ৰাজ কাপুৰ | |
---|---|
জন্ম | সৃষ্টিনাথ কাপুৰ [1] ১৪ ডিচেম্বৰ, ১৯২৪ পেছোৱাৰ, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ, বৃটিছ ভাৰত (বৰ্তমান পাকিস্তানত) |
মৃত্যু | ০২ জুন, ১৯৮৮ (৬৩ বছৰ) দিল্লী ভাৰত |
শিক্ষা |
|
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ১৯৩৫-১৯৮৮ |
সংস্থা | আৰ কে ষ্টুডিঅ’ |
দাম্পত্যসঙ্গী | কৃষ্ণা মালহোট্ৰা (বি. ১৯৪৬) |
সন্তান | ৫, (ৰণধীৰ, ৰিতু, ঋষি আৰু ৰাজীৱকে ধৰি)[2] |
স্বাক্ষৰ | |
![]() |
ৰাজ কাপুৰ ((ইংৰাজী: Raj Kapoor ; জন্ম: সৃষ্টিনাথ কাপুৰ; ১৪ ডিচেম্বৰ ১৯২৪ – ২ জুন ১৯৮৮) এজন হিন্দী চলচ্চিত্ৰৰ অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল; যাক ৰণবীৰ ৰাজ কাপুৰ নামেৰেও জনা যায়।[3] তেওঁক ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ আৰু প্ৰভাৱশালী অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়।[4] তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ “চাৰ্লি চেপলিন” তথা ভাৰতীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ শ্ব'মেন বুলিও কোৱা হয়।[5] [6][7][8][9]
পেছাৱৰত জন্মগ্ৰহণ কৰা ৰাজ কাপুৰৰ পিতৃ আছিল পৃথ্বীৰাজ কাপুৰ। তেওঁ তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ১১টা ফিল্মফেয়াৰ বঁটাকে ধৰি একাধিক প্ৰশংসা লাভ কৰিছে। চাৰ্লি চেপলিনৰ দ্বাৰা অনুপ্ৰাণিত হৈ চেপলিনৰ দ্য ট্ৰাম্পৰ অনুকৰণত তেওঁ আৱাৰা (১৯৫১) আৰু শ্ৰী ৪২০ (১৯৫৫) আদি ছবিত অভিনয় কৰিছিল।[10][11] আৱাৰাত তেওঁৰ অভিনয়ক ২০০৫ চনত টাইম আলোচনীয়ে "বিশ্ব চলচ্চিত্ৰৰ সৰ্বকালৰ শীৰ্ষ দহটা শ্ৰেষ্ঠ অভিনয়"ৰ ভিতৰত অন্যতম হিচাপে আখ্যায়িত কৰিছে।[12]
তেওঁৰ ছবিসমূহে এছিয়া, মধ্যপ্ৰাচ্য, কেৰিবিয়ান, আফ্ৰিকা আৰু ছোভিয়েট ব্লকৰ কিছু অংশত বিশ্বব্যাপী বাণিজ্যিক সফলতা লাভ কৰিছিল।[13] ভাৰত চৰকাৰে ১৯৭১ চনত শিল্পকলাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মভূষণ উপাধিৰে সন্মানিত কৰে।[14] ১৯৮৭ চনত লাভ কৰে দাদা চাহেব ফাল্কে বঁটা।
