ৰাণী গাইডিনলিউ | |
---|---|
ৰাণী গাইডিনলিউৰ ডাক টিকট | |
জন্ম | ২৬ জানুৱাৰী, ১৯১৫ Nungkao, মণিপুৰ, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১৭ ফেব্ৰুৱাৰী, ১৯৯৩ (৭৮ বছৰ) Longkao, মণিপুৰ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
অন্য নাম | Gaidiliu |
পেচা | Zeliangrong Nagasসকলৰ আধ্যাত্মিক আৰু ৰাজনৈতিক নেতা |
জনা যায় | ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম |
ৰাণী গাইডিনলিউ (ইংৰাজী: Rani Gaidinliu) এগৰাকী ভাৰতীয় স্বাধীনতা অন্দোলনৰ সেনানী। উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী সমাজসংগঠক আৰু বিপ্লৱী নেত্ৰী। ৰাণী গাইডিনলিউয়ে ব্ৰিটিছৰ সাম্ৰাজ্যবাদ আৰু ধৰ্মান্তকৰণৰ বিৰুদ্ধে যুঁজ দি প্ৰবল আন্দোলন চলাইছিল।[1]
ৰাণী গাইডিনলিউৰ জন্ম হয় ১৯১৫ চনৰ ২৬ জানুৱাৰী তাৰিখে মণিপুৰৰ লংগাকৰ নামেৰে গাঁৱত। তেওঁৰ মাতৃৰ নাম আছিল কেৰথনলিউ আৰু পিতৃ লুথুৰাংগৰ।
ৰাণী গাইডিনলিউ সৰুৰে পৰা সৎ, নিষ্ঠাবান আৰু বহল চিন্তাধাৰাৰ আছিল। সেই সময়ৰ মণিপুৰৰ কাম্বিৰণ গাঁৱৰ বিপ্লৱী আৰু আধ্যাত্মিক নেতা হাইপউ যাদুনাংৰ কাম-কাজৰ প্ৰতি আকৰ্ষিত হৈ ৰাণী গাইডিনলিউ তেওঁৰ অনুগামী হৈ পৰে আৰু তেওঁৰ সংস্থাত যোগদান কৰে। হাইপউ যাদুনাং সেই সময়ৰ ব্ৰিটিছ শাসকসকলৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছিল। যাদুনাঙৰ সংস্থাৰ কাম-কাজে ব্ৰিটিছৰ সাম্ৰাজ্যবাদী আৰু ধৰ্মান্তকৰণৰ কাৰ্যসূচীত বাধাৰ সৃষ্টি কৰিছিল। ৰাণী গাইডিনলিউয়ে অতি কম সময়তে হাইপাউৰ সহযোগত এগৰাকী বিপ্লৱী নেতা আৰু সংস্থাটোৰ এজন মুখ্য প্ৰতিনিধিৰূপে স্বীকৃতি লাভ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া লোক সকলৰ মাজত এক ধৰ্মীয় আৰু আধ্যাত্মিক চেতনা জগাই তেওঁ খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হ’বলৈ লোৱা লোকসকলৰ মাজত নিজ নিজ ধৰ্মীয় বিশ্বাসক ধৰি ৰাখিবলৈ আন্দোলন চলাই নিছিল। হাইপউ যাদুনাং তথা ৰাণী গাইডিনলিউৰ কাম-কাজে ব্ৰিটিছ শাসকসকললৈ বাধাৰ সৃষ্টি কৰাত পৰিকল্পনা অনুসৰি এটা মিছা হত্যাৰ গোচৰ জাপি দি হাইপউ যাদুনাংক গ্ৰেপ্তাৰ কৰা হয়। ১৯৩১ চনৰ ২৯ আগষ্ট তাৰিখে ব্ৰিটিছ শাসকে হাইপউ যাদুনাংক ইম্ফলৰ কাৰাগাৰত মৃত্যুদণ্ডৰে দণ্ডিত কৰে।[2]
এই ঘটনাৰ পিছতে ৰাণী গাইডিনলিউয়ে ব্ৰিটিছৰ বিৰুদ্ধে অতি সবল আন্দোলন গঢ়ি তোলে। তেওঁ ব্ৰিটিছ যাজক সকলৰ প্ৰ্তিটো কাৰ্যতে বিৰোধিতা কৰি গৈছিল। ক্ৰ্মান্বয়ে ৰাণী গাইডিনলিউৰ নেতৃত্বত গঢ় লৈ উঠা আন্দোলনে প্ৰবল ৰূপ ধাৰণ কৰে আৰু ১৯৩২ চনত তেতিয়াৰ অসমৰ হাংকম গাঁৱত ব্ৰিটিছৰ বিৰুদ্ধে এখন যুদ্ধ সংঘটিত হয়। এই যুদ্ধৰ পিছতে ব্ৰিটিছসকলে ৰাণী গাইডিনলিউক ‘উত্তৰ-পূৱৰ সন্ত্ৰাসবাদী’ (Terror of North-East) বুলি ঘোষণা কৰে। তদুপৰি ৰাণী গাইডিনলিউক জীৱিত বা মৃত অৱস্থাত কৰায়ত্ত কৰাৰ বাবদ ৫০০ টকাৰ পুৰস্কাৰ ঘোষণা কৰে।[3]
১৯৩২ চনত তেওঁক ব্ৰিটিছ সকলে গ্ৰেপ্তাৰ কৰে আৰু ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰোধিতা কৰাৰ অভিযোগত যাৱজ্জীৱন কাৰাদণ্ড বিহে। তেওঁ কাৰাবন্দী হৈ থকা সময়তে ১৯৩৭ চনত পণ্ডিত জৱাহৰলাল নেহৰুৱে শ্বিলংৰ কাৰাগাৰত তেওঁক সাক্ষাৎ কৰে। গাইডিনলিউৰ দক্ষতা, স্বদেশপ্ৰেম, জাতীয়তাবাদৰ প্ৰশংসা কৰি নেহৰুৱে তেওঁক ‘ৰাণী’ উপাধি প্ৰদান কৰে।
১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰে আৰু ১৯৪৮ চনত ৰাণী গাইডিনলিউ কাৰামুক্ত হয়। ইয়াৰ পিছত তেওঁ বৰ্তমান নাগালেণ্ডৰ অন্তৰ্গত ইমৰূপ গাঁৱত থাকি জনজাতি লোকসকলৰ উন্নয়নৰ বাবে কাম কৰিবলৈ লয়। নগা আৰু মণিপুৰী পাহাৰীয়া জনজাতিৰ লোকসকলক আগবঢ়াই নিবলৈ প্ৰগতিবাদী ৰাণী গাইডিনলিউয়ে আজীৱন চেষ্টা চলাই গৈছিল। নগা সকলৰ থলুৱা জনবিশ্বাস ৰক্ষা কৰা এটা সংস্থা ‘হাৰ’কা’ৰ সহযোগত তেওঁ পাহাৰীয়া লোকসকলক স্বাৱলম্বী কৰি তুলিবলৈ বিভিন্ন প্ৰশিক্ষণ দিয়া কাৰ্যসূচী গ্ৰহণ কৰিছিল।[4]