কৰ্ণেল ৰাজ্যৱৰ্ধন সিং ৰাথোড় অতি বিশিষ্ট সেৱা মেডেল | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
তথ্য আৰু সম্প্ৰচাৰণ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
কাৰ্যকাল ৯ নৱেম্বৰ ২০১৪ – ২৪ মে ২০১৯ ২৪ মে ২০১৮ ৰ পৰা স্বতন্ত্ৰ দায়িত্ব | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
পূৰ্বসূৰী | স্মৃতি ইৰানী | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
উত্তৰসূৰী | প্ৰকাশ জাভড়েকৰ | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
কাৰ্যকাল ৩ ছেপ্টেম্বৰ ২০১৭ – ২৪ মে ২০১৯ | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
পূৰ্বসূৰী | বিজয় গোৱেল | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
উত্তৰসূৰী | কিৰেণ ৰিজিজু | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
লোকসভাৰ সাংসদ | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
পদাধিকাৰ | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
কাৰ্যভাৰ গ্ৰহণ ১৬ মে ২০১৪ | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
পূৰ্বসূৰী | লালচান্দ কাটাৰীয়া | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
সমষ্টি | জয়পুৰ গ্ৰাম্য লোকসভা সমষ্টি | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
সংখ্যা গৰিষ্ঠতা | ৩,৩২,৮৯৬ (৩২.৮৪%) | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ব্যক্তিগত তথ্য | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
জন্ম | ২৯ জানুৱাৰী, ১৯৭০ (৫৫ বছৰ) জাইছালমেৰ, ৰাজস্থান, ভাৰত | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
দাম্পত্যসঙ্গী | গায়ত্ৰী ৰাথোড় (বি. ১৯৯৭)[1] | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
সমন্ধ | কৰ্ণেল লক্ষ্মণ সিং ৰাথোড় (পিতৃ) | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
শিক্ষানুষ্ঠান |
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
সামৰিক সেৱা | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
আনুগত্য | ![]() | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
সেৱা/শাখা | ভাৰতীয় সেনা | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
চাকৰিৰ কাৰ্যকাল | 1990 - 2013 | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ৰেঙ্ক | কৰ্ণেল | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ইউনিট | নৱম গ্ৰেনাডিয়াৰছ | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
যুদ্ধ | কাৰ্গিল যুদ্ধ[2] | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
পুৰস্কাৰ | পদ্মশ্ৰী অতি বিশিষ্ট সেৱা মেডেল | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
|
ৰাজ্যৱৰ্ধন সিং ৰাথোড় (ইংৰাজী: Rajyavardhan Singh Rathore; জন্ম: ২৯ জানুৱাৰী ১৯৭০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু পূৰ্বৰ অলিম্পিয়ান। তেওঁ জয়পুৰ গ্ৰাম্য লোকসভা সমষ্টিৰ পৰা লোকসভাৰ সাংসদ। তেওঁ ২০১৯ চনৰ মে মাহৰলৈকে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী আছিল।[4]
তেওঁ এগৰাকী শ্বুটিং খেলুৱৈ আৰু বৰ্তমানলৈকে ডাবল ট্ৰেপ ইভেণ্টত ২৫ টা বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পদক অৰ্জন কৰিছে। তেওঁ ২০০৪ চনৰ এথেন্স অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল।[5][6]
ইয়াৰ আগতে তেওঁ ভাৰতীয় সেনাৰ দা গ্ৰেনাডিয়েৰ ৰেজিমেণ্টৰ এজন বিষয়া আছিল আৰু ২০১৩ চনত তেওঁ কৰ্ণেল হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। ভাৰতীয় সেনা আৰু শ্বুটিঙৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ ২০১৪ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হয়।
২০১৪ চনৰ নৱেম্বৰ মাহত তেওঁ তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ পদবী লাভ কৰিছিল।[7] ২০১৭ চনত তেওঁ ক্ৰীড়া আৰু যুৱ পৰিকল্পনা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰ পদবী লাভ কৰিছিল।[8]
তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২০০৪ চনত অৰ্জুন বঁটা, ২০০৫ চনত ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটা আৰু ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰিছিল।
১৯৭০ চনৰ ২৯ জানুৱাৰী তাৰিখে ৰাজস্থানৰ জাইছলমেৰত ৰাজ্যৱৰ্ধন সিং ৰাথোড়ৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কৰ্ণেল লক্ষ্মণ সিং ৰাথোড়। ১৯৯৭ চনত তেওঁ ভাৰতীয় সেনাৰ চিকিৎসক গায়ত্ৰী ৰাথোড়ৰ লগত বিবাহপাশত আৱদ্ধ হয়। তেওঁ ৰাষ্ট্ৰীয় ৰক্ষা একাডেমীৰ ৭৭ তম বেটছৰ ছাত্ৰ আছিল।[9] ৰাষ্ট্ৰীয় ৰক্ষা একাডেমীৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁ ভাৰতীয় মিলিটেৰী একাডেমীত নামভৰ্তি কৰে। ইয়াত তেওঁ বেষ্ট অল ৰাউণ্ডাৰ জেণ্টেলমেন কেডেট হিচাপে চৰ্ড অফ অনাৰ লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ শ্ৰেষ্ঠ খেলুৱৈৰ শিখ ৰেজিমেণ্টৰ সোণৰ পদক লাভ কৰিছিল।
১৯৯০ চনৰ ১৫ ডিচেম্বৰ তাৰিখে তেওঁ নৱম গ্ৰেনাডিয়াৰছ ৰেজিমেণ্টত যোগদান কৰে। ১৯৯২ চনৰ ১৫ ডিচেম্বৰত তেওঁ লেফ্টটেনেন্ট আৰু ১৯৯৫ চনত কেপ্তেইনলৈ পদোন্নতি লাভ কৰিছিল।[10][11] তেওঁ কাৰ্গিল যুদ্ধত অংশগ্ৰহণ কৰিছিল আৰু[2] ২০০০ চনৰ ১৫ ডিচেম্বৰত মেজৰলৈ পদোন্নতি লাভ কৰিছিল।[12] ২০০৪ চনৰ ১৬ ডিচেম্বৰত তেওঁ লেফ্টটেনেন্ট কৰ্ণেল[13] আৰু ২০০৯ চনৰ ১ মে তাৰিখে কৰ্ণেললৈ পদোন্নতি লাভ কৰিছিল।[14]
২০১৩ চনত তেওঁ কৰ্ণেল হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। ভাৰতীয় সেনা আৰু শ্বুটিঙৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ ২০১৪ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হয়।
২০১৪ চনৰ নৱেম্বৰ মাহত তেওঁ তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ পদবী লাভ কৰিছিল।[15] ২০১৭ চনত তেওঁ ক্ৰীড়া আৰু যুৱ পৰিকল্পনা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰ পদবী লাভ কৰিছিল।[16]
|