দহ বছৰ বয়সত, ১৯৩৫ চনত তেওঁ প্ৰথমবাৰৰ বাবে ইনকিলাব নামৰ এখন হিন্দী ছবিত অভিনয় কৰে। ৰাজ কাপুৰে প্ৰথম গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিবলৈ সুবিধা পাইছিল নীলকমলত (১৯৪৭)। তাত তেওঁ মধুবালাৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ১৯৪৮ চনত চৌৱিশ বছৰ বয়সত তেওঁ নিজাকৈ ষ্টুডিঅ’ আৰ কে ফিল্মছ প্ৰতিষ্ঠা কৰে আৰু আগ ছবিখনেৰে সেই সময়ৰ আটাইতকৈ কম বয়সীয়া পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে। আগত অভিনয় কৰিছিল নাৰ্গিছ, কামিনী কৌশল, প্ৰেমনাথ আৰু তেওঁ নিজে। ১৯৪৯ চনত তেওঁ দিলীপ কুমাৰ আৰু নাৰ্গিছৰ সৈতে মেহবুব খানৰ আন্দাজ ছবিত অভিনয় কৰে, যিখন আছিল অভিনেতা হিচাপে তেওঁৰ প্ৰথম বিগ হিট ছবি। সেই বছৰৰ শেষৰ ফালে মুক্তি পোৱা আন এখন ব্লকবাষ্টাৰ ছবি বৰসাতত তেওঁ প্ৰযোজক, পৰিচালক আৰু অভিনেতা হিচাপে প্ৰথম সফলতা লাভ কৰে।[15]
তাৰ পিছত তেওঁ আৰ কে বেনাৰৰ অধীনত কেইবাখনো হিট ছবিৰ প্ৰযোজনা আৰু অভিনয় কৰে, যাৰ ভিতৰত আছিল- আৱাৰা (১৯৫১), শ্ৰী ৪২০ (১৯৫৫) আৰু জিছ দেশ মেঁ গংগা বেহতি হ্যায় (১৯৬০)। শ্ৰেষ্ঠ ছবিৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰা শেষৰখন ছবি পৰিচালনা কৰিছিল তেওঁৰ দীৰ্ঘদিনীয়া চিনেমাট'গ্ৰাফাৰ ৰাধু কৰ্মকাৰে।[16] এই ছবি কেইখনে ৰাজ কাপুৰে অনুসৰণ কৰা চাৰ্লি চেপলিনৰ বিখ্যাত ছবি দ্য ট্ৰেম্পৰ আৰ্হিক ৰূপালী পৰ্দাত প্ৰতিষ্ঠা কৰে।[17] ঘৰুৱা প্ৰডাকচনৰ বাহিৰেও মুখ্য অভিনেতা হিচাপে তেওঁৰ আন উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে- দাস্তান (১৯৫০), আনহোনী (১৯৫২), চোৰী চোৰী (১৯৫৬), ফিৰ সুবহ হোগী (১৯৫৮), অনাৰি (১৯৫৯), চালিয়া (১৯৬০) আৰু দিল হি তো হ্যায় (১৯৬৩)। তেওঁ হিট সামাজিক ছবি বুট পোলিছ (১৯৫৪) আৰু অৱ দিল্লী দূৰ নহীও (১৯৫৭) প্ৰযোজনা কৰে।[18]
১৯৬৪ চনত তেওঁ ৰোমান্টিক সংগীতমধুৰ ছবি সংগম প্ৰযোজনা আৰু পৰিচালনা কৰে, য’ত অভিনয় কৰিছিল ৰাজেন্দ্ৰ কুমাৰ, বৈজয়ন্তীমালা আৰু তেওঁ নিজে। এইখন তেওঁৰ প্ৰথম ৰঙীন ছবি আছিল। মুখ্য ভূমিকাত অভিনয় কৰা অভিনেতা হিচাপে এয়াই আছিল তেওঁৰ শেষ বৃহৎ সফলতা; কিয়নো তেওঁৰ পৰৱৰ্তী ছবি ৰাজশ্ৰী আৰু হেমা মালিনীৰ সৈতে অভিনীত এৰাউণ্ড দ্য ৱৰ্ল্ড (১৯৬৬) আৰু স্বপ্নো কা সৌদাগৰ (১৯৬৮) বক্স অফিচত ফ্লপ হৈছিল। ১৯৬৫ চনত তেওঁ চতুৰ্থ মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰীৰ সদস্য আছিল।[19]
