ৰাজনৈতিক মনোবিজ্ঞান (ইংৰাজী: Political psychology) হৈছে এক আন্তঃশাখা শৈক্ষিক ক্ষেত্ৰ; যিয়ে মানসিক দৃষ্টিকোণৰ পৰা ৰাজনীতি, ৰাজনীতিবিদ, ৰাজনৈতিক আচৰণ আৰু সামাজিক-ৰাজনৈতিক দৃষ্টিভংগী ব্যৱহাৰ কৰি মানসিক প্ৰক্ৰিয়াসমূহ বুজিবলৈ প্ৰয়াস কৰে।[1]ৰাজনীতি আৰু মনোবিজ্ঞানৰ মাজৰ সম্পৰ্কক দ্বিমুখী বুলি গণ্য কৰা হয়, মনোবিজ্ঞানক ৰাজনীতি বুজিবলৈ লেন্স হিচাপে ব্যৱহাৰ কৰা হয় আৰু ৰাজনীতিক মনোবিজ্ঞান বুজিবলৈ লেন্স হিচাপে ব্যৱহাৰ কৰা হয়। আন্তঃশাখা ক্ষেত্ৰ হিচাপে ৰাজনৈতিক মনোবিজ্ঞানে বহুতো শাখাৰ পৰা ধাৰ লয়, য'ত আছে: নৃতত্ত্ব, অৰ্থনীতি, ইতিহাস, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, সাংবাদিকতা, সংবাদ মাধ্যম, দৰ্শন, ৰাজনীতি বিজ্ঞান, মনোবিজ্ঞান, আৰু সমাজবিজ্ঞান।
ৰাজনৈতিক মনোবিজ্ঞানৰ লক্ষ্য হৈছে ব্যক্তি আৰু প্ৰসংগসমূহৰ মাজৰ আন্তঃনিৰ্ভৰশীল সম্পৰ্কসমূহ বুজি পোৱা যিবোৰ বিশ্বাস, প্ৰেৰণা, উপলব্ধি, জ্ঞান, তথ্য প্ৰক্ৰিয়াকৰণ, শিক্ষণ কৌশল, সামাজিকৰণ আৰু মনোভাৱ গঠনৰ দ্বাৰা প্ৰভাৱিত। ৰাজনৈতিক মানসিক তত্ত্ব আৰু দৃষ্টিভংগী বহু প্ৰসংগত প্ৰয়োগ কৰা হৈছে যেনে: নেতৃত্বৰ ভূমিকা; ঘৰুৱা আৰু বৈদেশিক নীতি নিৰ্ধাৰণ; জাতিগত হিংসা, যুদ্ধ আৰু গণহত্যাৰ আচৰণ; গোটৰ গতিশীলতা আৰু সংঘাত; বৰ্ণবাদী আচৰণ; ভোটদানৰ মনোভাৱ আৰু প্ৰেৰণা; ভোটদান আৰু সংবাদ মাধ্যমৰ ভূমিকা; জাতীয়তাবাদ; আৰু ৰাজনৈতিক উগ্ৰবাদ৷ [2] মূলতঃ ৰাজনৈতিক মনোবিজ্ঞানীসকলে জ্ঞানমূলক আৰু সামাজিক ব্যাখ্যা ব্যৱহাৰ কৰি ৰাজনৈতিক আচৰণৰ ভেটি, গতিশীলতা আৰু ফলাফল অধ্যয়ন কৰে।
ৰাজনৈতিক মনোবিজ্ঞানৰ উৎপত্তি ফ্ৰান্সৰ পশ্চিম ইউৰোপৰ পৰা হৈছিল, য'ত ই নতুন শাখা আৰু আৰ্হিৰ উত্থানৰ লগতে বিভিন্ন দেশৰ নিখুঁত সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত আছিল।[3]পেৰিছ কমিউনৰ উত্থানে (১৮৭১) আলোড়িত কৰা ফ্ৰাংকো-প্ৰুছিয়ান যুদ্ধ আৰু সমাজবাদী বিপ্লৱৰ সময়ত এই শাখা ৰাজনৈতিক মনোবিজ্ঞান আনুষ্ঠানিকভাৱে প্ৰৱৰ্তন কৰা হৈছিল।[4] ৰাজনৈতিক মনোবিজ্ঞান শব্দটো প্ৰথমে নৃতাত্ত্বিক এডলফ বেষ্টিয়ানে তেওঁৰ গ্ৰন্থ Man in History (1860)ত প্ৰৱৰ্তন কৰিছিল। ইক’ল লিব্ৰে ডি চাইন্সেছ পলিটিক্সৰ প্ৰতিষ্ঠাপক দাৰ্শনিক হিপ’লাইট টেইনে (১৮২৮–১৮৯৩) বাষ্টিয়ানৰ তত্ত্বসমূহ তেওঁৰ গ্ৰন্থ দ্য অৰিজিনছ অৱ কণ্টেম্পৰৰী ফ্ৰান্স (১৮৭৫–১৮৯৩)ত, তৃতীয় গণৰাজ্যৰ প্ৰতিষ্ঠা আৰু বিকাশৰ ধাৰণাসমূহৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছিল।
ইফালে ইটালীত ৰিছৰ্জিমেণ্টে (১৮৭০) বিভিন্ন সামাজিক সংস্কাৰ আৰু ভোটাধিকাৰৰ বাবে প্ৰভাৱিত কৰিছিল। এই সময়ছোৱাত সামাজিক শ্ৰেণীৰ বৃহৎ বিভাজনৰ ফলত অধিবক্তা গেইটানো মস্কাই (১৮৫৮–১৯১৪) তেওঁৰ গ্ৰন্থ The Ruling Class: Elements of Political Science (১৮৯৬) প্ৰকাশ কৰে, য’ত সকলো সমাজৰ শাসক আৰু শাসিত শ্ৰেণীৰ উপস্থিতিৰ তত্ত্ব প্ৰকাশ কৰা হয়।[5] মস্কাৰ ধাৰণাসমূহৰ পৰা অনুপ্ৰাণিত হৈ ভিলফ্ৰেডো পাৰেটোৱে (১৮২৮–১৯২৩) শ্ৰেণী আৰু সামাজিক ব্যৱস্থাৰ ভূমিকাৰ ওপৰত তত্ত্ব আগবঢ়াই ৰাজনৈতিক মনোবিজ্ঞানৰ শাখাত দ্য ৰাইজ এণ্ড ফ’ল অৱ দ্য এলিটছ্ (১৯০১) আৰু দ্য ছ’চিয়েলিষ্ট চিষ্টেমৰে (১৯০২–১৯০৩) অৰিহণা যোগায়। তেওঁৰ গ্ৰন্থ দ্য মাইণ্ড এণ্ড ছ'চাইটি (১৯১৬)ত সমাজবিজ্ঞানৰ এখন গ্ৰন্থ আগবঢ়োৱা হৈছে।[6]