ৰবীন্দ্ৰ জৈন | |
---|---|
![]() ৰাজস্থান চিনেমা বঁটাত ৰবীন্দ্ৰ জৈন, ২০১৫ | |
জন্ম | ২৮ ফেব্ৰুৱাৰী, ১৯৪৪ আলিগড়, ভাৰত |
মৃত্যু | ৯ অক্টোবৰ, ২০১৫ (৭১ বছৰ) নাগপুৰ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ১৯৭১-২০১৫ |
দাম্পত্যসঙ্গী | দিব্যা জৈন |
সন্তান | ১ |
ৰবীন্দ্ৰ জৈন (ইংৰাজী: Ravindra Jain, হিন্দী: रवीन्द्र जैन, ২৮ ফেব্ৰুৱাৰী ১৯৪৪ – ৯ অক্টোবৰ ২০১৫)[1][2] এগৰাকী ভাৰতীয় সংগীত পৰিচালক, গীতিকাৰ, নেপথ্য কণ্ঠশিল্পী। ১৯৭০ৰ দশকৰ পৰা তেওঁ কেৰিয়াৰ আৰম্ভ কৰিছিল, তেওঁ কম্পোজ কৰা জনপ্ৰিয় ছবিসমূহ হৈছে- 'ছোৰ মাচায়ে শোৰ' (১৯৭৪), 'গীত গাতা চল' (১৯৭৫), 'চিচোৰ' (১৯৭৬) আৰু 'আঁখিওঁ কে ঝাড়খঁ সে' (১৯৭৮)। তেওঁ ৰামানন্দ সাগৰৰ ৰামায়ণ (১৯৮৭) -ৰ লগতে হিন্দু মহাকাব্য ভিত্তিক বহুতো চলচ্চিত্ৰ আৰু টিভি শ্ব’ৰ বাবে সংগীত ৰচনা কৰিছিল।[3] কলাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাৰ বাবে ২০১৫ চনৰ গণৰাজ্য দিৱসত তেওঁক ভাৰতৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়৷
ৰবীন্দ্ৰ জৈন ১৯৮৪ চনৰ ২৮ ফেব্ৰুৱাৰীত পণ্ডিত ইন্দ্ৰমণি জৈন আৰু কিৰণ জৈনৰ সাত পুত্ৰ আৰু এগৰাকী কন্যাৰ তৃতীয় সন্তান হিচাবে অন্ধ হৈ জন্মগ্ৰহণ কৰিছিল। তেওঁ জৈন সম্প্ৰদায়ৰ লোক আছিল। তেওঁৰ পিতৃ আছিল সংস্কৃত পণ্ডিত আৰু তেওঁৰ মাতৃ আছিল এগৰাকী গৃহকৰ্মী।[4]
তেওঁৰ পিতৃয়ে প্ৰতিভা দেখি তেওঁক জি.এল. জৈন, জনাৰ্দন শৰ্মা আৰু নাথু ৰামৰ দৰে প্ৰবীণসকলৰ কাষলৈ সংগীতৰ আনুষ্ঠানিক শিক্ষাৰ বাবে প্ৰেৰণ কৰিছিল।[5] কম বয়সতেই তেওঁ মন্দিৰত ভজন গোৱা আৰম্ভ কৰিছিল।[6]
তেওঁ কাম কৰাৰ ভিতৰত 'সদাগৰ', 'ছোৰ মাচায়ে শোৰ', 'চিচোৰ', 'গীত গাতা চল', 'ফাকিৰ', 'আঁখিওঁ কে ঝাড়খঁ সে', 'দুলহন ৱহী জো পিয়া মন ভায়ে', 'পহলী', 'দো জাসুশ' 'পতি পত্নী ঔৰ ৱহ', 'ইনসফ কা তাৰজু', 'নদীয়া কে পাৰ', 'ৰাম তেৰী গংগা মৈলী' আৰু 'হেন্না'।[4] তেওঁ ব্যাপকভাৱে য়েচু দাস আৰু হেমলতাক তেওঁৰ গীতসমূহ গাবলৈ দিছিল।[4][6] তেওঁ বঙালী আৰু মালয়ালমৰ লগতে বিভিন্ন ভাৰতীয় ভাষাত বহুতো ধৰ্মীয় এলবাম ৰচনা কৰিছিল। তেওঁ বহুকেইটা টেলিভিচন ধাৰাবাহিকৰ বাবে সংগীত ৰচনা কৰিছিল। ৰামানন্দ সাগৰৰ ৰামায়ণৰ বাবে তেওঁ সংগীতত প্ৰতিষ্ঠিত হৈ উঠে।[4][7]
টেলিভিচনত তেওঁৰ কেইটামান জনপ্ৰিয় ৰচনা হ’ল- 'শ্ৰী কৃষ্ণ', 'আলিফ লায়লা', 'জয় গংগা মাইয়া', 'জয় মহালক্ষ্মী', 'শ্ৰী ব্ৰহ্মা বিষ্ণু মহেশ', 'সাই বাবা', 'জয় মা দুৰ্গা', 'জয় হনুমান' আৰু 'মহাকাব্য মহাভাৰত'।[5]
ৰবীন্দ্ৰ জৈন দিব্যা জৈনৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যাৰ সৈতে তেওঁৰ এটি পুত্ৰ সন্তান হয়।[8] একাধিক অংগ বিকলৰ ফলত ২০১৩ চনৰ ৯ অক্টোবৰত মুম্বাইত তেওঁৰ মৃত্যু হয়৷[4][9]
তেওঁ কলাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাৰ বাবে ২০১৫ চনৰ গণৰাজ্য দিৱসত ভাৰতৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰিছিল।[10] তেওঁ ১৯৮৫ চনত 'ৰাম তেৰী গংগা মৈলী'ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।[11] ৰবীন্দ্ৰ জৈন ভাৰতীয় সংগীতত তেওঁৰ অৱদানৰ বাবে আৰু বহুতো পুৰস্কাৰ লাভ কৰিছিল।[5]
প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল: “তেওঁৰ বহুমুখী সংগীত আৰু সংগ্ৰামী প্ৰতিভাৰ বাবে তেওঁক স্মৰণ কৰা হ’ব।” (“He will be remembered for his versatile music and fighting spirit.”)[4]
![]() |
ৱিকিমিডিয়া কমন্সত ৰবীন্দ্ৰ জৈন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |