শতিকাজুৰি অসংখ্য শাসন ব্যৱস্থা অতিক্ৰম কৰি অহা ৰাছিয়ান সমাজত মহিলাৰ এক চহকী আৰু বৈচিত্ৰ্যময় ইতিহাস আছে। মন কৰিবলগীয়া কথা যে ৰাছিয়া বহুসংস্কৃতিৰ সমাজ হোৱা হেতু ৰাছিয়াৰ মহিলাসকলৰ অভিজ্ঞতা জাতিগত, ধৰ্মীয় আৰু সামাজিক ৰেখাৰ মাজত যথেষ্ট ভিন্ন। এগৰাকী জনগোষ্ঠীয় ৰাছিয়ান মহিলাৰ জীৱন বাছকিৰ, চেচেন, বা ইয়াকুট (ছাখা) মহিলাৰ লেখীয়া আন সংখ্যালঘু মহিলাৰ জীৱনৰ পৰা নাটকীয়ভাৱে পৃথক হ’ব পাৰে; ঠিক যেনেকৈ নিম্ন শ্ৰেণীৰ গ্ৰাম্য পৰিয়ালৰ মহিলাৰ জীৱন উচ্চ মধ্যবিত্তীয় নগৰীয়া পৰিয়ালৰ মহিলাৰ জীৱনৰ পৰা পৃথক হ’ব পাৰে। তথাপিও এটা সাধাৰণ ঐতিহাসিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটে ৰাছিয়াৰ মহিলা সম্পৰ্কত মন্তব্য ৰাখিবলৈ এক কাঠামো প্ৰদান কৰে।
১৯৯৩ চনৰ ৰাছিয়াৰ সংবিধানৰ ১৯ নং অনুচ্ছেদত মহিলা আৰু পুৰুষৰ সম অধিকাৰৰ নিশ্চয়তা দিয়া হৈছে।[1] শ্ৰম আইন অনুসৰি মহিলাসকলৰ প্ৰসূতিকালীন ছুটী, বেতনযুক্ত পিতৃ-মাতৃৰ ছুটী আৰু বিনা বেতনে পিতৃ-মাতৃৰ ছুটীৰ অধিকাৰ আছে৷ শিশুটিৰ বয়স ৩ বছৰ হোৱালৈকে এই ছুটীসমূহ বৃদ্ধি কৰিব পাৰি।[2]
মহিলাসকলে এতিয়া প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ঘৰৰ বাহিৰত কাম কৰি আহিছে৷ দ্বৈত আয়ৰ পৰিয়াল আটাইতকৈ সাধাৰণ য'ত মহিলা আৰু পুৰুষৰ নিয়োগৰ হাৰ ক্ৰমে ৬৬.১% আৰু ৭৬.২% (বয়স ১৫–৬৪, ২০১৮ চনৰ হিচাপত)। তথাপিও শ্ৰম খণ্ডৰ মহিলাসকল প্ৰায়ে বৈষম্যৰ সন্মুখীন হয়৷ আইনেও মহিলাৰ বাবে নিষিদ্ধ কৰি থোৱা ১০০টা বৃত্তিৰ তালিকা প্ৰস্তুত কৰিছে[3] কাৰণ এই বৃত্তিবোৰক মহিলাৰ স্বাস্থ্যৰ বাবে অত্যন্ত বিপজ্জনক বুলি গণ্য কৰা হয়, বিশেষকৈ প্ৰজননগত স্বাস্থ্যৰ বাবে৷ ২০১৯ চনলৈকে এইদৰে নিষিদ্ধ কৰি থোৱা বৃত্তিৰ সংখ্যা হৈছিলগৈ ৪৫৬[4]। ইয়াৰ পিছতো বহু ৰাছিয়ান মহিলাই ব্যৱসায়ত সফলতা লাভ কৰিছে।[5]
২০১৫ চনৰ হিচাপত ৰাছিয়াৰ মুঠ উৰ্বৰতাৰ হাৰ ১.৬১,[6] প্ৰতিস্থাপন হাৰ ২.১তকৈও এই সংখ্যা কম হ'লেও ১৯৯০ চনৰ তুলনাত এতিয়াও বেছি।[7]
২০১৭ চনৰ জানুৱাৰী মাহত ৰাছিয়াৰ বিধায়িনী দলৰ নিম্ন সদনে প্ৰথমবাৰৰ বাবে ঘৰুৱা হিংসাক অপৰাধমুক্ত কৰে।[8] এইটো প্ৰথম অপৰাধৰ ক্ষেত্ৰত প্ৰযোজ্য যিবোৰে গুৰুতৰ আঘাতৰ সৃষ্টি নকৰে৷ ;পূৰ্বৰ সৰ্বোচ্চ দুবছৰৰ কাৰাদণ্ডৰ পৰা এতিয়া সৰ্বোচ্চ পোন্ধৰ দিনলৈ কাৰাদণ্ড হ্ৰাস কৰা হয়। ই এটা প্ৰশাসনিক অপৰাধত পৰিণত হৈছিল, প্ৰথম অপৰাধৰ শাস্তি প্ৰশাসনিক সংহিতাৰ অধীনত পৰিছিল। এইবোৰ সাধাৰণতে জৰিমনা বা নিলম্বিত শাস্তি যদিহে অভিযুক্ত পৰিয়ালৰ সদস্য হয়৷ দ্বিতীয় অপৰাধ আৰু ইয়াৰ বাহিৰৰ অপৰাধৰ বাবে ইয়াক দণ্ডনীয় অপৰাধ হিচাপে গণ্য কৰা হয়৷ ফৌজদাৰী সংহিতাৰ অধীনত ইয়াৰ গোচৰ চলোৱা হয়। এই পদক্ষেপক বহুলভাৱে পুটিনৰ দিনত ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত পৰম্পৰাগত মূল্যবোধৰ ফালে ঢাল খোৱা আৰু ব্যক্তিগত তথা মানৱ অধিকাৰৰ উদাৰ ধাৰণাৰ পৰা আঁতৰি যোৱাৰ অংশ হিচাপে গণ্য কৰা হৈছিল। ৰাষ্ট্ৰপতি পুটিনে ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত এই বিধেয়কখন আইনত পৰিণত কৰিবলৈ স্বাক্ষৰ কৰে।[9]