ভাষিক ভিত্তিত ৰাজ্যসমূহ সংগঠিত হোৱাৰ দাবী ভাৰতে স্বাধীনতা লাভ কৰাৰ বহু আগতেই উত্থাপন হৈছিল। ১৮৯৫ চনত বৰ্তমানৰ ওড়িশাত প্ৰথম ভাষিক আন্দোলন আৰম্ভ হয়। বৰ্তমানৰ বিহাৰ আৰু ওড়িশা প্ৰদেশক দুভাগ কৰি পৃথক ওড়িশা প্ৰদেশ গঠন কৰাৰ দাবীৰ লগে লগে পৰৱৰ্তী বছৰবোৰত এই আন্দোলনে গতি লাভ কৰে। [3][4] ওড়িয়া জাতীয়তাবাদৰ পিতৃ মধুসুদন দাসৰ প্ৰচেষ্টাত অৱশেষত ১৯৩৬ চনত আন্দোলনটোৱে নিজৰ লক্ষ্যত উপনীত হয়, যেতিয়া সাধাৰণ ভাষাৰ আধাৰত সংগঠিত হোৱা প্ৰথমখন ভাৰতীয় ৰাজ্য (স্বাধীনতাৰ পূৰ্বৰ) হিচাপে ওড়িশা প্ৰদেশৰ গঠন হয়।
স্বাধীনোত্তৰ কালত ভাষাৰ আধাৰত নতুন ৰাজ্য নিৰ্মাণৰ ৰাজনৈতিক আন্দোলনৰ জন্ম হৈছিল। মাদ্ৰাজ ৰাজ্যৰ উত্তৰ অংশক পৃথক কৰি এখন তেলুগু ভাষী ৰাজ্য গঠনৰ আন্দোলনে স্বাধীনতাৰ পিছৰ বছৰবোৰত যথেষ্ট শক্তিশালী হয় আৰু ১৯৫৩ চনত মাদ্ৰাজ ৰাজ্যৰ উত্তৰৰ ষোল্লখন তেলুগুভাষী জিলাক লগলগাই নতুন অন্ধ্ৰ ৰাজ্যৰ গঠন কৰা হয়।
কেৰালা: ত্ৰিবাংক’ৰ-কোচিন ৰাজ্যৰ মালাৱাৰ জিলা আৰু মাদ্ৰাছ প্ৰেছিডেঞ্চিৰ দক্ষিণ কানাড়া জিলাৰ কাছৰগোড় তালুকৰ সৈতে একত্ৰীত কৰি গঠন কৰা হয়। ত্ৰিবাংক’ৰ-কোচিনৰ দক্ষিণভাগ, কন্যাকুমাৰী জিলা, ছেংগ’তাই তালুকক মাদ্ৰাছ ৰাজ্যলৈ হস্তান্তৰ কৰা হয়। লাক্ষাদ্বীপ আৰু মিনিকয় দ্বীপক মালাৱাৰ জিলাৰ পৰা পৃথক কৰি এটা নতুন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হয়, যাৰ নাম ৰখা হৈছিল- লাক্ষাদ্বীপ, মিনিকয় আৰু আমিনদীৱি।[5]
মধ্যপ্ৰদেশ: মধ্যভাৰত, বিন্ধ্যপ্ৰদেশ আৰু ভূপাল ৰাজ্যক (১৯৪৯-১৯৫৬) মধ্যপ্ৰদেশত চামিল কৰা হয়। নাগপুৰ ডিভিজনৰ মাৰাঠীভাষী জিলাকেইখন বোম্বে ৰাজ্যলৈ স্থানান্তৰ কৰা হয়।
মাদ্ৰাছ ষ্টেট: মালাৱাৰ জিলাক নৱগঠিত ৰাজ্য কেৰালালৈ স্থানান্তৰ কৰা হয়, দক্ষিণ কানাড়া জিলাক দুভাগ কৰি মহীশুৰ ৰাজ্য আৰু কেৰেলাত চামিল কৰা হয়। নতুন কেন্দ্ৰীয় শাসিত অঞ্চল লাক্ষাদ্বীপ, মিনিকয় আৰু আমিনদীৱি গঠন কৰা হয়। ত্ৰিবাংক’ৰ-কোচিনৰ দক্ষিণ অঞ্চল. কন্যাকুমাৰী জিলা আৰু চেংগ’ত্তাই তালুকক মাদ্ৰাছ ৰাজ্য যোগ কৰা হয়।