ৰাজকুমাৰী বিবিজী অমৃত কৌৰ | |
---|---|
১৯৪৭ চনত ৰাজকুমাৰী অমৃত কৌৰ | |
জন্ম | ২ ফেব্ৰুৱাৰী, ১৮৮৯ লক্ষ্ণৌ, লক্ষ্ণৌ সংমণ্ডল, ব্ৰিটিছ ভাৰত (বৰ্তমান উত্তৰ প্ৰদেশ) |
মৃত্যু | ৬ ফেব্ৰুৱাৰী, ১৯৬৪ (৭৫ বছৰ) নতুন দিল্লী, ভাৰত |
সংস্থা | চেইণ্ট জন এম্বুলেন্স টিউবাৰকুলছিছ এছ'চিয়েচন অফ ইণ্ডিয়া ভাৰতীয় ৰেড ক্ৰচ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, নতুন দিল্লী |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
ৰাজনৈতিক আন্দোলন | ভাৰতৰ স্বাধীনতা আন্দোলন |
বঁটা, সন্মান, পুৰস্কাৰ আদি | অৰ্ডাৰ অফ চেইণ্ট জন |
ভাৰতৰ স্বাস্থ্যমন্ত্ৰী | |
কাৰ্যকাল ১৬ আগষ্ট ১৯৪৭ – ১৬ এপ্ৰিল ১৯৫৭ | |
প্ৰধানমন্ত্ৰী | জৱাহৰলাল নেহৰু |
পূৰ্বসূৰী | পদ সৃষ্টি |
উত্তৰসূৰী | সুশীলা নায়াৰ |
ব্যক্তিগত তথ্য | |
পিতৃ-মাতৃ | হৰনাম সিং প্ৰিচাইলা গোলকনাথ |
ৰাজকুমাৰী বিবিজী অমৃত কৌৰ (২ ফেব্ৰুৱাৰী ১৮৮৯ – ৬ ফেব্ৰুৱাৰী ১৯৬৪)[1] ভাৰতৰ প্ৰথম গৰাকী স্বাস্থ্যমন্ত্ৰী আছিল। ভাৰতৰ প্ৰথম কেবিনেটত স্থান লাভ কৰা ৰাজকুমাৰী অমৃত কৌৰ ১০ বছৰ কাল ভাৰতৰ স্বাস্থ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ এগৰাকী প্ৰখ্যাত গান্ধীবাদী, স্বাধীনতা সংগ্ৰামী আৰু সমাজকৰ্মী আছিল। তেওঁ ভাৰতৰ সংবিধান প্ৰস্তুত কৰা সাংবিধানিক সভাৰ সদস্য আছিল। তেওঁ জৱাহৰলাল নেহৰুৰ মন্ত্ৰীসভাত স্থান লাভ কৰা একমাত্ৰ মহিলা মন্ত্ৰী আছিল।
১৮৮৯ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত ইউনাইটেড প্ৰভিন্সৰ লক্ষ্ণৌ সংমণ্ডলৰ লক্ষ্ণৌত ৰাজকুমাৰী অমৃত কৌৰৰ জন্ম হৈছিল। বৰ্তমান এই ঠাই উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত অৱস্থিত। তেওঁৰ পিতৃ পঞ্জাব অঞ্চলৰ কপুৰথালা ৰাজ্যৰ ৰাজপৰিয়ালৰ ৰাজা হৰনাম সিং আৰু মাতৃ প্ৰিচাইলা কৌৰ চাহিবা। তেওঁ আৰু তেওঁৰ সাতজন ভায়েক ৰাজা হৰমান সিঙৰ জীয়াই থকা সন্তান।[2]
তেওঁ ইংলেণ্ডৰ ডৰছেটৰ শ্বেৰবৰ্ণ স্কুল ফৰ গাৰ্লছত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰে। ইংলেণ্ডত শিক্ষা সমাপ্ত কৰাৰ পিছত ভাৰতলৈ ঘূৰি আহে। তেওঁ কপুৰথালা ৰাজ্যৰ ৰজা জগজিৎ সিঙৰ সম্পৰ্কীয় ভনীয়েক আছিল।
তেওঁ সাংবিধানিক সভাৰ সদস্য আছিল।[3] ইয়াৰ লগতে তেওঁ মৌলিক অধিকাৰৰ উপশমিতি আৰু সংখ্যালঘুৰ উপশমিতিৰ সদস্য আছিল।[4] ভাৰতৰ স্বাধীনতাৰ পিছত তেওঁ জৱাহৰলাল নেহৰুৰ প্ৰথম কেবিনেটত স্থান লাভ কৰে। তেওঁ কেবিনেটত স্থান লাভ কৰা প্ৰথম গৰাকী মহিলা। তেওঁক ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰী পদবী প্ৰদান কৰা হৈছিল। ১৯৫০ চনত তেওঁ বিশ্ব স্বাস্থ্য সভাৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হয়। এই পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথম গৰাকী মহিলা আৰু এছিয়ান।
তেওঁ নতুন দিল্লীত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, নতুন দিল্লী প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। এই প্ৰতিষ্ঠান স্থাপনৰ বাবে তেওঁ নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, পশ্চিম জাৰ্মানী, ছুইডেন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা সাহায্য লাভ কৰিছিল। তেওঁ এই প্ৰতিষ্ঠান প্ৰথম অধ্যক্ষ আছিল।
তদুপৰি অমৃত কৌৰে ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ ১৪ বছৰকাল সভাপতিৰ পদ অলংকৃত কৰিছিল। তেওঁৰ নেতৃত্বৰ কালছোৱাত ভাৰতত ভাৰতীয় যক্ষ্মাৰোগ সংস্থা আৰু মাদ্ৰাজত কেন্দ্ৰীয় কুষ্ঠৰোগ শিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান প্ৰতিষ্ঠিত হৈছিল। তেওঁ অমৃত কৌৰ নাৰ্ছিং কলেজ আৰু নেছনেল স্পৰ্টছ ক্লাৱ অফ ইণ্ডিয়া আৰম্ভ কৰিছিল।
১৯৫৭ চনৰ পৰা তেওঁৰ মৃত্যুৰ লৈকে অৰ্থাৎ ১৯৫৪ চনলৈ তেওঁ ৰাজ্যসভাৰ সাংসদ আছিল। ১৯৫৮ চনৰ পৰা ১৯৬৩ চনলৈ তেওঁ দিল্লীৰ সৰ্বভাৰতীয় মটৰ যাতায়ত কংগ্ৰেছৰ সভাপতি আছিল।
তেওঁ চেইণ্ট জনছ এম্বুলেন্স ক্ৰপছ আৰু ৰেনে চেণ্ড মেমৰীয়েল এৱাৰ্ড লাভ কৰিছিল।[5]
১৯৬৪ চনৰ ৬ ফেব্ৰুৱাৰী তাৰিখে নতুন দিল্লীত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।[6][7] বৰ্তমান তেওঁৰ ব্যক্তিগত কাগজ-পত্ৰ সমূহ দিল্লীৰ তিন মূৰ্তি পথত অৱস্থিত নেহৰু স্মৃতি যাদুঘৰ আৰু পুথিভঁৰালত ৰখা হৈছে।[8]