ৰমাবাই ৰানডে | |
---|---|
![]() | |
জন্ম | ২৫ জানুৱাৰী, ১৮৬২ দেৱৰাষ্ট্ৰে, বম্বে প্ৰদেশ, ব্ৰিটিছ শাসিত ভাৰত (এতিয়াৰ চাংগলি, মহাৰাষ্ট্ৰ, ভাৰত) |
মৃত্যু | ২৫ জানুৱাৰী, ১৯২৪ (৬১ বছৰ) সেৱা সদন, পুণে |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
জনা যায় | মহিলাৰ শিক্ষা আৰু আত্ম-নিৰ্ভৰতা |
দাম্পত্যসঙ্গী | মহাদেৱ গোবিন্দ ৰানডে |
ৰমাবাঈ ৰানডে (ইংৰাজী: Ramabai Ranade; মাৰাঠী: रमाबाई रानडे; ২৫ জানুৱাৰী ১৮৬২ – ২৫ জানুৱাৰী ১৯২৪) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু ১৯শ শতিকাৰ প্ৰথম মহিলা অধিকাৰ কৰ্মীসকলৰ অন্যতম। ১১ বছৰ বয়সত ভাৰতৰ প্ৰখ্যাত পণ্ডিত আৰু সমাজ সংস্কাৰক মহাদেৱ গোবিন্দ ৰানডেৰ লগত বিবাহ হয়। সেই সময়ত মহিলাৰ বিদ্যালয়লৈ গৈ শিক্ষিত হোৱা নিয়ম নাছিল।
বিবাহত পাছতে ৰমাবায়ে মহাদেৱ গোবিন্দ ৰানডেৰ সমৰ্থন আৰু উৎসাহত পঢ়িবলৈ-লিখিবলৈ শিকিলে। মাৰাঠী ভাষাৰ পৰা আৰম্ভ কৰি তেওঁ কঠোৰ পৰিশ্ৰেমেৰে ইংৰাজী ভাষাও শিকিলে। ৰমাবায়ে গিৰিয়েক আৰু আন সতীৰ্থৰ সৈতে মিলি ১৮৮৫ চনত পুণেৰ প্ৰথম ছোৱালী হাইস্কুল হুজুৰপাগা প্ৰতিষ্ঠা কৰে।
পতিৰ অনুপ্ৰেৰণাত ৰমাবায়ে মুম্বাইত 'হিন্দু লেজিড ছ'চিয়েল ক্লাব' খুলি মহিলাৰ ৰাজহুৱা বক্তৃতাৰ বিকাশ আৰম্ভ কৰে। মহাদেৱ ৰানডেৰ মৃত্যুৰ পাছত ৰমাবায়ে 'সেৱা সদন'ৰ জৰিয়তে মুম্বাই আৰু পুণেৰ মহিলাৰ সবলীকৰণৰ হকে জীৱন উছৰ্গা কৰে।
১৬২ চনৰ ২৫ জানুৱাৰীত মহাৰাষ্ট্ৰৰ চাংগলি জিলাৰ এখনি সৰু গাওঁ দেৱৰাষ্ট্ৰেত কুৰ্লেকাৰ পৰিয়ালত ৰমাবাঈ ৰানডেৰ জন্ম হৈছিল। তেওঁৰ পূৰ্বৰ নাম আছিল যমুনা কুৰ্লেকাৰ। সেই সময়ত ছোৱালীৰ শিক্ষা নিষিদ্ধ আছিল বাবে দেউতাকে তেওঁক পঢ়িবলৈ দিয়া নাছিল। ১৮৭৩ চনত ভাৰতৰ অগ্ৰণী সমাজ সংস্কাৰক মহাদেৱ গোবিন্দ ৰানডেৰ লগত তেওঁৰ বিবাহ হয়।[1] ঘৰৰ আন মহিলাসকলৰ বাধা সত্বেও গোবিন্দ ৰানডেই ৰমাবাইৰ শিক্ষা-দীক্ষাত গুৰুত্ব দিলে। পতিৰ অনুপ্ৰেৰণাতে ৰমাবায়ে গোটেই জীৱন নাৰীৰ স্ব-নিৰ্ভৰতা আৰু অৰ্থনৈতিক স্বাধীনতাৰ বাবে অহোপুৰুষাৰ্থ কৰিলে।[2]
