ৰমিলা থাপাৰ | |
---|---|
![]() | |
জন্ম | ৩০ নৱেম্বৰ, ১৯৩১ (৯৩ বছৰ) লক্ষ্ণৌ, আগ্ৰা আৰু অঔধ ইউনাইটেড প্ৰভিঞ্চ, ব্ৰিটিছ ইণ্ডিয়া |
শিক্ষানুষ্ঠান | পঞ্জাৱ বিশ্ববিদ্যালয় 'চ'ৱাচ ইউনিভাৰচিটি অৱ লণ্ডন' (ডক্টৰেট) |
পেচা | Historian, Writer ইতিহাসবিদ, লেখক |
জনা যায় | ভাৰতীয় ইতিহাস বিষয়ক কিতাপৰ লেখক |
বঁটা, সন্মান, পুৰস্কাৰ আদি | সন্মানীয় ডক্টৰেট চিকাগো বিশ্ববিদ্যালয়, অক্সফৰ্ড বিশ্ববিদ্যালয়, এডিনবাৰ্গ বিশ্ববিদ্যালয়, কালিকুট বিশ্ববিদ্যালয়, হায়দৰাবাদ বিশ্ববিদ্যালয়, ব্ৰাউন বিশ্ববিদ্যালয়, পেট্ৰ'নিয়া বিশ্ববিদ্যালয় Inaugural holder, Kluge Chair in Countries and Cultures of the South, US Library of Congress; আমেৰিকান একাডেমী অৱ আৰ্টচ্ এণ্ড চাইঞ্চৰ বিদেশী সন্মানীয় সদস্য, মানৱতাৰ অধ্যয়নৰ বাবে জন ডব্লিউ ক্লুজ পুৰস্কাৰ, ২০০৮ চন |
ৰমিলা থাপাৰ (ইংৰাজী: Romila Thapar; জন্ম: ৩০ নৱেম্বৰ, ১৯৩১) হ'ল এগৰাকী ভাৰতীয় ইতিহাসবিদ। তেওঁৰ অধ্যয়নৰ মুখ্য ক্ষেত্ৰ হৈছে প্ৰাচীন ভাৰতৰ ইতিহাস, য'ত তেওঁ আগৰেপৰা প্ৰতিষ্ঠিত।[1] থাপাৰ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাচীন ইতিহাস বিভাগৰ অধ্যাপক, এমিৰিটা।
থাপাৰৰ বিশেষ অৱদান হৈছে, উত্তৰ ভাৰতত খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ মাজভাগত হোৱা পৰিৱৰ্তন বুজিবলৈ সামাজিক-ঐতিহাসিক পদ্ধতিৰ ব্যৱহাৰ। বংশ-আধাৰিত ইন্দো-আৰ্য পশুপালক গোটবোৰ গঙ্গা নদীৰ সমভূমিলৈ স্থানান্তৰিত হোৱাৰ লগে লগে,কিদৰে তেওঁলোকে জাতি-আধাৰিত ৰাজ্যবোৰৰ প্ৰাথমিক ৰূপ সৃষ্টি কৰিছিল, এই বিষয়ে তেওঁৰ লেখনিত পোৱা যায়। [2]
থাপাৰে চিকাগো বিশ্ববিদ্যালয়, অক্সফৰ্ড বিশ্ববিদ্যালয়, ইনষ্টিটিউট নেচনেল ডেচ লাঙ্গুইছ এট চিভিলাইজ অৰিয়েণ্টেলচ, পেৰিছ, এডিনবাৰ্গ বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয় হায়দৰাবাদ বিশ্ববিদ্যালয়, ব্ৰাউন বিশ্ববিদ্যালয়, আৰু প্ৰিটোৰিয়া বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট লাভ কৰিছিল।
থাপাৰ লণ্ডনৰ স্কুল অফ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজৰ এগৰাকী সন্মানীয় ফেলো, য'ত তেওঁ ১৯৫৮ চনত পিএইচডি ডিগ্ৰী লাভ কৰিছিল, আৰু আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্সেছৰ বিদেশী সন্মানীয় সদস্য হিচাপেও খিতাপ লাভ কৰিছিল। ২০০৮ চনত, ৰমিলা থাপাৰে মানৱবিজ্ঞান আৰু সামাজিক বিজ্ঞানত জীৱনজোৰা প্ৰাপ্তিৰ বাবে ইউএছ লাইব্ৰেৰী অফ কংগ্ৰেছৰ ক্লুজ পুৰস্কাৰ লাভ কৰিছিল।[3]