰ মৃত্যু হয়।
১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত জন্মগ্ৰহণ কৰা ডেনিয়েল ডিফোৰ মৃত্যু হয় লণ্ডনত ১৭৩১ চনৰ ২৪ এপ্ৰিল তাৰিখে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ।[3]