বিয়াৰ সময়ত ৰমাবাঈ নিৰক্ষৰ হোৱাৰ বিপৰীতে বিচাৰক মহাদেৱ গোবিন্দ ৰানডেক "স্নাতক যুৱৰাজ" বুলি মতা হৈছিল। তেওঁ বোম্বে বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী পাইছিল। বোম্বেৰ এল্ফিষ্টন কলেজত ইংৰাজী আৰু অৰ্থনীতিৰ অধ্যপাক ৰূপে কাম কৰাৰ লগতে তেওঁ প্ৰাচ্য অনুবাদক আৰু সমাজ সংস্কাৰক হিচাপেও কাম কৰিছিল। তেওঁ অস্পৃশ্যতা, বাল্য বিবাহ আৰু সতীদাহ প্ৰথাৰ বিৰোধিতা কৰিছিল। সাৰ্বজনিক সভাৰ জৰিয়তে তেওঁ সামাজিক বিকাশৰ বাবে নানা পদক্ষেপ গ্ৰহণ কৰিছিল।[3]
গোবিন্দ ৰানডেৰ সমকক্ষ হ'বলৈ ৰমাবায়ে শিক্ষা গ্ৰহণৰ কথা বিবেচনা কৰে। এই কথাত বৃহৎ পৰিয়ালটোৰ আন মহিলাসকলৰ পৰা তেওঁ প্ৰবল বাধা পায়।[3] ইয়াৰ বিপৰীতে গোবিন্দ ৰানডেই ৰমাবাঈক নিয়মিতভাৱে মাৰাঠী ভাষা, ইতিহাস, ভূগোল, গণিত আৰু ইংৰাজীৰ পাঠদান কৰিছিল। লাহে লাহে ৰমাবাঈ গিৰিয়েকৰ সহকাৰী আৰু বিশ্বস্ত বন্ধুত পৰিণত হয়। বিধবা হোৱাৰ পাছত পণ্ডিতা ৰমাবাঈ ১৮৮২ চনত পুণে আহোঁতে গোবিন্দ আৰু ৰমাবায়ে তেওঁক সহায় কৰিছিল। ৰানডে গৃহত এগৰাকী খ্ৰীষ্টিয়ান মিচনেৰী মহিলাৰ পৰা ৰমাবাঈ ৰানডে আৰু পণ্ডিতা ৰমাবায়ে ইংৰাজীৰ শিক্ষা লৈছিল।[4]
নাছিক হাইস্কুলত মুখ্য অতিথি হিচাপে ৰমাবায়ে প্ৰথমবাৰ ৰাজহুৱা দৰ্শন দিয়ে।[2] এই প্ৰথম ভাষণতো বিচাৰক ৰানডেই লিখি দিছিল। সোনকালেই ৰমাবায়ে মাৰাঠী আৰু ইংৰাজীত বক্তৃতা প্ৰদানৰ গুণ আহৰণ কৰে। বোম্বেৰ প্ৰাৰ্থনা সমাজৰ হৈ তেওঁ কাম কৰিবলৈ লয়। তেওঁ অৰ্য মহিলা সমাজৰো এটা শাখা প্ৰতিষ্ঠা কৰে। তেওঁ বোম্বেত হিন্দু লেডিজ ছ'চিয়েল ক্লাব আৰু লিটাৰেৰী ক্লাব খোলাৰ লগতে মহিলাসকলক ভাষা, সাধাৰণ জ্ঞান, চিলাই আৰু হাতৰ কামৰ শিক্ষা দিবৰ বাবে নানা শ্ৰেণী খোলে।[5]