১৯৭০ চনত তেওঁ প্ৰযোজনা, পৰিচালনা আৰু অভিনয় কৰা অভিলাষী ছবি মেৰা নাম জোকাৰ মুক্তি পায়। ছবিখন সম্পূৰ্ণ হ’বলৈ ছয় বছৰতকৈও অধিক সময় লাগিছিল। এইখন ছবিত তেওঁৰ পুত্ৰ ঋষিয়ে ৰাজ কাপুৰৰ কিশোৰ কালৰ চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। ছবিখন ফ্লপ হৈছিল আৰু তেওঁৰ পৰিয়াল আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছিল।[20] পিছলৈ অৱশ্যে ই ‘কাল্ট ক্লাছিক’ হিচাপে স্বীকৃতি পাইছিল।[21] ১৯৭১ চনত তেওঁ নিজে, পুত্ৰ ৰণধীৰ, পিতৃ পৃথ্বীৰাজ কাপুৰৰ লগতে ৰণধীৰৰ হ’বলগীয়া পত্নী ববিতা অভিনীত পাৰিবাৰিক ছবি কল আজ ঔৰ কল মুক্তি পায়। ১৯৭৩ চনত তেওঁ ববী প্ৰযোজনা আৰু পৰিচালনা কৰিছিল, যিখন বক্স অফিচত বিপুল সফলতা লাভ কৰিছিল আৰু পিছলৈ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হিচাপে খ্যাত হোলা ডিম্পল কপাড়িয়াক পৰিচিত কৰাই দিছিল। ১৯৭৫ চনত ধৰম কৰম ছবিত ডিম্পলে পুনৰ ৰণধীৰ কাপুৰৰ সৈতে অভিনয় কৰে।
১৯৭০-ৰ দশকৰ শেষৰ ফালে আৰু ১৯৮০-ৰ দশকৰ আৰম্ভণিতে তেওঁ কেইখনমান নাৰী কেন্দ্ৰিক ছবি নিৰ্মাণ আৰু পৰিচালনা কৰে: জীনত আমানৰ সৈতে সত্যম শিৱম সুন্দৰম (১৯৭৮) পদ্মিনী কোহলাপুৰীৰ সৈতে প্ৰেমৰোগ (১৯৮২)আৰু মন্দাকিনীৰ সৈতে ৰাম তেৰী গংগা মেইলী (১৯৮৫)। ১৯৭০-ৰ দশকৰ শেষৰ ফালে আৰু আশীৰ দশকৰ আৰম্ভণিতে তেওঁ কম ছবিত অভিনয় কৰিছিল যদিও ৰাজেশ খান্নাৰ সৈতে নৌকৰীত (১৯৭৮)আৰু সঞ্জয় খানৰ সৈতে আব্দুল্লাত (১৯৮০) উল্লেখযোগ্য সহযোগী চৰিত্ৰত অভিনয় কৰে। তেওঁ দুখন কমেডী ছবি: দো জাছুছ (১৯৭৫) আৰু গোপীচান্দ জাছুছত (১৯৮২) ডিটেক্টিভৰ চৰিত্ৰত কৰে। দুয়োখন ছবিৰ পৰিচালক আছিল ৰাজেন্দ্ৰ কুমাৰৰ ভাতৃ নৰেশ কুমাৰ। ১৯৭৯ চনত তেওঁ ১১তম মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰীৰ সদস্য আছিল।[32] গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা ৰাজ কাপুৰৰ শেষৰখন ছবি আছিল ৱকিল বাবু (১৯৮২); য'ত তেওঁ ভায়েক শশী কাপুৰৰ সৈতে অভিনয় কৰিছিল। ১৯৮২ চনত তেওঁ শ্বুটিং কৰি সম্পূৰ্ণ কৰা চোৰ মণ্ডলী নামৰ ছবিখনত প্ৰবীণ অভিনেতা অশোক কুমাৰেও অভিনয় কৰিছিল; কিন্তু আইনী বিবাদৰ বাবে ছবিখনে মুক্তি নাপালে।[22] ১৯৮৪ চনত মুক্তি পোৱা ব্ৰিটিছ মেড ফৰ-টেলিভিছনৰ ছবি কিম তেওঁৰ শেষ অভিনীত ছবি।
১৯৮৮ চনত মৃত্যুৰ পূৰ্বে তেওঁৰ পুত্ৰ ঋষি আৰু পাকিস্তানী অভিনেত্ৰী জেবা বখটিয়াৰ অভিনীত হেনা পৰিচালনা কৰিবলৈ লৈছিল। পিছে তেওঁৰ মৃত্যু হোৱাত ছবিখন পৰিচালনা কৰে পুত্ৰ ৰণধীৰ কাপুৰে আৰু ছবিখনে মুক্তি পায় ১৯৯১ চনত।
![]() |
ৱিকিমিডিয়া কমন্সত Raj Kapoor সম্পৰ্কীয় মিডিয়া ফাইল আছে। |