ৰাত্ৰি

ৰাত্ৰি
ৰাতিৰ ব্যক্তিত্ব

ৰাত্ৰি হৈছে ৰাতিক প্ৰতিনিধিত্ব কৰা ব্যক্তিত্ব৷
ছবি: ৰাতিৰ আকাশ
সম্পৰ্ক দেৱী
সহোদৰ ঊষা (ভগ্নী)[1]
হিন্দু পাঠ্য বেদ

ৰাত্ৰি (সংস্কৃত: रात्रि, আক্ষৰিক অৰ্থ: 'ৰাতি', নিশা বুলিও কোৱা হয়), হিন্দু ধৰ্মৰ এগৰাকী বৈদিক দেৱী।[2] এই দেৱীক ৰাতিক প্ৰতিনিধিত্ব কৰা ব্যক্তিত্ব হিচাপে গণ্য কৰা হয়।[3] ৰাত্ৰিৰ বিষয়ে অধিকাংশ উল্লেখ ঋগবেদত পোৱা যায় আৰু তেওঁক পূৱাৰ দেৱী উষাৰ ভগ্নী বুলি বৰ্ণনা কৰা হৈছে। উষাৰ সৈতে মিলি তেওঁক এগৰাকী শক্তিশালী মাতৃ আৰু জীৱন শক্তিৰ শক্তিশালীকৰণকাৰী বুলি কোৱা হয়। তেওঁ মহাবিশ্বৰ চক্ৰীয় ছন্দময় আৰ্হিক প্ৰতিনিধিত্ব কৰে। তেওঁৰ শাৰীৰিক ৰূপৰ বিষয়ে স্পষ্টকৈ উল্লেখ কৰা হোৱা নাই যদিও তেওঁক এগৰাকী সুন্দৰী কুমাৰী বুলি বৰ্ণনা কৰা হৈছে।[4]

ঋগবেদত এটা স্তৱক আৰু অথৰ্ববেদত পাঁচটা স্তৱক তেওঁৰ নামত উৎসৰ্গা কৰা হৈছে। বেদসমূহৰ পিছৰ তান্ত্ৰিক গ্ৰন্থসমূহত তেওঁ গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। ঋগবেদত ঊষা, ইন্দ্ৰ, ঋত, সত্যৰ লগত জড়িত, আনহাতে অথৰ্ববেদত সূৰ্য্যৰ লগত জড়িত। ব্ৰাহ্মণ আৰু সূত্ৰ সাহিত্যত প্ৰায়ে ৰাত্ৰিৰ কথা উল্লেখ আছে।[5] ৰাত্ৰি দেৱীক[6] আদিত্যৰ ভগ্নী আৰু সাবিত্ৰী আৰু সূৰ্য্য দেৱতাৰ সৈতে ঘনিষ্ঠভাৱে ঘূৰি ফুৰা এগৰাকী হিচাপে তেওঁক বিভিন্ন ধৰণে উল্লেখ কৰা হৈছে। বৰুণ (আকাশ, পানী) আৰু অগ্নি (জুই)ৰ সৈতেও তেওঁৰ সম্পৰ্ক আছে।[7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Dictionary of Gods and Goddesses. Infobase. 14 May 2014. ISBN 9781438109855. https://books.google.com/books?id=aqDC5bwx4_wC&dq=ratri+goddess&pg=PA264. 
  2. www.wisdomlib.org (2016-04-12). "Ratri, Rātrī, Rātri: 19 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/ratri। আহৰণ কৰা হৈছে: 2022-11-13. 
  3. Jordan, Michael (2014-05-14) (en ভাষাত). Dictionary of Gods and Goddesses. Infobase Publishing. পৃষ্ঠা. 264. ISBN 978-1-4381-0985-5. https://books.google.com/books?id=aqDC5bwx4_wC&dq=ratri+goddess&pg=PA264. 
  4. Kinsley, David (2005). Hindu Goddesses: Visions of the Divine Feminine in the Hindu Religious Tradition. Motilal Banarsidass. পৃষ্ঠা. 14. ISBN 81-208-0394-9. 
  5. Mishra (1994). Pandit N.R. Bhatt, Felicitation Volume Iib: Philosophy Series. Motilal Banarsidass Publishers. পৃষ্ঠা. 39–49. ISBN 9788120811836. 
  6. David Kinsley (1988). Hindu Goddesses: Visions of the Divine Feminine in the Hindu Religious Tradition. University of California Press. পৃষ্ঠা. 14. ISBN 978-0-520-90883-3. https://archive.org/details/hindugoddessesvi0000kins. 
  7. George M. Williams (2008). Handbook of Hindu Mythology. Oxford University Press. পৃষ্ঠা. 287–288. ISBN 978-0-19-533261-2. https://books.google.com/books?id=N7LOZfwCDpEC.