১৯০১ চনত ৰমাবাঈৰ ৩৮ বছৰ বয়সত বিচাৰক ৰানডেৰ মৃত্যু হয়। তেতিয়া তেওঁ বোম্বেৰ পৰা পুণেলৈ আহি ফুলে বজাৰৰ ওচৰৰ পিতৃক ঘৰটোত থাকিবলৈ লয়। এবছৰ অকলশৰে থকাৰ পাছত তেওঁ পুনৰ সমাজসেৱালৈ মন মেলি বোম্বেত প্ৰথম ভাৰত মহিলা পৰিষদ আয়োজন কৰে। কেন্দ্ৰীয় কাৰাগাৰৰ মহিলা শাখালৈ নিয়মীয়াকৈ গৈ তেওঁ বন্দীসকলৰ আত্ম-মৰ্যাদা উন্নীতকৰণৰ চেষ্টা চলাইছিল। উছৱৰ দিনত ল'ৰাসকলৰ সংস্কাৰ বিদ্যালয়লৈ গৈ তেওঁ মিঠাই বিলোৱাৰ লগতে তেওঁলোকৰ লগত কথা পাতিছিল। স্থানীয় চিকিৎসালয়বোৰলৈও নিয়মীয়াকৈ গৈ তেওঁ ৰোগীসকলৰ খা-খবৰ ৰাখিছিল। ১৯১৩ চনত গুজৰাট আৰু কাথিয়াৱাৰত তেওঁ দুৰ্বিক্ষত ভোগা লোকৰ বাবে সাহয্যৰ যোগাৰ কৰিছিল। জীৱনৰ শেষ কালতো তেওঁ সেৱা সদনৰ স্বেচ্ছাসেৱকসকলৰ লগত আলান্দিলৈ গৈ কাৰ্তিকী মেলাৰ সময়ত সন্ত ধ্যানেশ্বৰৰ পীঠ দৰ্শন কৰা মহিলাসকলক সহায় কৰিছিল।[6] ৰামকৃষ্ণ গোপাল ভাণ্ডাৰকাৰ আৰু মি: ভাজেকাৰৰ কথাত ৰমাবায়ে ১৯০৪ চনত বোম্বেত হোৱা ভাৰত মহিলা সমাৰোহৰ প্ৰথম সভাত সভানেত্ৰীৰ পদ শুৱনি কৰিছিল।
১৯০৮ চনত পাৰ্ছী সমাজ সেৱক বেহমাৰজী মলাবাৰী আৰু দয়াৰাম গিদুমলে ভাৰতীয় মহিলাক নাৰ্ছৰ প্ৰশিক্ষণ দিয়া আৰু থকাৰ ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিলে। সেইমৰ্মে ৰমাবাঈৰ সহযোগত তেওঁলোকে সেৱা সদন (বোম্বে) আৰম্ভ কৰে। ১৯১৫ চনত ৰমাবাঈৰ চেষ্টাত পুণে সেৱা সদনৰ পঞ্জীয়ন কৰা হয়।[7] সংস্থাটোৱে এখন মহিলাৰ প্ৰশিক্ষণ মহাবিদ্যালয়, আৰু তিনিটা হোষ্টেলো মুকলি কৰে।
১৯২৪ চনত ৰমাবাঈৰ মৃত্যুৰ সময়ত পুণে সেৱা সদনে বিভিন্ন বিভাগত এজেহাৰৰো অধিক মহিলাৰ প্ৰশিক্ষণ দিয়াইছিল। মৃত্যুৰ আগতে ৰমামায়ে আৰু দুটা গুৰুত্বপূৰ্ণ কাম কৰিছিল– ছোৱালীৰ বাবে বাধ্যতামূলক প্ৰাক-প্ৰাথমিক শিক্ষাৰ ব্যৱস্থাৰ বাবে দাবী জনোৱা আৰু ১৯২১-২২ চনত বোম্বে প্ৰচিডেন্সীত মহিলাৰ ভোটাধিকাৰৰ বাবে আন্দোলন কৰা। ৰমাবাঈৰ মৃত্যুত মহাত্মা গান্ধীয়ে কৈছিল: "ৰমাবাঈৰ মৃত্যু দেশৰ বাবে এক বৃহৎ ক্ষতি। হিন্দু বিধবা এগৰাকীৰ ভূমিকা কি হ'ব পাৰে তাৰ তেওঁ এক মূৰ্ত ৰূপ।....সেৱা সদনৰ দৰে দ্বিতীয় এটা সংস্থা গোটেই ভাৰততে নাই।"
মাৰাঠীত লিখা Amachya Ayushyatil Kahi Athavani আত্মজীৱনীখন ৰমাবাঈৰ এক গুৰুত্বপূৰ্ণ সাহিত্যিক অৱদান।[8] তেওঁ বিচাৰক ৰানডেৰ ধৰ্ম সম্পৰ্কীয় এলানি বক্তৃতাও প্ৰকাশ কৰিছিল।